অসম লাইভ ২৪ঃ অমিক্ৰণৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ৷ দেশসমূহক অধিক ভেকচিন মজুত কৰিবলৈ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ৷ অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন গ্ৰহণ কৰাটো অতি জৰুৰী৷
বৃহস্পতিবাৰে এই কথা সদৰী কৰি দেশসমূহক অধিক ভেকচিন মজুত কৰিবলৈ আহ্বান জনায় বিশ্ব স্বাস্থ্য সংস্থাই৷ কোভিড ভেকচিনৰ তুলনাত ভেকচিনৰ বুষ্টাৰ ড’জে অধিক সহায় কৰিব অমিক্ৰণৰ সংক্ৰমণ ৰোধত৷ বুষ্টাৰ ড’জৰ পৰিৱৰ্তে সদ্যহতে দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিশ্ববাসীক৷
লগতে ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠানসমূহকো উৎপাদন দ্ৰুত কৰিবলৈ আহ্বান৷ শীঘ্ৰেই ভাৰততো কোভিডৰ তৃতীয় ঢৌ অহাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষেধক মুৰব্বী Kate O’Brien ৰ মতে, ফাইজাৰৰ ৩ ড’জৰ কোভিড ভেকচিন অধিক কাৰ্যকৰী অমিক্ৰণৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ