বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক সন্দৰ্ভত শেহতীয়াকৈ এক বক্তব্য আগবঢ়াই সমগ্ৰ বিশ্বতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধৰ্মীয় গুৰু পোপ ফ্ৰান্সিছে। পোপ ফ্ৰান্সিছে কয় যে বিবাহৰ পূৰ্বে যৌন সম্পৰ্কৰ পৰা বিৰত থকাটো প্ৰকৃত প্ৰেমৰ চিন। পোপ ফ্ৰান্সিছৰ বিয়াৰ আগতে যৌন সম্পৰ্ক নকৰিলে সম্পৰ্ক বেছি দিনলৈ স্থায়ী হয়।
ডেইলী মেইলত প্ৰকাশিত প্ৰতিবেদন অনুসৰি পোপ ফ্ৰান্সিছে কৈছে যে বিবাহৰ পূৰ্বে যৌন সম্পৰ্কৰ পৰা বিৰত থকাটোহে প্ৰকৃত প্ৰেমৰ লক্ষণ। বিয়াৰ পূৰ্বে যৌন সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰশংসা কৰি পোপ ফ্ৰান্সিছে এই বক্তব্য আগবঢ়াইছে।
দৰাচলতে পোপ ফ্ৰান্সিছে ৯৭ পৃষ্ঠাৰ নতুন ভেটিকান গাইডত সুখী সম্পৰ্কৰ নিয়ম দাঙি ধৰিছে। পোপে এই গাইডলাইনসমূহতো দাবী কৰিছে যে আজিৰ যুগত যৌন উত্তেজনা বা হেঁচাত স্বামী-স্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সম্পৰ্ক সোনকালে ভাঙি যায়। নথিখনত ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ কথা কৈ ইয়াক সমালোচনাও কৰা হৈছে।
লগতে পঢ়ক শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী
পোপৰ এই মন্তব্যৰ পিছতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিবাহৰ পূৰ্বে যৌন সম্পৰ্কৰ পোপৰ এই বক্তব্যৰ ওপৰত অসংখ্য লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
পোপৰ এই মন্তব্যৰ সন্দৰ্ভত ধৰ্মতত্ত্ববিদ ভিটো মানকুছ’ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পোপৰ এই মন্তব্যই সম্পৰ্কত যৌনতাৰ গুৰুত্ব হ্ৰাস কৰিছে।
পোপ ফ্ৰান্সিছে ইয়াৰ পূৰ্বেও বিতৰ্কিত মন্তব্য কৰি আহিছে৷ ৮৫ বছৰীয়া পোপ ফ্ৰান্সিছে কিছুদিন পূৰ্বে শিশুতকৈ পোহনীয়া জন্তু বেছি ভালপোৱাসকলক স্বাৰ্থপৰ বুলি অভিহিত কৰিছিল। তাৰ পিছত তেওঁ কৈছিল যে শিশুতকৈ পোহনীয়া জন্তুক বেছি ভালপোৱাটোৱে আমাৰ মানৱতা কাঢ়ি লৈ যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ