মায়া নগৰী বলিউড জগতখনক লৈ ভাৱনাৰ অন্ত নাই অনুৰাগীৰ। বলিউডৰ বিভিন্ন মছলাযুক্ত খবৰে সদায়ে দৃষ্টি আকৰ্ষণ কৰি আহিছে দেশৰ অনুৰাগীসকলৰ মাজত। কেতিয়াবা কোনো চেলিব্ৰেটীক লৈ বিয়াৰ খবৰ তেন্তে কেতিয়াবা আকৌ চেলিব্ৰেটীৰ প্ৰেমৰ খবৰ। কিছুদিনৰ পূৰ্বে যথেষ্ট জল্পনা-কল্পনাৰ অন্তত বিবাহৰ পৱিত্ৰ বান্ধোনেৰে বান্ধ খাইছিল বিভিন্ন সময়ত সৰব খবৰৰ চৰ্চাত থকা অভিনেতা ৰনবীৰ কাপুৰ আৰু অভিনেত্ৰী আলীয়া ভাট।
SEE MORE: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন
যিখন বিবাহক লৈ দেশৰ অনুৰাগীৰ মাজত পাৰভঙা উছাহৰ অন্ত নাছিল। কিন্তু তেনে উছাহৰ মাজতেই এইবাৰ বলিউডৰ পৰা অহা বেয়া খবৰটো হ’ল যে অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কীয়াৰা আদোৱানীৰ মাজত শেষ হ’ল প্ৰেমৰ সম্পৰ্ক। যি খবৰে অনুৰাগীৰ মাজত বিষাদ নমাই আনিছে। কিন্তু “বলিউড লাইফ”ৰ খবৰ অনুহৰি এই সময়লৈ জানিব পৰা হোৱা নাই যে দুবছৰীয়া এই প্ৰেমৰ সম্পৰ্ক কিয় দুটা দিশত গতি কৰিলে। যাক লৈ নানানটা গুজব উলাইছে অনুৰাগীৰ মাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ