ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ এবাৰ জয়ী হৈছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ণ৷
দেওবাৰে প্ৰতিদ্বন্দ্বী দণিক্ষপন্থী প্ৰাৰ্থী মাৰিন লা পেনক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে জয়ী হৈছে মেক্ৰ’ণ৷
ৰাষ্ট্ৰপতি মেক্ৰ’ণে ৫৮.২ শতাংশ ভোট লাভ কৰাৰ পৰিৱৰ্তে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী পেনে ৪১.৮ শতাংশ ভোট লাভ কৰিছে৷
লগতে পঢ়ক কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে চলোৱা বিভিন্ন সমীক্ষাত মেক্ৰ’ণে পেনতকৈ আগবাঢ়ি থকা বুলি প্ৰকাশ পাইছিল৷
ইফালে নিৰ্বাচনত মেক্ৰ’ণৰ জনপ্ৰিয়তা পূৰ্বতকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ যোৱা নিৰ্বাচনত মেক্ৰ’ণে ৬৬.১ শতাংশ ভোট লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী লা পেনে পূৰ্বতকৈ অধিক ভোট লাভ কৰিছে৷ বিগত নিৰ্বাচনত পেনে লাভ কৰা ভোটৰ পৰিমাণ আছিল ৩৩.৯ শতাংশ৷
এইবাৰ নিৰ্বাচনত মেক্ৰ’ণৰ ভোটৰ পৰিমাণ ৭.৯ শতাংশ হ্ৰাস হোৱাৰ পৰিৱৰ্তে লা পেনৰ ভোটৰ পৰিমাণ ৭.৯ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
লগতে পঢ়ক যৌন উৎপীড়নৰ বলি হৈছিল কংগণা ৰাণাৱট, কেতিয়া আৰু কোনে কৰিছিল যৌন নিৰ্যাতন?
ইমানুৱেল মেক্ৰ’ণে পুনৰ ৰাষ্ট্ৰপতি হিচাপে জয়ী হোৱাৰ পিছতে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অভিনন্দন জ্ঞাপন কৰিছে৷ সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় ‘‘ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুন নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন বন্ধু!’’
টুইটটোত প্রধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ দ্বি-পাক্ষিক কৌশলগত সহযোগিতা পূৰ্বতকৈও দৃঢ় হ’ব বুলিও আশা প্ৰকাশ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ