অসম লাইভ২৪ঃ কভিডৰ সংক্ৰমণ কিছু ক্ষাম কটাত সকলোৱে স্বাস্তিৰ নিশ্বাস লৈছিল। তেনেতেই আকৌ ভয়াৱহ হৈ উঠিছে ডেঙ্গুৰ আক্ৰমণ। দেশৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে ডেঙ্গুৰ ভয়াৱহতা। বিশেষকৈ শিশুসকলেই বেছিকৈ আক্ৰান্ত হৈছে ডেঙ্গুত।
ডেঙ্গুৰ লক্ষণসমূহ মূলত কি কি?
সাধাৰণতে ডেঙ্গুৰ লক্ষণ হৈছে জ্বৰ। ১০১ ডিগ্ৰীৰ পৰা ১০২ ডিগ্ৰীলৈ তাপমাত্ৰা শৰীৰত বাঢ়ি যাব পাৰে। জ্বৰ ক্ষন্তেক সময় থাকি এৰিলে পুনৰ জ্বৰটো উঠে। জ্বৰৰ লগতে মূৰৰ বিষ, চকু পোৰা, ছালত ৰঙা দাগ আদি পৰিব পাৰে। এইসমূহ লক্ষণ দেখা মাত্ৰকেই চিকিৎসকৰ কাষ চপা অত্যন্ত জৰুৰী।
চিকিৎসকে কি কয়?
চিকিৎসকে প্ৰকাশ কৰা মতে শিশু এটাৰ যদি ছৰ্দি নলগাকৈ কেৱল মাত্ৰ জ্বৰ হয়, হাত ভৰিৰ বিষ হয় তেতিয়া ডেংগুৰ টেষ্ট কৰাই লোৱাটো অত্যন্ত জৰুৰী। যদি কোনো ডেংগুত আক্ৰান্ত হয় তেন্তে সেই স্থানৰ শিশুসকলক সাৱধানে ৰখাটো নিতান্তই প্ৰয়োজন। কোনো লোক ডেংগুত আক্ৰান্ত হ’লে এলেকাটোৰ পৰা ৫০-১০০ মিটাৰ মান দূৰত্বলৈ বিয়পাৰ সম্ভাৱনা থাকে। ঘৰৰ চৌপাশে পানী জমা হৈ থাকিলেও ডেংগু মহে বাহৰ পাতে। সাধাৰণতে ডেংগু মহে কামোৰাৰ এটা সময় থাকে। পুৱা ৭ বজাৰ পৰা ১১ টালৈকে আৰু সন্ধিয়া ৪ বজাৰ পৰা ৭ বজালৈ ডেংগু মহে কামূৰিব পাৰে। শিশুসকলক এই সময়খিনিত সাৱধানে ৰাখিব লাগে। বিদ্যালয়লৈ পঠিয়াওতেই শিশু এটিক পৰাপক্ষত দীঘল পেণ্ট-চোলা পিন্ধাই পঠিয়াব লাগে। ডেংগুৱে কামোৰাৰ পাছত মানুহ এজনৰ শৰীৰত কেইবাটাও ষ্টেজ পাৰ হোৱাৰ পাছতহে উপসৰ্গ সমূহে দেখা দিয়ে। ডেংগুৰ উপসৰ্গক তিনিটা ভাগত ভগাব পাৰি।
ডেংগুৰ কেইটা ষ্টেজ আছে?
ডেংগুৰ তিনিটা ষ্টেজ আছে। প্ৰথমটো হৈছে চিম্পুল ষ্টেজ। এই ষ্টেজত তেজৰ পৰীক্ষা কৰোতে ডেংগুৰ বিজানু পোৱা গ’লে দ্ৰুতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এই সময়ত শিশু এটিৰ যাতে ডি হাইড্ৰেছন নহয় সেই কথাত নজৰ দিব লাগে। শিশুটোক এই সময়ছোৱাৰ পৰ্যাপ্ত পানী খোৱাব লাগে। যদি জ্বৰৰ মাজত শিশুটিৰ প্ৰস্ৰাৱৰ পৰিমান কমি যায় তেন্তে ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। যদি শিশুটিৰ পেট আৰু বুকুত বিষ হয় তেন্তে এই লক্ষণ ভয়াৱহ বুলি চিকিৎসকে প্ৰকাশ কৰিছে।
ডেঙ্গু আক্ৰান্ত হ’লে কেনেদৰে নিজৰ যত্ন ল’ব?
ডেংগু হ’লে বুকু আৰু পেটত পানী জমা হোৱাৰো আশংকা থাকে। এনেবোৰ লক্ষণ ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰধান কথা। ইয়াৰ ওপৰিও ডেঙ্গুত আক্ৰান্ত শিশুৰ লগতে যিকোনো ব্যক্তিয়েই বিশ্ৰাম লোৱাটো অত্যন্ত জৰুৰী। পূৰ্বতকৈ পৰিশ্ৰমৰ মাত্ৰা একেবাৰেই কমাই আনিব লাগে। ডেঙ্গু হ’লে তৰল পদাৰ্থ যেনে ডাবৰ পানী, নেমুৰ ৰস, ফলৰ জুছ আদি খাব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ