অসম লাইভ২৪ঃ অনুমতি অবিহনে অমিতাভ বচ্চনৰ ছবি, কণ্ঠস্বৰ ব্যৱহাৰ কৰিব নোৱাৰিব। দিল্লী আদালতে দিয়া এক বিশেষ নিৰ্দেশনা এতিয়া দেশজুৰি ভাইৰেল। অমিতাভ বচ্চনৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে আদালতক জনায় যে, তেওঁৰ মাত আৰু ছবি বহু বিজ্ঞাপনত অনুমতি অবিহনেই ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে হোৱাটছএপ লাকী ড্ৰৰ বিজ্ঞাপন। দিল্লী আদালতে জাৰি কৰা নিৰ্দেশনাত অমিতাভ বচ্চনৰ ফটো, কণ্ঠস্বৰ তেওঁৰ অনুমতি অবিহনে ক’তোৱেই দিব নোৱাৰিব। মেগাষ্টাৰ অমিতাভ বচ্চনৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতেই ন্যায়াধীশ নবীন চাওলাই জাৰি কৰিছে অন্তবৰ্তীকালিন এই নিৰ্দেশনা।
অধিবক্তাই কিহৰ উদ্ধৃতিৰে তৰিছিল এই গোচৰ?
বিগবী অমিতাভ বচ্চনৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে আদালতক জনায় যে, বহুকেইটা বিজ্ঞাপনত অমিতাভ বচ্চনৰ অনুমতি অবিহনে তেওঁৰ ফটো, কণ্ঠস্বৰ ব্যৱহাৰ কৰা হৈছে। অধিবক্তা চালভে বিজ্ঞাপনৰ উদাহৰণ দিবলৈ গৈ কয় যে হোৱাটছএপ লাকী ড্ৰই বিনা অনুমতিত অমিতাভ বচ্চনৰ নাম ব্যৱহাৰ কৰিছে।বিজ্ঞাপনটোত ভাগ্যৱান ড্ৰ’ৰ নাম ক’বলৈ গৈ অমিতাভ আৰু মুকেশ আম্বানীৰ নাম কোৱা হয়। এই বিজ্ঞাপন নিৰ্মাতাই কেবিচিৰ ল’গটোও অনুমতি অবিহনে ব্যৱহাৰ কৰিছে। এয়া এক অপৰাধ বুলি দাবী কৰিছে অমিতাভ বচ্চনৰ অধিবক্তাগৰাকীয়ে।
বিগবীৰ মুখাও বিনা অনুমতিত ব্যৱহাৰ হৈ আছে!
অধিবক্তা হৰিশ চালভে লগতে কয় যে, অমিতাভ বচ্চনৰ ছবিসম্বলিত ভিডিঅ’ ফোনকল-ও পোহৰলৈ আহিছে। য’ত তেওঁৰ প্ৰতিচ্ছবি দৃশ্যমান হয় আৰু অমিতাভ বচ্চনৰ দৰে অবিকল চেহেৰাৰ ব্যক্তিয়ে সেই ভিডিঅ কলটো কৰে। লগতে অধিবক্তাই অনা অভিযোগ অনুসৰি বিগবীৰ পোষ্টাৰো বিক্ৰী কৰি একাংশই টকা উপাৰ্জন কৰিছে। চালভে এইটোও কয় যে, একাংশই আকৌ amitabhbachchan.com অধীনত এটা ডমেইন পঞ্জীয়ন কৰিছে। যাৰবাবে আদালতৰ কাষ চাপিছে বিগবীৰ অধিবক্তা হৰিশ চালভে।
এনে কাৰ্যকলাপে বিগবীৰ বদনাম কৰিব পাৰে!
অধিবক্তাৰ অভিযোগৰ পাছতেই আদালতে ৰায় প্ৰদান কৰি কয় যে, এইধৰণৰ কাৰ্যকলাপে অমিতাভ বচ্চনৰ ব্যক্তিত্বত প্ৰশ্ন আনিব। এইবোৰৰ বাবেই মেগাষ্টাৰগৰাকীৰ গুৰুতৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি কিছুমান কাৰ্যকলাপে তেওঁক বদনাম কৰিব পাৰে। আদালতে কৰ্তৃপক্ষ আৰু টেলিকম সেৱা প্ৰদানকাৰীসকলক অমিতাভ বচ্চনৰ ব্যক্তিত্বৰ অধিকাৰ উলংঘা কৰা সমল আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















