অসম লাইভ ২৪ঃ এগৰাকী ব্যক্তি আকাশত উৰিছে৷ ৩৩ হাজাৰ ফুট উচ্চতাত আঢ়ৈ ঘণ্টা ধৰি উৰণ ব্যক্তিগৰাকীৰ৷ বিমানেৰে গ্ব্যটেমালাৰ পৰা মিয়ামীলৈ আছিল এই যাত্ৰা৷ কিন্তু বিমানৰ ভিতৰত নহয়, লেণ্ডিং গিয়েৰৰ কাষত বহি ‘মৃত্যুমুখী যাত্ৰা’ ব্যক্তিগৰাকীৰ৷ আঢ়ৈ ঘণ্টা ধৰি এনেদৰে আকাশত উৰিলে আমেৰিকাৰ এগৰাকী বিমান যাত্ৰীয়ে৷ ৩৩ হাজাৰ ফুট উচ্চতাত লেণ্ডিং গিয়েৰৰ কাষত বহি আঢ়ৈ ঘণ্টাৰ যাত্ৰা সম্পূৰ্ণ কৰিলে যাত্ৰীগৰাকীয়ে৷ গ্ব্যটেমালাৰ পৰা মিয়ামীলৈ আছিল এই যাত্ৰা৷ বিমানখন লেণ্ডিঙৰ সময়ত মিয়ামী বিমানবন্দৰত আটক কৰা হয় যাত্ৰীগৰাকীক৷ যাত্ৰীগৰাকীৰ বয়স ২৬ বছৰ৷ সম্প্ৰতি সম্পূৰ্ণ সুস্থ ব্যক্তিগৰাকী৷ বিমানখন লেণ্ডিঙৰ পাছতে ব্যক্তিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ