অসম লাইভ২৪ঃ আকৌ এটা নৃশংস হত্যাকাণ্ডৰ সাক্ষী হ’ল ৰাজধানী দিল্লী৷ ভেলেণ্টাইন ডে’ ৰ দিনাই দিল্লীৰ এখন ধাবাৰ ফ্ৰিজত উদ্ধাৰ হ’ল ৰেষ্টুৰেণ্টখনৰ মালিকৰ প্ৰেয়সীৰ মৃতদেহ৷ ঘটনাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে দক্ষিণ পশ্চিম দিল্লীৰ নজফগড় এলেকাত৷ ইতিমধ্যে ধাবাখনৰ মালিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে ধাবাখনৰ স্বত্ত্বাধিকাৰীৰ নাম চাহিল গেহলট৷ ধাবাৰ স্বত্বাধিকাৰী ছাহিলৰ বিৰুদ্ধে প্ৰেয়সীক হত্যা কৰি প্ৰমাণ লুকুৱাবৰ বাবে ফ্ৰিজত সোমোৱাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
আৰক্ষীয়ে প্ৰকাশ কৰামতে প্ৰায় দুদিন পূৰ্বেই হত্যা কৰা হৈছিল যুৱতীগৰাকীক৷ সংবাদ সংস্থা এএনআই য়ে প্ৰকাশ কৰা মতে ছাহিলৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল যুৱতীগৰাকী৷ কিন্তু প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো ছাহিলে অইন এগৰাকী যুৱতীকহে বিবাহ কৰাবলৈ মন মেলিছিল৷ বিষয়টোক লৈ প্ৰেয়সীয়ে আপত্তি দৰ্শোৱাতেই এই হত্যাকাণ্ড সংঘটিত কৰে ছাহিলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















