• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ মাৰ্কেট কি?

শ্বেয়াৰ মাৰ্কেট কি?

5 years ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

14 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

44 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

1 hour ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

4 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

5 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

8 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

শ্বেয়াৰ মাৰ্কেট কি?

editor by editor
January 24, 2022
in অসম, গুৱাহাটী, নিয়োগ, বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
শ্বেয়াৰ মাৰ্কেট কি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বেয়াৰ মাৰ্কেট কি?

শ্বেয়াৰ মাৰ্কেট হৈছে বিশ্ব অৰ্থনীতিৰ মেৰুদণ্ড। গতিকে ইয়াৰ প্ৰভাৱ আৰু গুৰুত্ব সহজে অনুমেয়। কিন্তু আমি আজি ভাৰতীয় শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে দুই এটা মৌলিক কথাহে আলোচনা কৰিম। কিয়নো সাম্প্ৰতিক সময়ত শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বহু লোকে জানিব বিচাৰে।

শ্বেয়াৰ মাৰ্কেট কি বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰত ক’ব পাৰি যে ইয়াত বা এই বজাৰখনত ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ বা বৃহৎ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ বা ‘অংশ’ কিনা-বেচা কৰা হয়। যিকোনো মানুহে ডিমেট একাউণ্ট খুলি শ্বেয়াৰ বজাৰত সম্পূৰ্ণ স্বাধীনভাৱে ব্যৱসায় কৰিব পাৰে। বৰ্তমান সময়ত শ্বেয়াৰ মাৰ্কেটত ব্যৱসায় কৰাটো অতি নিৰাপদ, সুবিধাজনক আৰু অধিক লাভদায়ক। যুৱ প্ৰজন্মই যদি ইয়াক কেৰিয়াৰ হিচাপে ল’ব বিচাৰে তেন্তে নিজৰ লগতে পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট টনকিয়াল হ’ব। এই ব্যৱসায়টো শিকি বুজি ল’লে ১০ হাজাৰ টকা বিনিয়োগ কৰি দৈনিক ৫০০ (পাঁচশ) টকা উপাৰ্জন কৰাটো তেনেই সহজ আৰু কম সময়ৰ কাম। কিন্তু তাৰ বাবে ধৈৰ্যসহ ভালদৰে শ্বেয়াৰ মাৰ্কেটৰ নীতি-নিয়মসমূহ শিকি ল’ব লাগিব। ইয়াৰ বিষয়ে পৰৱৰ্তী সময়ত বিতংকৈ আলোচনা কৰা হ’ব।

শ্বেয়াৰ মাৰ্কেট নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে ১৯৮৮ চনত ছেবি (Securities and Exchange Board of India) SEBI গঠন কৰে। এই অনুষ্ঠানটোৰ ওপৰত ন্যস্ত কৰা হৈছে শ্বেয়াৰ মাৰ্কেটৰ সকলো দিশ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাৰ সমস্ত দায়িত্ব। অৰ্থাৎ ছেবিৰ নীতি-নিয়ম অনুসৰি আমাৰ দেশৰ শ্বেয়াৰ মাৰ্কেট চলি আছে।

এই ছেবিৰ অধীনত থাকে ষ্টক এক্সেঞ্জসমূহ। ষ্টক এক্সেঞ্জক শ্বেয়াৰ বিনিময় কেন্দ্ৰ বুলিও ক’ব পাৰি। অৱশ্য পৃথিৱীৰ সকলো ভাষাত ইয়াক ষ্টক এক্সেঞ্জ বুলিয়ে কোৱা হয়। এই ষ্টক এক্সেঞ্জসমূহ হৈছে শ্বেয়াৰ মাৰ্কেটৰ মূল কেন্দ্ৰ বা মূল বজাৰ। ষ্টক এক্সেঞ্জত শ্বেয়াৰ কিনিবও পাৰি বেচিবও পাৰি। কিনা-বেচা প্ৰক্ৰিয়াটো পৰৱৰ্তী লেখাত আলোচনা কৰা হ’ব।

আমাৰ দেশত বহুকেইটা ষ্টক এক্সেঞ্জ আছে। ইয়াৰ ভিতৰত এন এছ ই (নেচনেল ষ্টক এক্সেঞ্জ), বি এছ ই (ব’ম্বে ষ্টক এক্সেঞ্জ) আৰু এম চি এক্স (মাল্টি ক’মোডিটি এক্সেঞ্জ) উল্লেখযোগ্য। ইয়াৰ উপৰি আৰু বহুকেইটা ষ্টক এক্সেঞ্জ আছে।

শেষত শ্বেয়াৰ কিনা-বেচাৰ সাধাৰণ উদাহৰণ এটা উল্লেখ কৰিব বিচাৰিছোঁ। আজি অ’এন জি চি (ONGC) ৰ এটা শ্বেয়াৰৰ দাম ১৬৬/- টকা। গতিকে এই দামত অ’এন জি চিৰ এটা শ্বেয়াৰ কিনি আমি যদি ১৭০/- টকাত বিক্ৰী কৰো, তেন্তে আমাৰ ৪/- টকা লাভ হ’ব। এশটা শ্বেয়াৰ থাকিলে চাৰিশ টকা লাভ হ’ব। বৰ্তমান সময়ত অ’এন জি চি ৰ এটা শ্বেয়াৰৰ দাম ২০০/- টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। এটা শ্বেয়াৰৰ দাম এদিনত ১৫% পৰ্যন্ত বঢ়া-টুটা হ’ব পাৰে। এই দিনটো শিকিবলগীয়া বিষয়। শিকাৰ পাছত এদিনত ৫-১০% লাভ পোৱাটো বৰ টান কাম নহয়। পৰৱৰ্তী লেখাত এই দিশসমূহ আলোচনা কৰা হ’ব।

মানৱেন্দ্ৰ কুমাৰ দাস

(দাস এগৰাকী জ্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24share market
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

July 28, 2026
Next Post
কোভিড শংকা! অমিক্ৰণৰ নতুন ষ্ট্ৰেইন চিনাক্ত, ভাৰততো BA.2ৰ দ্ৰুত সংক্ৰমণ  

কোভিড শংকা! অমিক্ৰণৰ নতুন ষ্ট্ৰেইন চিনাক্ত, ভাৰততো BA.2ৰ দ্ৰুত সংক্ৰমণ  

উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?

উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.