অসম লাইভ২৪ঃ বলীউড অভিনেতা গোবিন্দই তেওঁৰ নাচেৰেই বলীউডত বিশেষ স্থান দখল কৰি আহিছে। জনপ্ৰিয় অভিনেতাজনে শেহতীয়াভাৱে দিছে বিশেষ সাক্ষাৎকাৰ। সাক্ষৎকাৰত শক্তি কাপুৰক লৈ বিশেষ মন্তব্য কৰিছে গোবিন্দই। কপিল শৰ্মাৰ শ্ব’ত গোবিন্দই হাঁহি হাঁহি কৈছিল বিশেষ কথা। শ্বুটিঙত চলি থকা জমনি কথাবোৰৰ মাজতেই গোবিন্দই কয় শক্তি কাপুৰৰ সৈতে ঘটা এক ঘটনা।
গোবিন্দঅ কয়, ‘শক্তিয়ে এবাৰ ধৰ্ষণৰ দৃশ্যত অভিনয় কৰি আছিল। হঠাৎ তেওঁলৈ এটা ফোন আহে। শক্তি কাপুৰেও ফোনটো লৈ কথা পাতিবলৈ লয়। কিন্তু শক্তিক দেখি সকলোৱে ফিচিঙা ফিচিঙ কৰা দেখা গ’ল। দৃশ্যটোৰ বাবে শক্তিয়ে একো কাপোৰেই পিন্ধা নাছিল।’
উল্লেখ্য যে এই সন্দৰ্ভত গোবিন্দই লগতে কয়, ‘শক্তিক মই নাঙঠ কৈ দেখি আচৰিত হৈ গৈছিলো। ভাৱিলো ঘৰত চাগৈ ই এনেকৈয়ে থাকে। মই নিজ চকুৰে বিশ্বাস কৰিব পৰা নাছিলো ইয়াৰ কি হৈছে? বহু ছবিত আমি একেলগে কাম কৰিছো। তেওঁৰ লগত সেয়ে ঘৰুৱা সম্বন্ধও গঢ়ি উঠিছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ