অসম লাইভ২৪ঃ নীলা ছবিৰ পৃথিৱীত মিয়া খালিফাক টক্কৰ দিয়া অভিনেত্ৰী হয়তো কমেই আছে৷ ছানি লিয়নীয়ে এসময়ত টক্কৰ দিবলৈ সক্ষম হৈছিল যদিও মিয়া খালিফা আজিও একক অনন্যা৷ মিয়াই এখন এডাল্ট ছবিত অভিনয় কৰিয়েই কিমান ধন লাভ কৰে শুনিলেই চকু কঁপালত উঠিব আপোনাৰো৷
নীলা ছবিত অভিনয় কৰিলেও মিয়াৰ আছে এটা সুকীয়া ব্যক্তিত্ব৷ যি ব্যক্তিত্বই বহুতকেই আকৰ্ষণো কৰে৷ বহুতেই মিয়াক জানিবলৈ আগ্ৰহী যদিও মিয়াই নিজৰ ব্যক্তিগত জীৱন সম্পৰ্কে খুব কমেইহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ কিন্তু একাংশ ফেনে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ থকাৰ বাবেই শেহতীয়াকৈ মিয়াই টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে তেওঁৰ পাৰিশ্ৰমিকৰ কথা৷
টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মিয়াই পাৰিশ্ৰমিকৰ কথা প্ৰকাশ কৰিছে৷ মিয়াই জনোৱা অনুসৰি পৰ্ণ ছবিত অভিনয় কৰি মিয়াই তেওঁৰ বিশেষ কেৰিয়াৰত উপাৰ্জন কৰিছিল মুঠ ১২ হাজাৰ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৯ লাখ ৭২ হাজাৰ ৬৪৬ টকা৷
লগতে মিয়াই কৈছে, ‘বহুতেই ভাৱে মই নীলা ছবিত অভিনয় কৰি কোটি কোটি টকা উপাৰ্জন কৰিছো৷ কিন্তু সেই কথা একেবাৰেই সত্য নহয়৷ মই এই ছবিত অভিনয় কৰি মুঠ ১২ হাজাৰ ডলাৰহে পাইছিলো৷ তাৰ পিছত মই কেতিয়াও পৰ্ণ ছবিত অভিনয় কৰা নাই৷ সেই জগতত কাম কৰা সহজ কথা নহয়৷ বহু চেষ্টা কৰিহে মই স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ