অসম লাইভ২৪ঃ স্কুলীয়া ছাত্ৰীক ব্লেকমেইল কৰি দিনৰ পাছত দিন ধৰি গণধৰ্ষণ। মুখ বন্ধ ৰাখিবলৈ অশালীন ছবি তুলি ব্লেকমেইল। ৩০ বছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনা আজিও চৰ্চাত। ১০০ ৰো অধিক কিশোৰীক কৰা হৈছিল গণধৰ্ষণ। এই ঘটনা ৰাজস্থানৰ অজমেঢ় জিলাৰ। ১৯৯২ চনত ৰাজস্থানৰ এই চহৰত ধাৰাবাহিকভাৱে সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনা। কিন্তু সেই স্থানত প্ৰকৃততে কি হৈছিল?
ফাৰুক আৰু নাফিচ এই দুই যুৱকেই সেই সময়ক ৰাজস্থানৰ অজমেঢ়ৰ ত্ৰাস হৈ পৰিছিল। চহৰখনৰ কুখ্যাত ব্যক্তিসকলৰ ভিতৰত ফাৰুক আৰু নাফিচ আছিল অন্যতম। দুই কুখ্যাত ব্যক্তি কোনো এলাপেছা ব্যক্তিও নাছিল দুয়ো আছিল সেই এলেকাৰ কংগ্ৰেছৰ যুৱনেতা। এলেকাটোত তেওঁলোকৰ এটা গেং আছিল। সেই স্থানত সংঘটিত গণধৰ্ষণত ফাৰুক আৰু নাফিচেই আছিল মূল অপৰাধী। ১৯৯২ চনত ২১ এপ্ৰিল। সেই দিনটোত এখন স্থানীয় সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিটো প্ৰচাৰ হৈছিল। এলেকাত গুণ্ডাসকলৰ হাতত নিৰ্যাতিত হৈ স্কুলৰ ছাত্ৰী বুলি খবৰটো প্ৰকাশ হৈছিল। খবৰৰ সৈতে কিছু ছবিও প্ৰকাশ কৰিছিল বাতৰি কাকতখনে। এই খবৰ প্ৰচাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত অভিযানৰ।
অভিযানৰ পাছতেই আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত উল্লেখ থকা অনুসৰি আজমেৰৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰীসকলৰ সৈতে পোনতে বন্ধুত্ব কৰিছিল ফাৰুখে। তাৰপাছতেই প্ৰলোভন দি ছাত্ৰীসকলৰ সৈতে দেখা কৰিছিল। লগ কৰাৰ পাছতেই ছাত্ৰীসকলৰ সৈতে বলপূৰ্বক সম্পৰ্ক গঢ়ি তুলিছিল। ধৰ্ষণৰ সময়ত ছবিও তোলা হৈছিল। তদন্তৰ সময়ত আৰক্ষীক প্ৰায়সংখ্যক ছাত্ৰীয়েই জনাই যে তেওঁলোকক বলপূৰ্বক ফটো তুলি সেই ফটো শ্বেয়াৰ কৰাৰ ভাবুকি দি ধৰ্ষণ কৰা হৈছিল। ৰাজনৈতিক প্ৰতিপত্তিৰ জোৰতেই দিনৰ পাছত দিন এই কাৰ্য কৰি গৈছিল। ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ধৃতক। কিন্তু ধনী পৰিয়ালৰ সন্তানৰ লগতে ৰাজনৈতিক প্ৰতিপত্তি থকাত মুক্ত আকাশৰ তললৈ আহে দুই ধৃত। কিন্তু ঘটনাক লৈ আইনী যুঁজ অব্যাহত আছিল। পাছলৈ ২০০৭ চনত ফাৰুকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়।
উল্লেখ্য যে যাৱজ্জীৱন কাৰাদণ্ড দিলেও ২০১৩ চনত ফাৰুক মুক্ত হয়। বৰ্তমান ফাৰুখ আৰু নাফিছ দুয়ো মুক্ত। ১০০ ৰো অধিক কিশোৰীক ধৰ্ষণ কৰিও মুক্ত দুই ধৃতক লৈ আজিও অশান্তিত দিন কটাই নিৰ্যাতিতাসকলৰ পৰিয়ালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ