অসম লাইভ২৪ঃ বহুতৰেই ধাৰণা, বয়স বাঢ়িলে ডায়াবেটিছে শৰীৰত ঠাই লয়। সাম্প্ৰতিক পৰিসংখ্যাই দেখুওৱামতে খুব কমবয়সীয়া ব্যক্তিও এই ৰোগৰ স্বীকাৰ হৈছে। ডায়াবেটিছে শৰীৰত ঠাই ল’লেই শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ ক্ষতি হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেয়ে ঔষধ বা ইনছুলিন, নিয়মিত শৰীৰচৰ্চা, নিয়মকানুন আৰু বিধি নিষেধ মানি চলিয়েই ডায়বেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি।
ডায়বেটিছত আক্ৰান্ত হ’লে পোনতে জনা নাযায়। তেজ পৰীক্ষা কৰিলেহে এই কথা বুজা যায়। বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি সাধাৰণতে বয়স ৪০ পাৰ হ’লেও টাইপ ২ ডায়বেটিছত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায়। ১০-১৪ বছৰ বয়সীয়া কিশোৰ টাইপ ১ ডায়বেটিছত আক্ৰান্ত হয়। চিকিৎসকে কোৱা অনুসৰি ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈকে এই উপসৰ্গক চিনি পোৱাটো অত্যন্ত জৰুৰী। ডায়বেটিচ অত্যধিক পৰিমানে বাঢ়ি গ’লে নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। শৰীৰৰ কেইটামান লক্ষণলৈ নজৰ দিলেই এই অসুখৰ পৰা হাত সাৰি থাকিব পাৰি। বাৰে বাৰে প্ৰস্ৰাৱ হোৱা, ঘনাই ডিঙি শুকাই যোৱা, ওজন কমি যোৱা, দৃষ্টিশক্তি কমি অহা, হাত-ভৰি মাজে মাজে অৱশ লগা। এইকেইটা লক্ষণে দেখা দিলেই ডায়বেটিছৰ পৰীক্ষা কৰোৱাটো অতি জৰুৰী।
ছালৰ কোনবোৰ লক্ষণ দেখি ডায়বেটিছ হোৱা বুলি বুজিব?
নেক্ৰোবায়ছিচ লিপোয়েডিকা ডায়াবেটিকোৰাম ছালপ এক সমস্যা। ছালত সৰু সৰু ফোঁহা ওলায়। কিছুদিন থকাৰ পাছতে এই ফোঁহাসমূহ কমি গ’লেও ছালত দাগ ৰৈ যায়। এই লক্ষণটো পুৰুষতকৈ মহিলাৰ শৰীৰত বেছিকৈ দেখা যায়। এই ফোঁহাসমূহৰ আকাৰ গোলাকাৰ বা ডিম্বাকৃতিও হ’ব পাৰে। চকুৰ পতা, হাত আদিত এইধৰণৰ উপসৰ্গ ফুটি উঠে।
ছাল ফটাও ডায়বেটিছৰেই এক লক্ষণ। ৰক্ত শৰ্কৰাৰ মাত্ৰা বেছি হ’লে তেজৰ চলাচল ব্যাহত হয়। সেই কাৰণেই ছালত এনেধৰণৰ লক্ষণে দেখা দিয়ে।
ডায়বেটিছৰ বাবেই শৰীৰত এলাৰ্জীও হ’ব পাৰে। খহু, ছাল ফটা, ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিলে লগে লগেই তেজ পৰীক্ষা কৰিব লাগে।
ছালত খজুৱটি হ’লেও তেজ পৰীক্ষা কৰিব লাগে। হাত ভৰিৰ আঙুলিৰ ফাঁক, স্তনৰ তলত, গোপনাংগত ঘনাই খজুৱটি হ’লেও ডায়বেটিছৰ পৰীক্ষা কৰাটো জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ