অসম লাইভ২৪ঃ শীতকাল বহুতৰেই প্ৰিয়৷ উৎকট গৰমৰ দিনকেইটাৰ পৰা অন্তত কিছু শান্তি পোৱা যায়৷ কিন্তু শীতৰ এইকেইটা দিনত বতাহত আৰ্দ্ৰতাৰ পৰিমান কমিও যায়, যাৰবাবে আমাৰ ছালত বিশেষভাৱে প্ৰভাৱ পৰে৷ ছাল শুকাই যায়৷ কেৱল গাৰ ছালেই নহয়, ওঁঠো শুকাই আহে এই বতৰত৷ ওঁঠ ভালে ৰখাৰ বাবে এই সময়ত কেনেদৰে যত্ন ল’ব লাগে? ঘৰতেই কেইটামান উপায় অৱলম্বন কৰি এই সমস্যা দূৰ কৰিব পাৰি৷
এলোভেৰা বা চালকুঁৱৰী
প্ৰায় সকলো লোকৰ ঘৰতেই এই গছ আছে৷ এলোভেৰাৰ পাতৰ ভিতৰত থকা বিজলুৱা পানীয় ছাল আৰু চুলিৰ বাবে অতি উপকাৰী৷ এই জেল ওঁঠত প্ৰতিদিনে লগালে ওঁঠ নৰম হয়৷ ইয়াৰোপৰি ছালতো দৈনিক লগালে শুকাই যোৱাৰ সমস্যা দূৰ হয়৷ বজাৰতো এলোভেৰা জেল উপলব্ধ৷ সেই এলোভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে৷
ঘিঁ বা ঘিঁউ
ঘিঁ আমাৰ প্ৰায়সকলৰে ঘৰত থাকে৷ ৰন্ধনত ব্যৱহৃত এই ঘিঁ ও ছালৰ বাবে অতি উপকাৰী৷ ঘিঁ ত এনে কিছু উপাদান থাকে যি ছালৰ বাবে অতি উপকাৰী৷ ওঁঠ শুকাই যদি বাকলি পৰ্যন্ত উঠি আহে তেন্তে কেৱল ঘিঁ ব্যৱহাৰ কৰিয়েই নৰম গুলপীয়া ওঁঠৰ অধিকাৰী হ’ব পাৰে আপুনি৷ নিশা টোপনি যোৱাৰ পূৰ্বে দৈনিক আঙুলিত অকণমান ঘিঁ লৈ ওঁঠযুৰি লাহে লাহে মালিছ কৰিব লাগে৷ নিয়মিত এইদৰে লগালেই ওঁঠ ফটাৰ সমস্যা আঁতৰ হয়৷
মৌ বা মধু
ওঁঠৰ যত্ন ল’বলৈ মৌ ব্যৱহাৰযোগ্য সামগ্ৰী৷ মৌ এবিধ প্ৰাকৃতিক ময়শ্বাৰায়জাৰ৷ এই প্ৰাকৃতিক ময়শ্বাৰাইজাৰে ওঁঠৰ আদ্ৰতা ধৰি ৰাখে৷ মৌৱে প্ৰাকৃতিকভাৱেই আদ্ৰতা বজায় ৰখাত সহায় কৰে৷ এইদৰে দৈনিক মৌ সানিলে ওঁঠ ফটাৰ সমস্যা সম্পূৰ্ণৰূপে কমি যায়৷
ঠাণ্ডাৰ দিনত এইসমূহ কাৰ্যৰ পৰা বিৰত থাকিলেও কমে ওঁঠ ফটাৰ সমস্যা
প্ৰথমেই যদি চাওঁ তেন্তে ঘনাই ওঁঠ জিভাৰে চেলেকি থকা মানুহৰ ওঁঠ ফটাৰ সমস্যা হয়৷ সেয়ে সঘনাই ওঁঠ চেলেকি থকাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে৷ অলপ অলপ ফাটিবলৈ লওঁতেই যত্ন লোৱা আৰম্ভ কৰিব তেতিয়া এই সমস্যাৰ সৃষ্টি নহয়৷ নিয়মিতভাৱে এক্সপলিয়েট কৰি মৃত কোষসমূহ এৰুৱাই পেলাব লাগে৷ তেতিয়া এই ওঁঠ ফটাৰ সমস্যা বহু পৰিমানে দুৰ হয়৷ ভাল কোৱালিটিৰ লিপবাম ব্যৱহাৰ কৰিব লাগে৷ যি লিপবামত কৰ্পূৰ আদি উপকৰণ থাকে৷ ইয়াৰোপৰি ভিটামিন সমৃদ্ধ খাদ্য সেৱন কৰিলেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ