দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে মধ্যপ্ৰদেশত এটা বিৰল ডাইনোছৰৰ কণী আৱিষ্কাৰ কৰিছে যাৰ ভিতৰত আন এটা কণী আছে। এক বিবৃতিত কোৱা হৈছে যে এনে জীৱাশ্ম ইতিহাসত সম্ভৱতঃ প্ৰথমবাৰৰ ইয়াৰ আৱিষ্কাৰ কৰা হৈছে।
গৱেষকসকলৰ মতে এই আৱিষ্কাৰ ‘বিৰল আৰু গুৰুত্বপূৰ্ণ’ কাৰণ এতিয়ালৈকে সৰীসৃপৰ ‘কণীৰ মাজত কণী থকা’ এনে কণী পোৱা হোৱা নাছিল। ছাইন্টিফিক ৰিপ’ৰ্টছ নামৰ আলোচনীখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পাইছে এই আৱিষ্কাৰৰ তথ্য।
ইয়াৰ লগতে আৰু কোৱা হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ বাগ অঞ্চলত এই অস্বাভাৱিক টাইটান’ছ’ৰিড ডাইনোছৰৰ কণী পোৱা গৈছিল আৰু ই ডাইনোছৰৰ প্ৰজনন জৈৱিক বিজ্ঞান কচ্ছপ, টিকটিকি বা কুমিৰ আৰু চৰাইৰ সৈতে একে আছিল নে নাই সেইটো বুজিবলৈ সহায়ক হ’ব পাৰে।
লগতে পঢ়ক বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন
উল্লেখ্য যে মধ্য ভাৰত দীৰ্ঘদিন ধৰি ডাইনোছৰৰ জীৱাশ্মৰ বাবে পৰিচিত। গৱেষকসকলে বাগ চহৰৰ সমীপৰ পাদল্যা গাঁৱৰ ওচৰত টাইটান’ছ’ৰাইড ছ’ৰ’পড প্ৰজাতিৰ ডাইনোছৰৰ বাহ বিচাৰি উলিয়াই আৰু এই বাহবোৰৰ অধ্যয়নৰ সময়ত গৱেষকসকলে এই অস্বাভাৱিক কণী আৱিষ্কাৰ কৰে।
বিবৃতি অনুসৰি গৱেষকসকলে এই অস্বাভাৱিক কণীসহ মুঠ ১০ টা ডাইনোছৰৰ বাহ আৱিষ্কাৰ কৰিছে। এই অস্বাভাৱিক কণীৰ ওপৰত এটাৰ ওপৰত দুটা তৰপ আছিল আৰু ই কিছু অন্যতকৈ পৃথক আছিল। বাহত পোৱা এই কণী আৰু অন্যান্য কণীৰ গঠন একেধৰণৰ অণুবীক্ষণিক আছিল আৰু ইয়াক টাইটান’ছ’ৰিড ছ’ৰ’পড ডাইনোছৰৰ কণী হিচাপে চিনাক্ত কৰা হৈছিল।
দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষক তথা গৱেষণা পত্ৰখনৰ মুখ্য লেখক ডাঃ হৰ্ষ ধীমানে কয় যে টাইটান’ছ’ৰিডৰ বাহৰ পৰা এটা কণীৰ ভিতৰত আন এটা কণী পোৱাৰ ফলত ছ’ৰ’পড ডাইনোছৰৰ ‘অভিডাক্ট’ গঠনত এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ