অসম লাইভ২৪ঃ ‘নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ’ৰ উদ্বোধনী অনুষ্ঠানৰ পৰাই অনন্ত আম্বানীৰ চৰ্চা বিশেষভাৱে চলিছে৷ ৰাধিকা মাৰ্চেণ্টৰ হাতত ধৰি বিশেষ অনুষ্ঠানটোত ঘূৰি ফুৰা অনন্ত আম্বানীয়ে হাতত পিন্ধা ঘড়ীটোক লৈয়ো চলিছে চৰ্চা৷ সেউজীয়া আৰু ৰূপালী ৰং থকা ঘড়ীটোৰ দাম কিমান হ’ব পাৰে? ঘড়ীটোৰ দাম প্ৰায় ১৮ কোটি টকা৷ ঘড়িটোৰ নাম হৈছে ‘গ্ৰেণ্ডমাষ্টাৰ চাইম’৷ অনন্তই পিন্ধা ঘড়ীটোত মূল ডায়েলৰ ওপৰিও আছে দুটা পৃথক ডায়েল৷ ‘পেটেক ফিলিপ’ সংস্থাৰ এই ঘড়ীটো বিশ্বৰ দামী ঘড়ীসমূহৰ ভিতৰত অন্যতম৷
অনুষ্ঠানটোৰ পাছৰে পৰাই অনন্তৰ ঘড়ীৰ সমানেই চৰ্চাত আছে তেওঁৰ বাগদত্তা ৰাধিকাও৷ ছাহাব দুৰাজিৰ ডিজাইন সম্বলিত ইন্দো ৱেষ্টাৰ্ণ এখন শাৰী পৰিধান কৰিছিল ৰাধিকাই৷ ‘হাৰ্মেছ কেলি’ সংস্থাৰ মিনিবেগ লৈ থকা দেখা গৈছিল ৰাধিকাক৷ ৰাধিকাৰ হাতত থকা বেগটো ইমানেই ক্ষুদ্ৰ আছিল যে তাৰভিতৰত ৰাধিকাই কি ৰাখিছিল সেই লৈয়ো একাংশই চৰ্চা চলাইছিল৷ এক সংবাদ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাধিকাৰ এই বেগটোৰ মূল্য প্ৰায় দুইকোটি টকা৷ পোছাকৰ সমান্তৰালকৈ ‘হিমালয়ান প্ৰিমিয়াৰ চেণ্ডেল’ পৰিধান কৰিছিল ৰাধিকাই৷ হাৰ্মেছ সংস্থাৰ এই জোতাৰ দাম প্ৰায় ৪ লাখ টকাৰ ওচৰত৷
আম্বানি পুত্ৰ অনন্তৰ সম্পত্তিৰ পৰিমান যদি চোৱা হয় তেন্তে অনন্তৰ আছে ডুবাইৰ পাম জুমেইয়াৰৰ সমূদ্ৰৰ পাৰত আছে বিলাসবহুল ভিলা৷ এই ভিলাৰ ভিতৰত আছে ১০টাকৈ বেডৰুম৷ ইয়াৰোপৰি প্ৰাইভেট স্পাও আছে ভিলাৰ ভিতৰত৷ ভিলাৰ ভিতৰত আছে চুইমিং পুলৰ পৰা আৰম্ভ কৰি বহু সা সুবিধা৷ এক সূত্ৰই প্ৰকাশ কৰা মতে অনন্তৰ এই ভিলাটোৰ মূল্য প্ৰায় ৬৫৫ কোটি৷ বিলাসবহুল গাড়ী সংগ্ৰহৰো চখ আছে অনন্তৰ৷ ‘মাৰ্ছিডিছ বেঞ্জ এছ ক্লাছ ডব্লিও ২২০’ মডেলৰ গাড়ী ক্ৰয় কৰিছে তেওঁ৷ এই গাড়ীৰ সৰ্বনিম্ন দাম হৈছে ১.৪১ কোটি টকা৷ ‘মাৰ্ছিডিছ বেঞ্জ জি ৬৩’ বাহনো আছে অনন্তৰ৷ এই বাহনখনক নিজৰ পছন্দমতে ডিজাইন কৰি লৈছে অনন্তই৷ এই গাড়ীৰ অনুমানিক দাম হৈছে প্ৰায় ২.৫৫ কোটি৷ ইয়াৰোপৰি অনন্তৰ আছে বিএমডব্লিউ চিৰিজৰ আই৮ মডেলৰ এখন বাহন৷ সংবাদ সংস্থাৰ খবৰ অনুসৰি এই বাহনৰ দাম হৈছে প্ৰায় ২.৬২ কোটি টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ