• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?

উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?

5 years ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

18 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

48 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

1 hour ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

4 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

8 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?

editor by editor
January 24, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
উত্তৰ প্ৰদেশ নিৰ্বাচন : এক্সিট প’লক লৈ কিয় যুঁজ-বাগৰ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ?
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কৰোনাৰ প্ৰকোপৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰিলেও নিৰ্বাচনী যুঁজ তুংগত উঠিছে উত্তৰ প্ৰদেশত৷

যোৱা শনিবাৰে নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা, ৰেলী আদিৰ নিষিদ্ধকৰণ ৩১ জানুৱাৰীলৈকে বৃদ্ধি কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আৰু এই ক্ষেত্ৰত শাসকীয় বিজেপি দলে অন্য ৰাজনৈতিক দলসমূহতকৈ যথেষ্ট আগবাঢ়ি আছে৷

এই ভাৰ্চুৱেল নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহৰ মাজৰ বাক যুদ্ধই চূ়ড়ান্ত ৰূপ পাইছে৷ ইফালে ৰাজনৈতিক সমীক্ষাসমূহৰ জৰিয়তে বিজেপিয়ে উত্তৰ প্ৰদেশৰ ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰাৰ অতি গুৰুতৰ অভিযোগ কৰিছে প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিয়ে৷

অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টিয়ে এই অভিযোগ উত্থাপনেৰে ইতিমধ্যে নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে৷

দলটোৱে পত্ৰখনত উল্লেখ কৰিছে যে ৰাজনৈতিক সমীক্ষাৰ দ্বাৰা কিছুসংখ্যক নিউজ চেনেল আৰু ডিজিটেল মাধ্যমসমূহে ভোটাৰক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নিৰ্বাচনী বিধি উলংঘা কৰি আহিছে৷

অখিলেশৰ দলটোৱে এই অভিযোগ কৰি অতি শীঘ্ৰেই সংবাদ চেনেল আৰু ডিজিটেল মাধ্যমসমূহে প্ৰকাশ কৰি থকা ৰাজনৈতিক সমীক্ষাসমূহ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগ দাবী জনাইছে৷

দেওবাৰে সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ৰাজেন্দ্ৰ চৌধুৰীয়ে কয় যে এই সমগ্ৰ বিষয়সমূহ সাঙুৰি দলটোৰ উত্তৰ প্ৰদেশৰ অধ্যক্ষ নৰেশ পাটিলে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত লগতে কোৱা হৈছে যে সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ ৭ মাৰ্চৰ অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত নোহাৱা পৰ্যন্ত নিৰ্বাচন আয়োগে এই ৰাজনৈতিক সমীক্ষাসমূহ নিষিদ্ধ কৰিব লাগে৷

‘‘কিছুমান নিউজ চেনেল আৰু ডিজিটেল মাধ্যমে ৰাজনৈতিক সমীক্ষাসমূহ প্ৰকাশ কৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে৷’’ মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়৷

ইফালে সমাজবাদী পাৰ্টিৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিয়ে কয় যে অখিলেশ সিং যাদৱ আৰু তেওঁৰ পাৰ্টিয়ে নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়তে কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে৷

‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তাত শংকিত হৈছে অখিলেশ সিং যাদৱে৷’’ বিজেপিৰ উত্তৰ প্ৰদেশৰ মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীয়ে সমাজবাদী পাৰ্টিক আক্ৰমণ কৰি এইদৰে কয়৷

উল্লেখ্য যে ৪০৩ খন বিধানসভা আসনবিশিষ্ট উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰপৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব৷

দেশৰ লগতে উত্তৰ প্ৰদেশতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভা, ৰেলী, বাইক ৰেলী, বাহন ৰেলী আদি অহা ৩১ জানুৱাৰীলৈকে নিষিদ্ধ কৰিছে৷ আয়োগে ৰাজহুৱা নিৰ্বাচনী সভা, ৰেলী আদি নিষিদ্ধ কৰাৰ বাবে ৰাজ্যখনত ভাৰ্চুৱেল নিৰ্বাচনী সভা অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Akhilesh Sing Yadavasom live 24assam live 24axom live 24bjpECelection commissionspUP election 2022yogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

July 28, 2026
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
Next Post
কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ

কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ

আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.