কোনোবাই মাত্ৰ ১ লাখ টকাৰ বিনিময়ত ৫০ লাখ টকা অবিৰতভাৱে উপাৰ্জন কৰাৰ কথা শুনিলে আপুনি চাগে প্ৰথমতে বিশ্বাসেই নকৰিব। কিন্তু শ্বেয়াৰ বজাৰৰ এটা ষ্টকে এনে অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে। সেয়ে কোৱা হয় ইয়াত কেতিয়া এজন লাখপটি কোটিপটিলৈ পৰিণত হ’ব কোনেও ক’ব নোৱাৰে৷
এইবাৰ এক্সপ্ৰ’ ইণ্ডিয়াৰ ষ্টকত ধন বিনিয়োগ কৰাসকলৰ লগতো এনে এক অলৌকিকতা ঘটিছে, যিসকলে এই অবিশ্বাস্য লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷
কৰোনা মহামাৰীৰ পিছত শ্বেয়াৰ বজাৰত যথেষ্ট অস্থিৰতা দেখা গৈছে। এই সময়ছোৱাত শ্বেয়াৰ বজাৰে উচ্চ আৰু নিম্ন দুয়োটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ মাজতে বিৰলা গ্ৰুপৰ এটা কোম্পানীৰ শ্বেয়াৰে সাংঘাতিক ৰিটাৰ্ণ লাভ কৰিছে। বিৰলা গ্ৰুপৰ এই কোম্পানীটোৰ নাম Xpro India।
লগতে পঢ়ক ‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ
দুবছৰ নৌহওঁতেই এক্সপ্ৰ’ ইণ্ডিয়াৰ শ্বেয়াৰ ২০ টকা অতিক্ৰম কৰি ১০৩০ টকা হৈছে।
এই ষ্টকটোৱে দুবছৰ নৌহওঁতেই ৫০ হাজাৰ শতাংশতকৈ অধিক ৰিটাৰ্ণ দিছে। এক্সপ্ৰ’ত আছে প্ৰবীণ বিনিয়োগকাৰী আশীষ কচোলিয়াৰ ডাঙৰ অংশীদাৰিত্ব। কাচোলিয়াৰ হাতত আছে ৪,২১,৬১৬ টা শ্বেয়াৰ বা ৩.৫৭ শতাংশ অংশীদাৰিত্ব। ২০২০ চনৰ ২৩ অক্টোবৰত বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ত এক্সপ্ৰ’ ইণ্ডিয়াৰ শ্বেয়াৰৰ দৰ ২০.৫০ টকা আছিল।
লগতে পঢ়ক গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?
সেই সময়ত (২৩ অক্টোবৰ ২০২০) এই শ্বেয়াৰত এক লাখ টকা বিনিয়োগ কৰি এতিয়ালৈকে বিক্ৰী নকৰাসকলে অতি কমেও ৫০ লালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। দুবছৰ নৌহওঁতেই এই শ্বেয়াৰ সঁচাকৈয়ে চাঞ্চল্যকৰ ৰিটাৰ্ণ দিছে। এই ষ্টকৰ ৫২ সপ্তাহৰ নিম্নতম মূল্য ১৬০ টকা আৰু উচ্চতম মূল্য ১৬৭০ টকা হৈছে।
এক্সপ্ৰ’ ইণ্ডিয়াৰ এই শ্বেয়াৰে আৰম্ভ হোৱাৰ পৰাই ৬৩০০ শতাংশতকৈ অধিক ৰিটাৰ্ণ দিছে। এই ষ্টকটো ২০০৩ চনৰ ১০ জানুৱাৰীত বিএছইত তালিকাভুক্ত কৰা হৈছিল। সেই সময়ত ইয়াৰ মূল্য আছিল ১৫.৭৩ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ