অসম লাইভ২৪ঃ দেৱলীনা সন্তানসম্ভৱা! সমগ্ৰ দেশজুৰি শনিবাৰৰ দিনটোৰ পৰা দেৱলীনাৰেই চৰ্চা৷ মাত্ৰ কেইটামান দিন পূৰ্বে জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল গোপী বহু খ্যাত দেৱলীনা৷ মুছলমান সম্প্ৰদায়ৰ শ্বাহনাৱাজৰ সৈতে বিয়াত বহাতক লৈ বহুতেই আপত্তি দৰ্শাই থকাৰ মাজতেই ভাইৰেল হৈছিল আন এটা খবৰ৷ বহুতেই কৈছিল অন্তঃসত্তা হোৱা হেতুকে খৰধৰকৈ বিয়াত বহিল দেৱলীনা৷
আলিয়াৰ সৈতেও তুলনা কৰা হৈছে দেৱলীনাক৷ এইসমূহ চৰ্চা অব্যাহত থকাৰ মাজতেই অৱশেষত মুখ খুলিছে দেৱলীনাই৷ দেৱই দিয়া মন্তব্যত সমালোচকসকলক উদ্দেশ্যী দেৱ প্ৰশ্ন, ‘এজন ব্যক্তিৰ ব্যক্তিগত জীৱনত নাক সোমোৱাই মানুহে কি পায়? মই বুজি নাপাও মানুহবোৰে কি বিচাৰে! ভণ্ডামীৰো এটা সীমা থকা উচিত৷ কাৰোবাক মানসিকভাৱে অত্যাচাৰ কৰাৰ একো সুযোগো এৰি নিদিয়ে৷ কাৰো সুখ এইসকল লোকৰ সহ্য নহয়৷’ ইয়াৰোপৰি দেৱলীনাই কয়,‘এই বিষয় বিলাকক লৈ আপোনালোকে যিমানেই যি চৰ্চা নকৰক কিয়, এই বিষয়ক লৈ মই একোৱেই মন্তব্য নিদো৷’
আনহাতে এগৰাকী অভিনেতা বা অভিনেত্ৰীৰ বিবাহ বুলিলেই ব্যয়বহুল এখন বিয়া৷ কিন্তু দেৱৰ বিয়া সম্পূৰ্ণ ব্যতিক্ৰম৷ কিয় ইমান সাধাৰণভাৱে বিয়াখন অনুষ্ঠিত কৰিলে সেই কথাও জনাইছে অভিনেত্ৰীগৰাকীয়ে৷ বিয়াক লৈ অন্য দহোজনী ছোৱালীৰ দৰে দেৱৰো আছিল বিশেষ চখ৷ তেৱোঁ ভাৱিছিল এখন ৰাজকীয় বিবাহৰ কথা৷ কিন্তু বাস্তৱত সেয়া হৈ নুঠিল৷
দেৱই সেই সন্দৰ্ভত কয়, ‘সৰুৰে পৰাই ৰাজকীয় বিয়াৰ সপোন দেখিছিলো৷ কিন্তু ক’ভিডে আমাক টকাক মৰ্যাদা দিব শিকাইছে৷ বিয়াতেই সৰ্বস্ব উজাৰি খৰচ কৰিব নোৱাৰি৷ আৰু এতিয়া সেই কথাৰ মই নিজেও পক্ষপাতী নহয়৷ যিসকলক টকাৰ প্ৰয়োজন, বিয়াৰ নামত খৰচ কৰা টকা সেইসকলক দিয়াই উত্তম বুলি মই ভাৱো৷ তেওঁলোকৰ আশীৰ্বাদেই জীৱনত ডাঙৰ সুখ৷ মই অন্যক দেখুওৱাৰ পক্ষপাতী নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ