অসম লাইভ২৪ঃ
কাৰাগাৰলৈ যাব নালাগে বিধায়ক অখিল গগৈ৷
ৰাজপথৰ আন্দোলনৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা বিধায়ক হোৱা অখিল গগৈলৈ সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ।
ইউএপিএ গোচৰত অখিল গগৈলৈ অস্থায়ী জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সন্দৰ্ভত এন আই এয়ে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰিছিল ইউএপিএৰ গোচৰ।
এই গোচৰ সন্দৰ্ভত এন আই এয়ে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।
উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তেই আবেদন জনাইছিল অখিল গগৈয়ে৷
বৃহস্পতিবাৰে বিধায়ক গগৈক উচ্চ ন্যায়ালয়ত হাজিৰ কৰা হ’ব।
ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম আৰু পংকজ মিট্টালৰ বিচাৰপীঠে শুকুৰবাৰে বিষয়টো শুনানি গ্ৰহণ কৰিব।
তেতিয়ালৈকে গগৈক জিম্মাত লোৱা নহ’ব বুলি নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভাষণ আৰু মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অখিল গগৈৰ লগতে আন তিনিজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷
ভাৰতীয় দণ্ডবিধিৰ অধীনত অবৈধ প্ৰতিৰোধ কাৰ্যকলাপ আইন (ইউএপিএ) আৰু দেশদ্ৰোহৰ বাবে (ধাৰা ১২৪এ), ধৰ্মীয় গোটৰ মাজত বিদ্বেষ সৃষ্টি কৰা (ধাৰা ১৫৩এ) আৰু ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ বিৰুদ্ধে বিবৃতি)ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল বিধায়ক অখিল সহ তিনি ব্যক্তিৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ