এহাল ষ্টাৰ দম্পতী৷ বিগত ৮ বছৰে বৈবাহিক জীৱন যাপন কৰি আহিলেও দম্পতীহালৰ মাজত এবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন হোৱা নাই৷ অভিনেত্ৰী পত্নীয়ে সাংসদ স্বামীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছুক নহয়৷ এই অভিযোগ তুলি সাংসদ স্বামীয়ে অভিনেত্ৰী পত্নীৰে বিবাহ বিচ্ছেদ বিচাপি আদালতৰ দ্বাৰস্থ হৈছে৷
এই দম্পতীহাল হৈছে ওড়িশাৰ অভিনেতা তথা বৰ্তমানৰ লোকসভাৰ সাংসদ অনুভৱ মহান্তি আৰু অভিনেত্ৰী বৰষা প্ৰিয়দৰ্শিনী৷
অভিনেতা সাংসদ অনুভৱ মহান্তিয়ে অভিযোগ কৰাৰ মতে ২০১৪ চনতে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল যদিও তেওঁৰ পত্নী বৰষা প্ৰিয়দৰ্শিনীয়ে শাৰীৰিক সম্পৰ্ক স্থাপনত ইচ্ছুক নোহোৱাৰ বাবে এবাৰো তেওঁলোকৰ যৌন সম্পৰ্ক স্থাপন হোৱা নাই৷ সেয়ে তেওঁ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে৷
লগতে পঢ়ক অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?
ইতিমধ্যে কটক আদালতে অনুভৱ মহান্তি আৰু বৰষা প্ৰিয়দৰ্শিনীৰ বিবাহ বিচ্ছেদৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছে৷ আদালতে শুনানি গ্ৰহণ কৰিলেও এতিয়ালৈকে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰটো নিষ্পত্তি হোৱা নাই৷
আদালতে শুনানি গ্ৰহণ কৰি বৰষা প্ৰিয়দৰ্শিনীক অনুভৱ মহান্তিৰ পৈতৃক গৃহ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷ ইফালে আদালতে অনুভৱ মহান্তিক প্ৰিয়দৰ্শিনীৰ মাহেকীয়া খৰচৰ বাবদ প্ৰতি মাহে ৩০ হাজাৰ টকাকৈ দিবলৈ নিৰ্দেশ দিয়ে৷
আনহাতে অনুভৱ মহান্তিয়ে আদালতত পত্নী বৰষা প্ৰিয়দৰ্শিনীৰ উপাৰ্জন আৰু আয়ৰ উৎস প্ৰকাশ কৰিবলৈ এখন আবেদন জনাইছে৷ কিয়নো বৰষা প্ৰিয়দৰ্শিনী হৈছে ওড়িশাৰ এগৰাকী বিখ্যাত তথা ব্যস্ত অভিনেত্ৰী৷ অৱশ্যে অনুভৱ মহান্তিৰ এই আবেদন সম্পৰ্কত আদালতে এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই৷
লগতে পঢ়ক ‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ
জানিব পৰা মতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰটোৰ শুনানি যোৱা সপ্তাহত সমাপ্ত হৈছে৷ কিন্তু আদালতে এতিয়াও ৰায় প্ৰদানৰ পৰা বিৰত আছে৷
উল্লেখ্য যে কিছুদিন পূৰ্বে সাংসদ অনুভৱ মহান্তিয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে ২০১৪ চনতে তেওঁলোকে বিবাহপাশত আৱদ্ধ হ’লেও বৰষাৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক স্থাপন হোৱা নাই৷
অনুভৱ মহান্তিয়ে জনোৱা মতে একমাত্ৰ এইটো কাৰণতে তেওঁ বিবাহ বিচ্ছেদৰ আবেদন জনাইছে৷ তেওঁ আবেদনত উল্লেখ কৰিছে তেওঁলোকৰ বৈবাহিক জীৱন অসম্পূৰ্ণ হৈ আছে আৰু পত্নী বৰষাই তেওঁক ‘স্বামীৰ বৈবাহিৰ অধিকাৰ’ৰ বঞ্চিত কৰি আহিছে৷ তেওঁ কিমান দিনলৈ বৰষা প্ৰিয়দৰ্শিনীৰ স্বামী হৈ থাকিব সেয়া আদালতৰ ওপৰতহে নিৰ্ভৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ