অসম লাইভ২৪ঃ ফেচবুক মেটাই দিনক দিনে আনিছে নতুন নিয়ম। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে বিভিন্ন ফিচাৰ এড কৰিছে ফেচবুকে। ডিচেম্বৰৰ পৰা ফেচবুকত আৰু কেইটিমান পৰিবৰ্তন আহিব। ডিচেম্বৰৰ পৰা ফেচবুক প্ৰফাইলত দেখা নাযাব কেইটামান বিশেষ তথ্য।
কি কি তথ্য দেখা নাযাব ফেচবুকত?
বৰ্তমান সকলোৰে হাতে হাতে স্মাৰ্টফোন। স্মাৰ্টফোনৰ এটা ক্লিকতেই দেশ দুনীয়াৰ কথা আমি জানিব পাৰো। ছচিয়েল মিডিয়াৰ যুগত যেনেদৰে আমাৰ বহু সুবিধা হৈছে তেনেদৰে অপৰাধৰ সংখ্যাও দিনকদিনে বৃদ্ধি হৈছে। অপৰাধৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ফেচবুকে লৈছে কেইটিমান বিশেষ সিদ্ধান্ত। ফেছবুক সংস্থাৰ পৰা জনোৱা অনুসৰি আগন্তুক ১ ডিচেম্বৰৰ পৰা কেইটিমান তথ্য দেখা পোৱা নাযাব। ৰাজনৈতিক মতামত, ঠিকনা আৰু ইণ্টাৰেষ্টেড ইন এইকেইটা ষ্টেটাছ হাইড কৰিব ফেছবুকে।
এই তিনিটা বিষয়ক লৈ ইতিমধ্যে ফেচবুক সংস্থাই সকলো ইউজাৰলৈ নটিফিকেশ্যন প্ৰেৰণ কৰিছে। ছচিয়েল মিডিয়া কনছালটেণ্ট মেট নাভাৰাই টুইটাৰত কেইটামান স্ক্ৰিণশ্বট শ্বেয়াৰ কৰিছে। তেওঁ প্ৰকাশ কৰা মতে আগন্তুক ১ ডিচেম্বৰৰ পৰা সকলো ফেচবুক ইউজাৰৰে এই তিনিটা দিশ হাইড কৰিব ফেচবুকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ