অসম লাইভ২৪ঃ বলীউড অভিনেতা ৰণবীৰ সিঙৰ ছবি চাৰ্কাছে শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিছে। ছবিখন ৰোহিত চেট্টীয়ে পৰিচালনা কৰিছে। ৰোহিত চেট্টীৰ চলচ্চিত্ৰসমূহ প্ৰায়সমূহেই একশ্বন চিনেমা। একশ্ব্যনৰ মাজে মাজে থাকে কমেডিও। কিন্তু চাৰ্কাছ সম্পূৰ্ণ বেলেগ। চাৰ্কাছত আছে এজনৰ পাছত আনজন তাৰকা কমেডিয়ান। ৰোহিত চেট্টী আৰু ৰণবীৰ সিঙৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই চাৰ্কাছ ছবিয়ে কালি মুক্তি লাভ কৰিছে। ছবিখনে প্ৰথম দিনাই বক্স অফিচত খলকনি তুলিছে বুলি জনাইছে বলীউডৰ বিশেষ সংবাদ সূত্ৰই।
ছবিখনে প্ৰথম দিনাই উপাৰ্জন কৰিছে ৩.১৬ কোটি টকা। সংবাদ সূত্ৰই দিয়া প্ৰতিবেদন মতে চাৰ্কাছৰ বাবে দেওবাৰৰ পৰাই টিকট বুকিং আৰম্ভ হৈছিল। বুধবাৰে নিশালৈকে, সমগ্ৰ দেশত প্ৰায় ২৪ হাজাৰ টিকট বিক্ৰী কৰা হৈছে, যাৰ মূল্য প্ৰায় ১ কোটি টকা। দেশৰ আগশাৰীৰ চিনেমা হল পিভিআৰ, আইএনঅ’এক্স আৰু চিনেপলিছে চাৰ্কাছৰ টিকটেই বিক্ৰী কৰিছে ১৪ হাজাৰ। চাৰ্কাছৰ মুখ্য চৰিত্ৰত আছে ৰণবীৰ সিং, পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজ, বৰুণ শৰ্মাইয়ো আন এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















