অসম লাইভ ২৪ঃ বিটকইনক ডিজিটেল মুদ্ৰাৰ মান্যতা নিদিয়ে ভাৰতে৷ ভাৰতে নিজাকৈ তৈয়াৰ কৰিব ডিজিটেল কাৰেন্সী৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদৰী কৰে এই কথা৷ সংসদৰ শীতকালীন অধিবেশনত উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত এই কথা সদৰী কৰে বিত্তমন্ত্ৰী গৰাকীয়ে৷ Cryptocurrency and Regulation of Official Digital Currency Bill 2021 উত্থাপন কৰিব নিৰ্মলা সীতাৰমনে৷ ইয়াৰ আধাৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে তৈয়াৰ কৰিব নিজা ডিজিটেল কাৰেন্সী৷ উল্লেখ্য, আজিৰে পৰা আৰম্ভ হয় সংসদৰ শীতকালীন অধিবেশন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ