অসম লাইভ২৪ঃ ফাটিবলৈ আৰম্ভ কৰিছে পুৰীৰ জগন্নাথ মন্দিৰ৷ দেৱালয়ৰ নাটমণ্ডপত চিৰাল ফাট দেখিবলৈ পোৱা গৈছে৷ হাজাৰ বছৰ পুৰণি এই মন্দিৰ ফাটিবলৈ ধৰাত চিন্তিত হৈ পৰিছে ভক্তৰ লগতে দেশৰ পুৰাতত্ব বিভাগৰ লোকসকলো৷ Archaeological Survey of India অৰ্থাৎ চমুকৈ ASI য়ে পুৰীৰ জগন্নাথ মন্দিৰত চোৱাচিতা আৰম্ভ কৰিছে৷
ইপিনে মন্দিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত কয় যে পুৰাতত্ত্ব বিভাগৰ হেমাহিৰ বাবেই এনেদৰে ফাট মেলিছে মন্দিৰত৷ কিয়নো বিগত ৭ বছৰ পূৰ্বৰে পৰাই মেৰামতিৰ কাম হাতত লৈছিল পুৰাতত্ত্ব বিভাগে৷ কিন্তু এই কাম সূচাৰুৰূপে নকৰাৰ ফলতেই মন্দিৰটোত পুনৰ ফাঁট মেলা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ