মেঘ- পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা, শুভ সংখ্যা – ৩
বৃষ- সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা- ২
মিথুন- সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায় বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা দিব। সৰু সুৰা ভ্রমণ আছে। শুভ ৰং বগা, শুভ সংখ্যা- ১
SEE MORE: সমাপ্ত হ’ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!
কর্কট- আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব। প্ৰেমত বাধা। শুভ ৰং কমলা, শুভ সংখ্যা- ৫
সিংহ- যান-বাহনৰ ব্যৱসায় কৰাসকলৰ অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা– ২
কন্যা- পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱা সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বেচৰকাৰী চাকৰিয়ালসকলে কর্মক্ষেত্ৰত বাধা পাব পাৰে। শুভ ৰং- বগা, শুভ সংখ্যা ৭
SEE MORE: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন
তুলা- ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা, শুভ সংখ্যা- ৩
বৃশ্চিক- অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 8
ধনু- বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮
মকৰ- এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যোগ বাঢ়িব। প্ৰেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা- ৬
কুম্ভ- ভাই-ভনীৰপৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং ৰঙা, শুভ সংখ্যা – ৬
মীন- ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা – ৩

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















