অসম লাইভ ২৪ঃ কোভিডৰ নতুন ভেৰিয়েণ্ট ‘অমিক্ৰণে’ বিশ্বব্যাপী সতৰ্কতা প্ৰেৰণ কৰিছে৷ পুনৰ ভয়াৱহ পৰিৱেশৰ দিশে আগবাঢ়িছে বিশ্ব৷ দক্ষিণ আফ্ৰিকাত চিনাক্ত এই ভেৰিয়েণ্ট ইতিমধ্যে সংক্ৰমিত হৈছে৷ তীব্ৰগতিত সংক্ৰমিত ‘অমিক্ৰণ’ ইতিমধ্যে বিশ্বৰ ১৫খন দেশত সংক্ৰমিত হৈছে৷ ‘অমিক্ৰণ’ সংক্ৰমিত দেশসমূহ হৈছে- দক্ষিণ আফ্ৰিকা, বটছৱানা, বেলজিয়াম, ইজৰাইল, জামাৰ্নী, অষ্ট্ৰিয়া, অষ্ট্ৰেলিয়া, ইটালী, কানাডা, ফ্ৰান্স, ডেনমাৰ্ক, চেক ৰিপাব্লিক, নেডাৰলেণ্ড, ইংলেণ্ড আৰু হংকং৷ প্ৰাথমিক বিশ্লেষণ অনুসৰি কোভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ ৬ গুণ অধিক সংক্ৰমণযোগ্য এই ‘অমিক্ৰণ’ ভেৰিয়েণ্ট৷ ভাৰতে ইতিমধ্যে কোভিডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, পূৰ্বৰ সকলো ভেৰিয়েণ্টৰ তুলনাত অমিক্ৰণ অধিক সংক্ৰামক আৰু মাৰাত্মক৷ ভেকচিন গ্ৰহণ কৰা ব্যক্তিৰ শৰীৰতো সংক্ৰমিত হৈছে এই ভাইৰাছ৷ বিশ্ব স্বাস্থ্য সংস্থাই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে বিশ্ববাসীলৈ৷ এইমছৰ মুৰব্বী ৰণদ্বীপ গুলেৰিয়াইয়ো অমিক্ৰণ সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰিছে৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















