প্ৰায় ৪ বছৰৰ পিছত সামাজিক মাধ্যমলৈ উভতি অভিনেত্ৰী তথা প’প গায়িকা চেলিনা গুমেজৰ বাগদান সম্পন্ন হৈ গৈছে৷ বিশ্বৰ কোটি কোটি অনুৰাগীৰ সপোনৰ কুঁৱৰীগৰাকীয়ে বুকুত আঘাত দি নিজৰ বাকদান সম্পন্ন কৰিছে৷
অৱশ্যে অভিনেত্ৰী তথা প’প গায়িকাগৰাকীয়ে এই কথা প্ৰকাশ কৰা নাই৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিভিড’ৰ পিছতহে সামাজিক মাধ্যমত চেলিনা গুমেজৰ বাগদান হোৱা বুলি বাতৰি প্ৰচাৰ হ’বলৈ ধৰিছে৷
চেলিনা গুমেজে জেনিফাৰ ষ্টনৰ সৈতে ৱিজাৰ্ডছ অৱ ৱাভেৰ্লি প্লাছৰ ‘ক্ৰেজি হাট’ৰ এটা ফান ভিডিঅ’ত একেলগে নৃত্য কৰা দেখা গৈছে৷
লগতে পঢ়ক সাংসদ পত্নী আৰু বিধায়ক স্বামীক জে’ললৈ নিক্ষেপ, কিয় জে’ললৈ গ’ল জনপ্ৰতিনিধি দম্পতী?
উক্ত নৃত্যটোত চেলিনাৰ বাওঁহাতৰ অনামিকা আঙুলিত এটা আঙুঠি পিন্ধি থকা দেখা গৈছে৷ আনকি অভিনেত্ৰী তথা গায়িকাগৰাকীয়ে উক্ত আঙুঠি দশকক স্পষ্টভাৱে দেখুওৱাইও দিয়ে৷
View this post on Instagram
ইয়াৰ পিছতে সামাজিক মাধ্যমত চেলিনা গুমেজৰ বাগদান সম্পন্ন হৈ যোৱা বুলি গুজব বিয়পি পৰিছে৷
এসময়ত ক্ৰিছ ইভানছৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি গুজব উঠা চেলেনা গুমেজৰ প’প গায়ক জাষ্টিন বেইবাৰৰ সৈতে সম্পৰ্ক আছিল৷ ২০১০ চনৰ পৰা আৰম্ভ হোৱা তেওঁলোকৰ সম্পৰ্ক ২০১৮ত বিচ্ছেদ ঘটে৷ ইয়াৰ পিছতে জাষ্টিনে হেইলি বল্ডউইনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ কিন্তু চেলেনা কাৰ সৈতে সম্পৰ্কত আছে সেয়া এতিয়াও ৰহস্য হৈয়ে আছে৷
লগতে পঢ়ক সমাপ্ত হ’ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!
ইফালে চেলেনাৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে অনুৰাগীয়ে প্ৰশ্ন কৰিছে, আঙুঠিটো বাগদানৰ আঙুঠি নেকি!
‘‘চেল… আঙুঠিটো..!!!’’
এজনে সোধে, ‘‘বাগদানৰ আঙুঠি নহয়তো?’’
আন এজন অনুৰাগীয়ে কয়, ‘‘ৱাই আঙুঠিটো, আমি ইয়াৰ ইংগিত বিচাৰি উলিওৱাও?’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ