• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

2 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

2 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

3 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

4 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

4 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

5 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

6 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

7 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

7 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?

editor by editor
November 15, 2022
in ভাৰত, ৰাজনীতি, লেখা
0
কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত ৭ বাৰকৈ নিজেই পঢ়িছিল মৃত্যুদণ্ডৰ আদেশ পত্ৰ, ৰাজীৱ গান্ধী হত্যাৰ একমাত্ৰ জীৱিত অপৰাধী নলিনীয়ে মুক্তি পায়েই কিয় এৰিব ভাৰত?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩১ বছৰৰ অন্তত মুক্তি লাভ কৰিলে নলিনী শ্ৰীহৰণে৷ জেলত একাধিকবাৰ অনশন কৰিছিল নলিনীয়ে৷ দাবী, ৰাজীৱ গান্ধীক হত্যা কৰাত তেওঁ কোনো ভূমিকা নাই৷ তেওঁ নিৰ্দোষী৷ ৩১ বছৰ পিছত মুক্তি লাভ কৰিছে নলিনীয়ে৷ উচ্চতম ন্যায়ালয়ে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ সময় শেষ হোৱা বুলি উল্লেখ কৰিছে৷ জেলৰ পৰা ওলাই আহিয়েই নলিনীয়ে কেইবাটাও সাক্ষাৎকাৰ দিছে৷ নলিনীয়ে তেওঁৰ সাক্ষাৎকাৰত কয় যে, ৰাজীৱ গান্ধীক হত্যা কৰাত তেওঁৰ কোনো ভূমিকা নাছিল৷ তেওঁ একেবাৰেই নিৰ্দোষী৷ তেওঁৰ স্বামী মুৰুগানৰ কেইগৰাকীমান বন্ধুৰ সৈতে তেওঁৰ যোগাযোগ আছিল৷ সেয়ে যোগাযোগৰ বাবেই তেওঁকো হত্যাকাৰী সজোৱা হ’ল। নলিনীয়ে কয়, ‘মই জানো মই নিৰ্দোষী৷ কিন্তু মোক দোষী সজোৱা হ’ল৷ মোৰ বিবেকে মোক জানে৷ মোৰ স্বামীৰ কেইজনমান বন্ধুৰ বাবেই মই সাঙোৰ খাই পৰিলো৷ অন্য বিশেষ একো কথা নাই কেৱল তেওঁলোকৰ সৈতে দোকান, বজাৰ, মন্দিৰ, চিনেমা হল আদিত কেতিয়াবা একেলগে আমি গৈছিলো৷ তেওঁলোকে আমাক সহায়ো কৰিছিল৷’

ইয়াৰোপৰি নলিনীয়ে কয়, ‘মোক ৭ বাৰ মৃত্যুদণ্ডৰ আদেশ দিছিল।’ ৭ বাৰকৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে নলিনী। তাৰ পিছতেই মৃ্ত্যুদণ্ডৰ পৰা ৰেহাই পাই যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হ’ল নলিনীক। ২০০১ চনত নলিনীৰ মৃত্যুদণ্ড হ্ৰাস কৰে উচ্চতম ন্যায়ালয়ে। ২০০১ চনৰ পূৰ্বে ৭ বাৰকৈ কাৰাগাৰৰ সেই অন্ধকাৰ কুঠৰীত নলিনীয়ে লাভ কৰিছিল মৃত্যুদণ্ডৰ আদেশপত্ৰ। শেষলৈ ছনিয়া গান্ধীয়ে এই হত্যাকাণ্ডৰ হস্তক্ষেপ কৰি নলিনীক মৃত্যুদণ্ড দিয়াৰ পৰিবৰ্তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ বাবে আবেদন জনাই।

কোন আছিল নলিনী শ্ৰীহৰণ?

চেন্নাইৰ এখন মহাবিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক আছিল নলিনী। নলিনীৰ পিতৃ আছিল এগৰাকী আৰক্ষী। মাতৃ আছিল এখন ব্যক্তিগত হাস্পতালৰ নাৰ্ছ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নলিনীয়েও এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈছিল। নলিনীৰ পৰিয়ালৰ কোনো লোকেই ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল। নলিনীৰ ভাতৃৰে কেৱল সম্পৰ্ক আছিল মুৰগানৰ। সেই সূত্ৰেই নলিনীৰ সৈতে ৰাজীৱ গান্ধীক হত্যা কৰা অন্যতম অভিযুক্ত মুৰগানৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। ১৯৯১ চনত ২১ মেত তামিলনাডুৰ এখন নিৰ্বাচনী সভাত আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হয় ৰাজীৱ গান্ধী। শ্ৰী পেৰমবুদুত সংঘটিত হৈছিল এই দুৰ্বিসহ ঘটনা। সেই জনসভাতেই ৰাজীৱ গান্ধীৰ থিতাতে মৃত্যু হয়। এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰা হয় মুৰগান, নলিনীসহ মুঠ ৬ জনকৈ লোকক। প্ৰথমেই অপৰাধৰ বাবে জীৱিত অপৰাধী নলিনীক মৃত্যুদণ্ড বিহাৰ কথা ঘোষণা কৰে আদালতে। কিন্তু সেইবাৰ মৃত্যুদণ্ডৰ আদেশ স্থগিত ৰখা হ’ল। ৰাজীৱ গান্ধীক হত্যা কৰা আত্মঘাতী বোমাৰুগৰাকী আছিল ধানু নামৰ এগৰাকী মহিলা। লিবাৰেল টাইগাৰ্ছ অফ তামিল ইলমৰ সদস্য আছিল ধানু। নিৰ্বাচনী জনসভাত ফুলৰ মালাত বম বান্ধি নিছিল ধানুৱে। কেইটামান চেকণ্ড তাৰ পিছতেই চিটিকি গৈছিল ৰাজীৱ গান্ধী ধানুকে ধৰি কেইবাগৰাকী ব্যক্তিৰ শৰীৰ। শ্ৰীলংকাৰ পৰা নৌপথেৰে আহিছিল ধানুসহ ৰাজীৱ গান্ধীক হত্যাৰ পৰিকল্পনা কৰা বিশেষ দলটো।

কিয় ৰাজীৱ গান্ধীক মৰাৰ পৰিকল্পনা কৰিছিল দলটোৱে?

এলটিটিৰ প্ৰধান ভেল্লুপিল্লাই প্ৰভাকৰণ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড। শ্ৰীলংকাৰ গৃহযুদ্ধ বন্ধ কৰাৰ লক্ষ্যেৰে ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈ ভাৰতীয় শান্তিৰক্ষা বাহিনী শ্ৰীলংকাত মোতায়েন কৰা হৈছিল। ১৯৮৭ চনত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হোৱা চুক্তিত শ্ৰীলংকাৰ তামিল জাতিয়তাবাদী বিদ্ৰোহীদলসমূহ বিশেষকৈ এলটিটিইক শেষ কৰাৰ পৰিকল্পনা কৰিছিল ভাৰতীয় সেনাই। ভাৰত চৰকাৰৰ প্ৰকৃত লক্ষ্য আছিল ভাৰতীয় শান্তি ৰক্ষা বাহিনীয়ে শ্ৰীলংকাত এই জাতিয়তাবাদী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযান চলাব। শ্ৰীলংকালৈ সেনা পঠিওৱাৰ যোঁ-জা চলাইছিল ৰাজীৱ গান্ধীয়ে। ১৯৯০ চনৰ ২১ আগষ্টত ৰাজীৱ গান্ধীয়ে দ্যা চানডে নামৰ সংবাদ পত্ৰত এটা সাক্ষাৎকাৰ দিয়ে। তাত তেওঁ কৈছিল,’পৰবৰ্তী নিৰ্বাচনত যদি তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হয় তেন্তে শ্ৰীলংকালৈ আৰু সেনা পঠিওৱা হ’ব।’ এই সাক্ষাৎকাৰটো প্ৰকাশ হোৱাৰ পাছতেই এলটিটিইৰ সদস্যসকল আৰু সক্ৰিয় হৈ উঠে। সংগঠনটোৰ সদস্যই প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক মৰাৰ পৰিকল্পনা কৰিবলৈ লয়। এই বিদ্ৰোহী দলটোৰেই সদস্য আছিল নলিনীৰ স্বামী মুৰগান। সেই সূত্ৰতেই ৰাজীৱ গান্ধীৰ হত্যাত সাঙুৰ খাই পৰিল নলিনীৰ নাম। হত্যাকাণ্ডৰ সময়ত সেই স্থানত উপস্থিত থকা বেছিসংখ্যকৰেই মৃত্যু ঘটিছে। নলিনীয়েই একমাত্ৰ বাচি যায় এই ঘটনাত। নিহত এজন ফটোগ্ৰাফাৰৰ কেমেৰাত নলিনী সেই স্থানত উপস্থিত থকাৰ দৃশ্য ৰৈ যায়। সেই ফটোগ্ৰাফৰ ভিত্তিতেই বিচাৰ চলিল নলিনীৰ ওপৰত।

কাৰাগাৰতেই মাতৃ হৈছিল নলিনী, ক’ত আছে নলিনীৰ সন্তান?

গ্ৰেপ্তাৰৰ সময়ত নলিনী অন্তঃসত্ত্বা আছিল। ১৯৯২ চনত কাৰাগাৰতেই মুৰগান আৰু নলিনীৰ আশাটোৱে পোখা মেলিল। নলিনীয়ে জন্ম দিয়ে এগৰাকী কন্যা সন্তান। কন্যা সন্তানটি কাৰাগাৰতেই একলা দুকলাকৈ বাঢ়ি দুবছৰত ভৰি দিওতে মাতৃৰ বুকুৰ পৰা কন্যাক আঁতৰাই দিয়া হয়। কাৰাগাৰৰ বাহিৰত উপযুক্ত শিক্ষা-দীক্ষীৰে সিক্ষিত কৰাৰ বাবেই লৈ অনা হয় নলিনীৰ কন্যা হৰিথ্ৰাক। হৰিথ্ৰাক লৈ যোৱাৰ পাছৰে পৰাই নলিনীৰ বুকুত এটাই হেঁপাহ কন্যাক চোৱাৰ হেপাহ। প্ৰতিদিনেই সেই আশাতেই জী থাকিল নলিনী। হৰিথ্ৰা এতিয়া ব্ৰিটেইনৰ এগৰাকী প্ৰতিষ্ঠিত চিকিৎসক। বৰ্তমান ব্ৰিটেইনৰ বাসিন্দা হৰিথ্ৰা। কন্যা ব্ৰিটেইনত থকাৰ খবৰ কাৰাগাৰত থকাৰ সময়তে লাভ কৰিছিল মাতৃ নলিনীয়ে। কাৰাবন্দিত্ব শেষ হোৱাৰ পাছতেই নলিনীয়ে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত জীয়াৰীৰ কথাও প্ৰকাশ কৰিছে। হৰিথ্ৰাৰ কাষতেই জীৱনৰ বাকীচোৱা কাল কটাব খোজে নলিনীয়ে। কন্যাই নলিনীৰ কথা পাহৰি গৈছে। মাতৃ কোন, ক’ত আছে হৰিথ্ৰাই নাজানে। সেই দুবছৰ বয়সতেই মাতৃৰ পৰা বিচ্ছিন্ন হৰিথ্ৰা এতিয়া প্ৰাপ্তবয়স্ক এগৰাকী যুৱতী। হয়তো হৰিথ্ৰাই মাককআ আৰু গ্ৰহণ নকৰিবও পাৰে। কিন্তু নলিনী আশাবাদী, জীয়াৰীয়ে তেওঁক চিনিব। আকোঁৱালী ধৰিব, মাতৃত্বৰ উম হৰিথ্ৰাই বুজি পাবই।

উল্লেখ্য যে, কাৰাগাৰৰ সেই দুৰ্বিসহ সময়বোৰত জীয়াৰীৰ আশাইতো জীয়াই থাকিবলৈ সাহস দিছিল নলিনীক। আত্মহত্যাৰো চেষ্টা চলাই বাৰে বাৰে আশাবোৰৰ বাবেই বিফল হৈছিল নলিনী। অৱশেষত আকাংশিত সেই বিশেষ দিনটো নলিনীৰ জীৱনলৈ আহিল। নলিনীয়ে দুই এদিনৰ ভিতৰতেই দেশ এৰি জীয়াৰী হৰিথ্ৰাৰ কাষলৈ উৰা মাৰিব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
ডেংগুত শিশুৰ আক্ৰান্তৰ হাৰ বাঢ়িছে! কোনকেইটা লক্ষণলৈ নজৰ দিব?

ডেংগুত শিশুৰ আক্ৰান্তৰ হাৰ বাঢ়িছে! কোনকেইটা লক্ষণলৈ নজৰ দিব?

ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা…

ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.