অসম লাইভ২৪ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদমাধ্যৰ সন্মুখত দিয়া এটা সাক্ষাৎকাৰ ভাইৰেল। মুখ্যমন্ত্ৰীয়ে কৈছে-
দেশত হিন্দু থকালৈকে ভাৰত ধৰ্ম নিৰপেক্ষ হৈ থাকিব
সংবিধান সভাত যদি ৯০ শতাংশ মুছলমান আৰু ১০ শতাংশ হিন্দু থাকিলে ভাৰত ধৰ্মনিৰপেক্ষ নহ’লহেতেন
ধৰ্মনিৰপেক্ষ দেশ হৈ থাকিবলৈ ভাৰত হিন্দু প্ৰধান ৰাষ্ট্ৰ হৈ থাকিব লাগিব
পাকিস্তানৰ সংবিধান সভাত ৯০ শতাংশ মুছলমান আছিল ১০ শতাংশ হিন্দু আছিল
সেইবাবেই পাকিস্তান মুছলমান প্ৰধান ৰাষ্ট্ৰ হ’ল
ভাৰতৰ সংবিধান সভাত ৯০ শতাংশ হিন্দু থকাৰ বাবেই ভাৰত ধৰ্মনিৰপেক্ষ হ’ল
মুছলমান জনবহুল কোনখন দেশ ধৰ্মনিৰপেক্ষ?
কিয়নো তেওঁলোকে সকলোকে আঁকোৱালি ল’ব নোৱাৰে?
দেশৰ ন্যায়ালয়ৰ ন্যায়াধীশসকল যদি মুছলমান হৈ যায়
যদিহে ৮০ শতাংশ সাংসদ মুছলমান হৈ যায়
নামাজেৰে সংসদ আৰম্ভ হ’ব
যেতিয়াৰে পৰা দেশত মুছলমান ৰজাই শাসন কৰিছিল তেতিয়াৰে পৰা ভাৰতত ইছলাম বিয়পিছে
মুছলমানসকলে ভাৰতৰ সভ্যতা সংস্কৃতিক আঁকোৱালি ল’ব লাগে
আমাৰ লক্ষ্য মুছলমানসকলো ভাৰতীয় হ’ব লাগে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ