অসম লাইভ২৪ঃ ২৫ জানুৱাৰীত বিগ স্ক্ৰিণত মুক্তিলাভ কৰিব বহু বিতৰ্কিত ছবি পাঠানে৷ শ্বাহৰুখে নিৰ্মাণ কৰা ছবিখনক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ মাজতেই আহিছে পাঠানৰ অন্য এক খবৰ৷ ১৯ জানুৱাৰীৰ পৰাই পাঠানৰ অগ্ৰিম টিকেট বুকিং আৰম্ভ হৈছে৷ টিকট বিক্ৰীৰ প্ৰথমটো দিনত মাত্ৰ ৫ ঘণ্টাত বিক্ৰী হোৱা টিকটেই গঢ়িছে অভিলেখ৷ মাত্ৰ ৫ ঘণ্টাত এক কোটিৰ টিকট বিক্ৰী হৈছে সিদ্ধাৰ্থ আনন্দৰ ছবি পাঠানৰ৷
বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দিল্লী, মুম্বাই, হায়দৰাবাদতেই পাঠানৰ টিকট বুকিঙৰ বাবে মুকলি কৰা হৈছিল৷ চিনেমাখনত থকা এটা গীত বেচৰম ৰং মুক্তিৰ পাছতেই আৰম্ভ হৈছিল চৰ্চা৷ বহুতেই দেশত পাঠান বয়কটৰ সিদ্ধান্তও গ্ৰহণ কৰিছিল৷
কিন্তু বয়কটৰ ধামখুমীয়াৰ মাজতেই কৰ’নাকালৰ পাছত অন্যতম হিট ছবি হ’বলৈ আগবাঢ়িছে পাঠান৷ আনহাতে প্ৰযোজক আৰু চিনেমা সমালোচক গিৰিশ জোহৰে দেশৰ আগশাৰীৰ সংবাদমাধ্যমক দিয়া তথ্য অনুসৰি, ‘পাঠান ক্ৰেজ কেৱল ভাৰততেই আছে এনে নহয়৷ বিদেশতো পাঠানক লৈ দৰ্শকৰ উন্মাদনা কম নহয়৷’ বুধবাৰে মুক্তিলাভ কৰিবলগা পাঠানে প্ৰথম দিনটোতেই ৩৫ কোটিৰ পৰা ৩৭ কোটিৰ ব্যৱসায় কৰিব বুলিও দাবী কৰিছে ছবি সমালোচকগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ