অসম লাইভ২৪ঃ ক’ভিডৰ নতুন প্ৰজাতি বিএফ-৭ ক লৈ সংকিত হৈছে বিশ্ববাসী। আমাৰ দেশতো ক’ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ক’ভিডত আক্ৰান্তৰ সংখ্যাই কেৱল বৃদ্ধি পাইছে এনে নহয়। দৈনিক বাঢ়িছে মৃতকৰ সংখ্যাও। চীনত আকৌ ভয়ংকৰৰূপ ধাৰণ কৰিছে ক’ভিডে। দেশত ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ আগতীয়া সাৱধানতা অৱলম্বন কৰিছে ভাৰতে।
ভাইৰেল খবৰ অনুসৰি চীনত প্ৰতিদিনেই কভিডত আক্ৰান্ত হৈছে লাখ লাখ লোক। নতুন ভেৰিয়েণ্ট বিএফ-৭ অমিক্ৰণতকৈয়ো ভয়াৱহ বুলি জনাইছে চিকিৎসকে। নতুন ভেৰিয়েণ্ট বিএফ-৭ য়ে অমিক্ৰণতকৈয়ো দ্ৰুতগতিত সংক্ৰমণ হ’ব। কোনোস্থানত এজন মানুহৰ শৰীৰত ধৰা পৰিলেই এদিনৰ ভিতৰতেই অঞ্চলটোৰ কেইবাশ মানুহলৈ সংক্ৰমিত হ’ব পাৰে। কিন্তু চিকিৎসকে জনোৱামতে এই ভেৰিয়েণ্টত আক্ৰান্তসকলৰ মৃত্যুৰ শংকা পূৰ্বতকৈ কম বুলি জনাইছে চিকিৎসকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ