অসম লাইভ২৪ঃ ৩৯ বছৰত ভৰি দিলে কেটৰীণা কাঈফে। কিন্তু কেটক দেখি জানো ৩৯ বছৰীয়া বুলি অনুমান কৰিব পাৰি? মসৃণ চাল, মেদহীন দেহবল্লভ, আৱেদনময়ী কেটৰ শৰীৰ দেখিলে কোনোপধ্যেই বয়সৰ অনুমান কৰিব নোৱাৰি। সম্প্ৰতি কেটৰ নতুন ছবি ভূতে মুক্তিলাভ কৰিছে। বক্স অফিচত বিশেষ কালেকশ্ব্যন কৰিব নোৱাৰিলেও কেটৰ অভিনয়ত মোহিত হৈছে দৰ্শক।
কেনেকৈ ৩৯ বছৰতো লাৱন্যময়ী কেট?
কেট অত্যন্ত স্বাস্থ্য সচেতন সেয়া সকলোৰেই জ্ঞাত। খোৱা-বোৱাৰ ক্ষেত্ৰত কেটে বাহিৰৰ খাদ্য গ্ৰহণ কৰাতকৈ ঘৰৰ খাদ্য খোৱাটোতেই গুৰুত্ব দিয়ে। শুটিঙৰ চাপৰ মাজতো শৰীৰচৰ্চাত হেমাহি নকৰে কেটে। সেউজীয়া শাক-পাচলি যেনে কোমোৰা, লাও, গাজৰ আদি পাচলি সিজাই খোৱাটোতেই গুৰুত্ব দিয়ে কেটে। এই খাদ্যভাস তেওঁ প্ৰতিদিনৰ ৰুটিন।
খাদ্যৰ তালিকাত কি কি ৰাখে কেটে?
দক্ষিণ ভাৰতৰ মছলাহীন খাদ্য কেটৰ প্ৰিয়। প্ৰায় সময়তে কেটে গ্ৰহন কৰে ইডলিজাতীয় খাদ্য। ভাত খাদ্যৰ তালিকাত কাহানিও সন্নিবিষ্ট নকৰে কেটে। কোনোস্থানত ভাত খাবলগীয়াত পৰিলেও খুব কম পৰিমানেহে গ্ৰহণ কৰে কেটে। চাপাটি, ৰুটি আদিও মাজে মাজে খাদ্য তালিকাত ৰাখে। কেটৰ দুপৰীয়াৰ আহাৰত থাকে আলু সিজোৱা, কণীৰ অমলেট আদি।
শৰীৰচৰ্চা কেতিয়া কেনেকৈ কৰে কেটে?
কেটৰীণাই পুৱাৰ ভাগতেই কিছু সময় যোগাসন কৰে। শীৰ্ষাসন, চক্ৰাসনকে ধৰি বহুকেইটা আসন কৰে কেটে। মানসিক ক্লান্তি দূৰ কৰাৰ বাবে, পেশীৰ জোৰ বঢ়াবৰ বাবে কেটে নিয়মিত যোগাসনেই মূল বুলি বহুসময়ত উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ