অসম লাইভ২৪ঃ ভাৰত জোড়ো যাত্ৰা দিল্লীত উপস্থিত হৈছে। বৃহস্পতিবাৰে হাৰিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, কংগ্ৰেছ দলৰ সচিব , প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ স্বামী ৰবাৰ্ট বাদ্ৰাইয়ো এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ৰাহুলে কিছুদিন পূৰ্বে দিয়া বিশেষ মন্তব্যটো পুনৰবাৰ দিল্লীৰ ৰাজপথত গুঞ্জৰিত হৈ উঠিল। ৰাহুলে বিজেপি কৰ্মীয়ে এই যাত্ৰা ৰাহুলে কিয় কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কৈছিল, ‘মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈকে কৰিছো এই সকলো আয়োজন।’ পুনৰ দিল্লীৰ ৰাজপথতো ৰাহুলে একেই বাক্য পাঠ কৰিলে। এইবাৰ ৰাহুলে কোৱাই নহয়, হাতে-কামে এই কথাৰ প্ৰমাণো দেখুওৱালে দিল্লীৰ ৰাজপথত।
ৰাহুলক এই যাত্ৰাপথত এগৰাকী মুছলমান মহিলাই উপহাৰস্বৰূপে দিছে এটা শিৱৰ মূৰ্তি। বোৰ্খা পৰিহিতা মুছলমান মহিলাগৰাকীয়ে ৰাহুলৰ হাতত তুলি দিয়া শিৱৰ মুৰ্তিৰ ফটো এতিয়া দেশজুৰি ভাইৰেল। কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ হৈছে এই বিশেষ ফটো। ছবিখনৰ তলত দিছে এটা কেপশ্ব্যনো। কেপশ্ব্যনত লিখা আছে ‘ঈশ্বৰ আল্লা তেৰে নাম…’
ইপিনে ৰাহুলে তেওঁৰ ভাষণত কয়, বিজেপি আৰু আৰ এছএছৰ নীতিয়েই হ২ল সমাজত ঘৃণা বিয়পোৱা। আমি এয়া হ’ব দিব নোৱাৰো। সেয়ে এই ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম।’ ইয়াৰোপৰি ৰাহুলে কয়, ‘বিজেপিয়ে যেনে তেনে এই যাত্ৰাক ৰখাব বিচাৰিছে। চীনত কৰ’না বিয়পিছে আৰু ভাৰতত ক’ভিড নীতি আনি এই যাত্ৰাক ৰখাব খুজিছে।’
উল্লেখ্য যে ৰাজধানীত উপস্থিত হোৱা ৰাহুলে এই যাত্ৰা আগন্তুক ৮ দিনৰ বাবে স্থগিত কৰাৰ কথাও তেওঁৰ মন্তব্যত উল্লেখ কৰিছে। দ্বিতীয় যাত্ৰাৰ আৰম্ভণিতেই যোগীৰাজ্য উত্তৰ প্ৰদেশলৈ যাব ৰাহুল তাৰপাছতেই পঞ্জাৱ হৈ কাশ্মীৰলৈ হ’ব পৰবৰ্তী যাত্ৰা বুলি উল্লেখ কৰিছে ৰাহুলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ