অসম লাইভ ২৪ঃ কৰোনাৰ প্ৰকোপৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰিলেও নিৰ্বাচনী যুঁজ তুংগত উঠিছে উত্তৰ প্ৰদেশত৷
যোৱা শনিবাৰে নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা, ৰেলী আদিৰ নিষিদ্ধকৰণ ৩১ জানুৱাৰীলৈকে বৃদ্ধি কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আৰু এই ক্ষেত্ৰত শাসকীয় বিজেপি দলে অন্য ৰাজনৈতিক দলসমূহতকৈ যথেষ্ট আগবাঢ়ি আছে৷
এই ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহৰ মাজৰ বাক যুদ্ধই চূ়ড়ান্ত ৰূপ পাইছে৷ ইফালে ৰাজনৈতিক সমীক্ষাসমূহৰ জৰিয়তে বিজেপিয়ে উত্তৰ প্ৰদেশৰ ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰাৰ অতি গুৰুতৰ অভিযোগ কৰিছে প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিয়ে৷
অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টিয়ে এই অভিযোগ উত্থাপনেৰে ইতিমধ্যে নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে৷
দলটোৱে পত্ৰখনত উল্লেখ কৰিছে যে ৰাজনৈতিক সমীক্ষাৰ দ্বাৰা কিছুসংখ্যক নিউজ চেনেল আৰু ডিজিটেল মাধ্যমসমূহে ভোটাৰক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নিৰ্বাচনী বিধি উলংঘা কৰি আহিছে৷
অখিলেশৰ দলটোৱে এই অভিযোগ কৰি অতি শীঘ্ৰেই সংবাদ চেনেল আৰু ডিজিটেল মাধ্যমসমূহে প্ৰকাশ কৰি থকা ৰাজনৈতিক সমীক্ষাসমূহ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগ দাবী জনাইছে৷
দেওবাৰে সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ৰাজেন্দ্ৰ চৌধুৰীয়ে কয় যে এই সমগ্ৰ বিষয়সমূহ সাঙুৰি দলটোৰ উত্তৰ প্ৰদেশৰ অধ্যক্ষ নৰেশ পাটিলে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত লগতে কোৱা হৈছে যে সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ ৭ মাৰ্চৰ অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত নোহাৱা পৰ্যন্ত নিৰ্বাচন আয়োগে এই ৰাজনৈতিক সমীক্ষাসমূহ নিষিদ্ধ কৰিব লাগে৷
‘‘কিছুমান নিউজ চেনেল আৰু ডিজিটেল মাধ্যমে ৰাজনৈতিক সমীক্ষাসমূহ প্ৰকাশ কৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে৷’’ মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়৷
ইফালে সমাজবাদী পাৰ্টিৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিয়ে কয় যে অখিলেশ সিং যাদৱ আৰু তেওঁৰ পাৰ্টিয়ে নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়তে কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে৷
‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তাত শংকিত হৈছে অখিলেশ সিং যাদৱে৷’’ বিজেপিৰ উত্তৰ প্ৰদেশৰ মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীয়ে সমাজবাদী পাৰ্টিক আক্ৰমণ কৰি এইদৰে কয়৷
উল্লেখ্য যে ৪০৩ খন বিধানসভা আসনবিশিষ্ট উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰপৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব৷
দেশৰ লগতে উত্তৰ প্ৰদেশতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা, ৰেলী, বাইক ৰেলী, বাহন ৰেলী আদি অহা ৩১ জানুৱাৰীলৈকে নিষিদ্ধ কৰিছে৷ আয়োগে ৰাজহুৱা নিৰ্বাচনী সভা, ৰেলী আদি নিষিদ্ধ কৰাৰ বাবে ৰাজ্যখনত ভাৰ্চুৱেল নিৰ্বাচনী সভা অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ