অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে বিচাৰে যে আগন্তুক নতুন বছৰটো তেওঁৰ বাবে সুখ, সমৃদ্ধিৰে পৰিপূৰ্ণ হ’ওক। জ্যোতিষশাস্ত্ৰৰ মতে, বিশ্বাস কৰা হয় যে বছৰটোৰ প্ৰথম দিনটোত আপুনি যি কাম কৰে, আপুনি গোটেই বছৰটো সেই কামৰ সু-ফল ফল পায়। এনে পৰিস্থিতিত আপুনিও জানি লওক, কি কাম কৰিলে আগন্তুক বছৰটো আপোনাৰো ভালে যাব।
বছৰৰ প্ৰথম দিনটোত বজৰংবলীৰ উপাসনা কৰক। বছৰটোৰ পহিলা দিনটোতে সংকটমোচন হনুমানক উপাসনা কৰাটো অতি শুভ আৰু লাভজনক বুলি গণ্য কৰা হয়। ফুল-দীপ নৈবদ্যৰে সেই দিনটোত বজৰংবলীক উপাসনা কৰক আৰু তেওঁলৈ সম্ভৱ হ’লে কিছু বস্ত্ৰ আগবঢ়াওক। বিশ্বাস কৰা হয় যে এনে কৰিলে ভগৱান হনুমান সন্তুষ্ট হয় আৰু তেওঁৰ ভক্তসকলৰ ওপৰত বিশেষ আশীৰ্বাদ প্ৰদান কৰে।
বছৰটোৰ প্ৰথম দিনটোত দৰিদ্ৰজনক দান-বৰঙনি আগবঢ়ালেও আপোনাৰ বাবে মংগলজনক। এই দিনটোত বিশেষভাৱে দৰিদ্ৰ ব্যক্তিক কম্বল বা গৰম কাপোৰ দান কৰাটো অতিকৈ শুভ। ইয়াৰ লগতে দুখীয়া লোকক চাউল, গাখীৰ আদি দান কৰিলেও ফলপ্ৰসূ ফলাফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। এনে কৰাৰ ফলত ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু ঘৰৰ পৰিৱেশ বছৰটোৰ বাবে আনন্দদায়ক হৈ পৰে।
সূৰ্যৰ উপাসনা সুখ আৰু সমৃদ্ধিৰ এটা কাৰক। জ্যোতিষশাস্ত্ৰ অনুসৰি, সূৰ্যক জল অৰ্পণ কৰিও আপুনি আগন্তুক বৰ্ষটোৰ বাবে ভগৱানক সন্তুষ্ট কৰিব পাৰি। বিশ্বাস কৰা হয় যে, সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে, গ্ৰহবোৰৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰে। যাৰ ফলত আপোনাৰ সকলো ৰোগ আঁতৰ হোৱাৰ লগতে আপুনি সম্পদ, খ্যাতি আৰু গৌৰৱ লাভ কৰিবলৈও সক্ষম হ’ব।
বছৰটোত আৰম্ভনিতে কৰক এইকেইটা কাম। সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন
প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে আগন্তুক নতুন বছৰটো তেওঁৰ বাবে সুখ, সমৃদ্ধিৰে পৰিপূৰ্ণ হ’ওক। জ্যোতিষশাস্ত্ৰৰ মতে, বিশ্বাস কৰা হয় যে বছৰটোৰ প্ৰথম দিনটোত আপুনি যি কাম কৰে, আপুনি গোটেই বছৰটো সেই কামৰ সু-ফল ফল পায়। এনে পৰিস্থিতিত আপুনিও জানি লওক, কি কাম কৰিলে আগন্তুক বছৰটো আপোনাৰো ভালে যাব।
বছৰৰ প্ৰথম দিনটোত বজৰংবলীৰ উপাসনা কৰক। বছৰটোৰ পহিলা দিনটোতে সংকটমোচন হনুমানক উপাসনা কৰাটো অতি শুভ আৰু লাভজনক বুলি গণ্য কৰা হয়। ফুল-দীপ নৈবদ্যৰে সেই দিনটোত বজৰংবলীক উপাসনা কৰক আৰু তেওঁলৈ সম্ভৱ হ’লে কিছু বস্ত্ৰ আগবঢ়াওক। বিশ্বাস কৰা হয় যে এনে কৰিলে ভগৱান হনুমান সন্তুষ্ট হয় আৰু তেওঁৰ ভক্তসকলৰ ওপৰত বিশেষ আশীৰ্বাদ প্ৰদান কৰে।
বছৰটোৰ প্ৰথম দিনটোত দৰিদ্ৰজনক দান-বৰঙনি আগবঢ়ালেও আপোনাৰ বাবে মংগলজনক। এই দিনটোত বিশেষভাৱে দৰিদ্ৰ ব্যক্তিক কম্বল বা গৰম কাপোৰ দান কৰাটো অতিকৈ শুভ। ইয়াৰ লগতে দুখীয়া লোকক চাউল, গাখীৰ আদি দান কৰিলেও ফলপ্ৰসূ ফলাফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। এনে কৰাৰ ফলত ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু ঘৰৰ পৰিৱেশ বছৰটোৰ বাবে আনন্দদায়ক হৈ পৰে।
সূৰ্যৰ উপাসনা সুখ আৰু সমৃদ্ধিৰ এটা কাৰক। জ্যোতিষশাস্ত্ৰ অনুসৰি, সূৰ্যক জল অৰ্পণ কৰিও আপুনি আগন্তুক বৰ্ষটোৰ বাবে ভগৱানক সন্তুষ্ট কৰিব পাৰি। বিশ্বাস কৰা হয় যে, সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে, গ্ৰহবোৰৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰে। যাৰ ফলত আপোনাৰ সকলো ৰোগ আঁতৰ হোৱাৰ লগতে আপুনি সম্পদ, খ্যাতি আৰু গৌৰৱ লাভ কৰিবলৈও সক্ষম হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ