এহাল জনপ্ৰতিনিধি দম্পতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ সোমবাৰে মুম্বাই আৰক্ষীয়ে নিৰ্দলীয় সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ বিধায়ক স্বামী ৰবি ৰাণাক গ্ৰেপ্তাৰ কৰি পৃথক পৃথক জে’ললৈ প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছে৷
সোমবাৰে মুম্বাই আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰা অনুসৰি হনুমান চালিছা বিবাদ সংক্ৰান্তত আৰক্ষীয়ে সাংসদ পত্নী নৱনীত ৰাণাক গ্ৰেপ্তাৰ কৰি বাইকুলা মহিলা কাৰাগাৰ আৰু বিধায়ক স্বামী ৰবি ৰাণাক নৱী মুম্বাইৰ সমীপৰ টালোজা কাৰাগাৰলৈ নিক্ষেপ কৰিছে৷
উল্লেখ্য যে শনিবাৰে জনপ্ৰতিনিধি দম্পতীহালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ মুম্বাইস্থিত বাসগৃহ ‘মাতোশ্ৰী’ৰ বাহিৰত হনুমান চালিছা সংকীৰ্তনৰ আহ্বান জনোৱাৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়৷ দম্পতীহালৰ এই আহ্বানৰ পিছতে শিৱ সেনাৰ সৈনিকসকলে ক্ষুব্ধ হৈ প্ৰতিবাদৰ সাব্যস্ত কৰিছিল।
লগতে পঢ়ক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন
মুম্বাই আৰক্ষীয়ে ইয়াৰ পিছত ৰাজনীতিক দম্পতীৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ আৰোপ কৰি গোচৰ ৰুজু কৰে৷ দেওবাৰে মুম্বাইৰ এখন আদালতে ৰাণা দম্পতীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োকে পৃথকে পৃথকে কাৰাগৰলৈ নিক্ষেপ কৰিছে৷
সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে অমৰাৱতীৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণাক দেওবাৰে নিশাই বাইকুলা মহিলা জে’ললৈ প্ৰেৰণ কৰে৷ ইফালে তেওঁৰ স্বামী তথা বাদ্নেৰা সমষ্টি বিধায়ক ৰবি ৰাণাক নৱী মুম্বাইৰ টালুজা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷
দম্পতীহালৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰথমে ভাৰতীয় দণ্ডবিধি আইনৰ ১৫২এ, ৩৪, ৩৭(১) আৰু ১৩৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল যদিও পিছত আইপিচি ১২৪-এ অৰ্থাৎ দেশদ্ৰোহৰ গোচৰো ৰুজু কৰে৷
ইফালে আৰক্ষীয়ে কৰ্তব্যৰত আৰক্ষীৰ কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগ তুলিও আন এক এজাহাৰ দাখিল কৰি গোচৰ পঞ্জীয়ন কৰিছে৷
আনহাতে, মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী দিলীপ ৱালছে পাটিলে দেওবাৰে ৰাণা দম্পতীক গ্ৰেপ্তাৰ কৰাটো ‘‘উপযুক্ত’’বুলি অভিহিত কৰে।
উল্লেখ্য যে শনিবাৰে ৰাণা দম্পতীৰ খাৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰাৰ অভিযোগত দেওবাৰে আৰক্ষীয়ে ১৩ জন শিৱসেনা কৰ্মীকো গ্ৰেপ্তাৰ কৰিছিল। দলৰ কৰ্মীসকলক পিছত জামিনত মুকলি কৰি দিয়া বুলি আৰক্ষীয়ে সদৰী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ