• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কোভিড হৈ পৰিছে এক দীর্ঘম‍্যাদী ধন লুটাৰ আঁচনি’

‘কোভিড হৈ পৰিছে এক দীর্ঘম‍্যাদী ধন লুটাৰ আঁচনি’

6 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

2 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

2 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

3 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

3 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

3 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

4 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

4 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

5 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

5 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

6 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

6 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

‘কোভিড হৈ পৰিছে এক দীর্ঘম‍্যাদী ধন লুটাৰ আঁচনি’

ৰাজ‍্যত নৱজাতকৰ মৃত‍্যুৰ হাৰ সন্দর্ভত চাঞ্চল‍্যকৰ অভিযোগ৷

editor by editor
July 19, 2020
in লেখা
0
‘কোভিড হৈ পৰিছে এক দীর্ঘম‍্যাদী ধন লুটাৰ আঁচনি’
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ‍্যমন্ত্ৰীলৈ APWৰ মুকলি চিঠি

মহাশয়,  সন্মানসহকাৰে আপোনাক জনাওঁ যে ৰাজ্যত কোভিডৰ নামত একাংশ ঠিকাদাৰে বিভিন্ন বিভাগত চলাই থকা মুকলি লুণ্ঠনৰ বিষয়টো দৃষ্টিগোচৰ কৰি ইয়াৰ পূৰ্বেও এখন মুকলি চিঠি আমি আপোনালৈ লিখিছিলো। আপোনাৰ তৰফৰ পৰা এই বিষয়ত কোনো সুদুত্তৰ নাপায় আজি এইখন দ্বিতীয় চিঠি আপোনালৈ লিখিবলৈ ওলাইছো।

মহাশয়,  পোনপ্ৰথমে আমি আপোনাক জনাওঁ যে চৰকাৰৰ তৰফৰ পৰা ইমানবোৰ ব্যৱস্হা লোৱাৰ পাছতো ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যতকৈ বেছি।  ইয়াৰ আঁৰত আছে দুই নম্বৰী ঔষধৰ  ৰমৰমীয়া ব্যৱসায় চলোৱা এজন ঔষধ মাফিয়া।  এই মাফিয়াজনৰ সৈতে ৰাজ্যৰ স্বাস্হ্য বিভাগৰ বৰমুৰীয়াসকলৰ সনাপিতিকাৰ বাবেই যাৱতীয় সকলো ব্যৱস্হা গ্ৰহণ কৰাৰ পাছতো নৱজাতকৰ মৃত্যুৰ হাৰ কমোৱাত আপোনাৰ চৰকাৰ বাৰে বাৰে বিফল হৈছে। এই বিষয়ে আজি কিছুদিন আগেয়ে অসমীয়া প্ৰতিদিন কাকতৰ পৰিপুৰিকা সাদিনত এক বিস্তৃত্ব প্ৰতিবেদন প্রকাশ পাইছে। ইয়াৰ উপৰিও দেওৰা উপাধিৰ এজন একেই মানৱতাহীন মাফিয়াই যোগান ধৰা বেক্টেৰিয়া লাগি থকা প্ৰসূতি ডেলিভাৰী কীটৰ প্ৰভাৱ নৱজাতকৰ মৃত্যুৰ সৈতে জড়িত আছে বুলি অভিযোগ আছে। এইটো এটা এনেকুৱা ঠিকাদাৰৰ দল যাৰ লুণ্ঠন বিগত কংগ্রেছৰ আমোলতো সেই একেই মাত্ৰাত চলিছিল, যি মাত্ৰাত আপোনাৰ দিনতো চলি আছে, তথা ইয়াৰ আঁৰত আপোনাৰ চৰকাৰক শলঠেকত পেলোৱাৰ এক ষড়যন্ত্ৰও লুকাই আছে।

মহাশয়,  জনৈক “ধানুকা” উপাধিৰ একেজন মাফিয়াৰ ছত্রছায়াত কেইজনমান মানৱতাহীন এটি মাফিয়াৰ দলে বিভাগীয় মন্ত্ৰীৰ অগোচৰে কোভিডৰ মোকাবিলাৰ বিভিন্ন ঠিকা-ঠাকুলিৰ এক বৃহৎ ছিণ্ডিকেট গঢ়ি তুলিছে।  এই ছিণ্ডিকেটত বিভাগীয় বৰমুৰীয়াসকল এনেভাৱে জড়িত হৈ পৰিছে যে কোভিডৰ নামত অসমখনকেই যেন দুভাগ কৰি পেলাইছে।  এভাগত আছে কোভিডৰ আতংকত আতংকিত ৰাইজ আৰু আন ভাগত আছে মুষ্টিমেয় এন এইচ এমৰ বিষয়া আৰু সেই ড্ৰাগ মাফিয়াকেইজনৰ ছিণ্ডিকেট।  এই ছিণ্ডিকেটৰ বাবে  কোভিড এক উৎসৱ আৰু কোভিডৰ বিভিন্ন ঠিকা উক্ত মাফিয়াকেইজনক যিকোনো প্রকাৰে আদায় দিয়াটো দুই পক্ষৰ ধন ঘটাৰ আহিলা।

মহাশয়,  এয়া এক কোটি দুই কোটি টকাৰ কাৰবাৰ নহয়!  উক্ত ঠিকাদাৰকেইজনৰ বাবে কোভিড হৈ পৰিছে এক দীর্ঘম‍্যাদী ধন লুটাৰ আঁচনি।  কোভিডে আমাৰ দৰে খাটিখোৱা জনতাক যিমানেই দুৰ্ভোগ ভোগাইছে সিমানেই উক্ত মাফিয়াজনৰ বাবে কোভিড বাৰেৰহণীয়া উৎসৱ হৈ পৰিছে।  অৱশ্য এনে নহয় যে অকল সেইজন মাফিয়াৰ বাবেই কোভিড উৎসৱ হৈ পৰিছে।  একেটা দলৰে আশিসধন্য কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ বাবেও কোভিড এক উৎসৱত পৰিণত হৈছে।  প্রতিজন এনে মাফিয়াৰ প্রতিটো তথ্য এজন এজনকৈ আমি ফাদিল কৰিম।  যদি এনে তেজপিয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্হা লবলৈ আপুনি অপাৰগ তেন্তে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সকলো তথ্য প্রদান কৰিবলৈ বাধ্য হম।

মহাশয়,  আমি শূন‍্যত গদা ঘূৰাই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ দৌৰত নাই। মাত্র দুখনমান এনে ফার্মৰ নাম অতীত আৰু বর্তমানৰ কাম-কাজৰ এক বিশ্লেষণ এক নির্ভৰযোগ্য সংস্হাৰ হতুৱাই কৰালে বহু কথা পোহৰলৈ আহিব!

মহাশয়,  আপুনি তদন্ত কৰক,  পি পি ই কীট, ট্রিপল লেয়াৰ এন ৯৫ মাক্সকে ধৰি ছটা আইটেমৰ প্ৰায় এসত্তৰ কোটিটকীয়া ঠিকাত দুশ পচাঁনব্বৈটা পাৰ্টিয়ে অংশ ল’লে যত মফটলাল, এপল’ ইণ্টাৰনে্শ্যনেলৰ দৰে আন্তঃৰাষ্ট্ৰীয় পার্টিয়ে অংশ লোৱাৰ পাছতো চিভিচি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি কাক ৱর্ক অর্ডাৰ দিয়া হ’ল সেয়া অনলাইন আপলোড নকৰিলে, যাৰ বাবে সাধাৰণ জনতাই গমেই নাপালে কাম কাক দিয়া হ’ল,  যিটোত ৰাজহুৱা ক্ৰয় প্রক্রিয়াৰ কেগৰ নিয়ম দেখ দেখকৈ অমান্য কৰা হৈছে।  কিয়?  কোন ঠিকাদাৰৰ বাবে?

মহাশয়,  মেলাথিন ৫০% ঘনত্বৰ যোগানৰ নিবিদাত কি কি অনিয়ম হৈছে এবাৰ তদন্ত কৰক।  উক্ত ৰাসায়নিক পদাৰ্থ বিধ ৫০ % ঘনত্ব আৰু ৯৫% শতাংশ বিশুদ্ধতাত ক’ত উৎপন্ন হয় তদন্ত কৰাওক।  লগতে এইবিধ সামগ্রীৰ ঠিকা কাক দিয়া হ’ল, কি প্রক্রিয়াৰ  দ্বাৰা  দিয়া হ’ল, তদন্ত কৰিলেই সকলো ওলাব।  লগতে এইটোও তদন্ত কৰক,  এই নিবিদাৰ ৱর্ক অর্ডাৰৰ কপি আজিলৈ কিয় অনলাইনত উপলব্ধ নহ’ল,  যিটো চি ভি চি গাইডলাইনৰ লগতে জি এফ আৰ গাইডলাইনৰ দেখ দেখকৈ অৱমাননা হৈছে।

মহাশয়,  এই প্ৰায় দুই কোটি উনত্রিশ লাখৰ ১০% ছডিয়াম হাইপক্লৰাইড চলুশ্যন আৰু মেলাথিয়ন ৫০ – ৫৫% ঘনত্ব যোগানৰ নিবিদা আহ্বান কৰা হৈছে, য’ত এই সমীকৰণৰ ঔষধৰ বিতৰণ পৃথিৱী বহু দেশত বাধা প্ৰদান কৰি থোৱা হৈছে ( দিল্লী,  মধ্যপ্ৰদেশকে ধৰি) , এই নিবিদাত চক্রান্তমূলক চর্ত আৰোপ কৰিয়েই অন্য পার্টিক নিবিদাত অংশ গ্রহণৰ পৰা বিৰত ৰাখি সেই একেটা ড্ৰাগ মাফিয়াক ৰঙা দলিছা পাৰি দিয়া হৈছে । আমাৰ সন্দেহ এই প্রক্রিয়াটোতো জালিয়াতি আছে।  লগতে আমি ইয়াকো কওঁ এই সম্পর্কত বিভাগীয় স্পষ্টীকৰণ দিলেই আপোনাক ৰাজহুৱাকৈ এই কাৰচাজিত জড়িত এনএইচএমৰ বিষয়ববীয়াৰ নাম পৰৱর্তী সময়ত জনাই দিম। বজৰং , আগাম,  প্ৰগ্ৰেছিভ  আৰু ঘনশ্যাম নামৰ এই ফার্মবোৰে এইবোৰ নিবিদাত কি  ভূমিকা লৈছে,  বিভাগে এখনৰ পাছত আনখন কৰিগেণ্ডাম কিয় জাৰী কৰিবলগীয়া হ’ল,  সেয়া তদন্ত কৰক মুখ্যমন্ত্ৰী মহোদয়।

মহাশয়,  Essential Drugs,  consumables,  hand rubs আদি যোগানৰ প্ৰায় বিশ কোটি সাতানব্বৈ লাখৰ নিবিদাত একেজন মানুহৰ দুখন ফার্মে ভাগ লৈ কেনেকৈ নিজেই নিজৰ প্ৰতিযোগী হ’ব পাৰে, যিটো চিভিচি গাইডলাইনৰ প্ৰত্যক্ষ পৰিপন্হী,  তাকো ৰাজহুৱা কৰা দৰকাৰ । তাতোকৈ ডাঙৰ কথা, এই নিবিদা আহ্বান কৰোতেই চর্তাৱলীৰ ক্ষেত্রত ওপৰত উল্লেখ কৰা ড্রাগ মাফিয়াজনৰ পক্ষত সম্ভৱ হোৱাকৈ সকলো ব্যৱস্হা কৰা হৈছে, বিভাগীয় বিষয়ববীয়াৰ সনাপিতিকা অবিহনে এয়া অসম্ভৱ । প্রয়োজন হ’লে আপোনাক এই সম্পৰ্কে বিশদভাৱে তথ্য প্রমাণসহ বুজাই দিম জালিয়াতি কেনেকৈ ক’ত কোনে কৰিছে।  সকলো তথ্য আমাৰ হাতত মজুত আছে।

মহাশয়, আটাইতকৈ ডাঙৰ কথা,  এইসমূহ ৱর্ক অর্ডাৰ বিভাগীয় ৱেবচাইটত আৰু অসম চৰকাৰৰ ই টেণ্ডাৰিং পৰ্টেলত আজিলৈ কিয় আপলোড নহ’ল সেয়া ডাঙৰ প্ৰশ্নবোধক।  বিভাগীয় মন্ত্রীক অন্ধকাৰত ৰাখি বৰমুৰীয়া আৰু ঠিকাদাৰৰ হাতোৰাত এইবোৰ চলি আছে।  এইবোৰৰ আঁৰত আনকি কোভিড দীর্ঘম‍্যাদী হ’লে দীর্ঘম‍্যাদী ঠিকাৰ অংক জড়িত আছে। লগতে যদি এতিয়ালৈ ওপৰত উল্লেখ কৰা সামগ্ৰীবোৰৰ ৱর্ক অর্ডাৰ দিয়া হোৱাই নাই তেন্তে বর্তমান ৰোগীৰ চিকিৎসাত বা অন‍্যান্য কামত এইসমূহ সামগ্রী যে ব্যৱহাৰ হৈ আছে সেইবোৰ কোনে যোগান ধৰি আছে? নে ইয়াৰ আঁৰত বেক ডেটেড অর্ডাৰ ইছ্যু কৰাৰ ষড়যন্ত্ৰ চলিছে আমি আপোনাক সুধিছোঁ মহোদয়।

মহাশয়,  লাখ লাখ মানুহক অন্ধকাৰত ৰাখি এনেকৈ কোনো ধানুকা, কি কি,  জৈন, দেওৰা, যাযোদিয়া , বাৰ্মা, কংগ্রেছৰ দিনৰ জনসংযোগ কেলেংকাৰীৰ নায়ক বৰা, এজন বহুবিতর্কিত এ চি এছ  বিষয়াৰ পত্নী , জি আৰ দি,  ঘনশ্যাম আদিৰ বাবে বিধে বিধে কোটি কোটি টকাৰ দুই নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱা অংকক আমি গৰিহণা দিছোঁ৷ লগতে ইনকাম টেক্ ত সকাহ পোৱাৰ অংকত কোটি কোটি টকা আৰোগ্য নিধিত দান দি  বিভাগীয় ঠিকা-ঠাকুলিত ছিণ্ডিকেট চলাই কোভিডৰ ৰণ জিকিবলৈ বা জীয়াই ৰাখিবলৈ চলি থকা ষড়যন্ত্ৰক আমি গৰিহণা দিছোঁ, লগতে উচ্চপর্যায়ৰ তদন্তৰ দাবী জনাইছোঁ। এইক্ষেত্রত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আদায় দিয়া প্ৰায় ৬৩০ কোটি টকা আৰু ভৱিষ্যতে দিবলগীয়া তেনে বিয়াগোম ৰাশিক লৈ সর্বসাধাৰণৰ মূৰৰ ওপৰেদি যোৱা কোভিডৰ এক ভয়ানক অংকও সকলো খেলিমেলিৰ আঁৰত কেলেংকাৰীৰ কাৰক হৈ আছে।

মহোদয়,  আপুনি আনৰ ভৰি চুই সেৱা কৰাটোকে অন্য অৰ্থত প্রকাশৰ উদ্দেশ্যে আগৰ এজন মুখ্যমন্ত্ৰীৰ লগত লগ লাগি হৰ্ডিং বনোৱাৰ অংক কৰি তথা আগৰ চৰকাৰৰ দিনত জনসংযোগৰ বিয়াগোম কেলেংকাৰীত জড়িত জনৈক ৰাজীৱৰ নিচিনা এজন দাগী মানুহক আপোনাৰ আমোলত এনএইচএমত ৰঙা দলিচা পাৰি দিয়াৰ আঁৰত কি আছে? খাদ্য, টেণ্টৰ যোগানত জড়িত এজন ব্যৱসায়ী কি কি কেলেংকাৰীত কেনেকৈ জড়িত হৈ কিমান লুণ্ঠন চলাইছিল আৰু আপোনাৰ দিনতো কেনেকৈ ক’ত ক’ত কি কি কৰি আছে সেই “কি কি” ৰ বিশদ তথ্য আপুনি বিচাৰিলেই আমি দিবলৈ সাজু হৈ আছোঁ।  আপুনি মাথোঁ কথাবোৰ গুৰুত্ব দিয়ক।

মহাশয়,  কোভিডৰ আঁৰৰ অনিয়ম সংক্ৰান্তত  এইখন আপোনালৈ আমাৰ দ্বিতীয় চিঠি।  ইয়াৰ পাছতো আমি আমাৰ সামর্থৰে যুঁজ চলাই যাম। আশা কৰোঁ তাৰ আগতেই আপোনাৰ পৰা আমি বিচৰা সুদুত্তৰ লাভ কৰিম।

 

বিনীত

আভিজিৎ শৰ্মা,  সভাপতি

ধ্ৰুৱজ‍্যোতি তালুকদাৰ,  সাধাৰণ সম্পাদক

এপিডব্লিউ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abjhjit sarmaapwcm assamcm lettercovid 19NHM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
চেৰাশালিত সদ্যোজাত শিশুৰ কান্দোন

চেৰাশালিত সদ্যোজাত শিশুৰ কান্দোন

দুৱাৰ খোলাৰ গান

দুৱাৰ খোলাৰ গান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.