অসম লাইভ২৪ঃ পঢ়াত যথেষ্ট ভাল আছিল তাই। মেট্ৰিকতো ভাল ৰিজাল্ট, হাইছেকেণ্ডাৰীতো ভাল ৰিজাল্ট। ইমান ভাল ছোৱালীজনী কেনকৈ বেয়া হ’ল? যোৰহাটৰ ঢেকেলীয়া গাঁৱত শুকুৰবাৰে সংঘটিত হোৱা ঘটনাক লৈ সৰ্বত্ৰতে চৰ্চা চলিছে। এগৰাকী যুৱতীৰ কাণ্ডই জোকাৰিছে যোৰহাট। শিক্ষিত যুৱতীৰ নিৰ্লজ্জ কাণ্ডত আকৌ লজ্জানত হৈছে যোৰহাট। প্ৰথমে বিভিন্ন যুৱক-পুৰুষ-বৃদ্ধৰ সৈতে লিপ্ত হয় অসৎ কৰ্মত লিপ্ত হৈছিল যুৱতীগৰাকী। তাৰ পিছত সেই দৃশ্য বন্দী কৰি আপলোড কৰিছিল পৰ্ণ চাইটত।
উচ্চশিক্ষিতা যুৱতীগৰাকীয়ে কিয় এনে কামত লিপ্ত হ’ল সেই বিষয়টোক লৈ সমগ্ৰতে চলিছে চৰ্চা। যুৱতীগৰাকীয়ে প্ৰথমে বিভিন্ন যুৱক, পুৰুষ, বৃদ্ধক বন্দী কৰিছিল নিজৰ মায়াবী জালত৷ আৰু তাৰ পাছত লিপ্ত হয় অসৎ কৰ্মত৷ গোপনে সেই অসৎ কৰ্মৰ ভিডিঅ’ বন্দী কৰে কেমেৰাত৷ আৰু তাৰ পাছতে আপলোড কৰে পৰ্ণ চাইটত৷ সুন্দৰী যুৱতীগৰাকীয়ে গোপনে ইমানদিনে এই কাৰ্য সংঘটিত কৰি আহিছিল যদিও এগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ সৈতে যুৱতীগৰাকীৰ এটা অন্তৰংগ ভিডিঅ’ ভাইৰেল হৈ পৰে৷ সেই ভিডিঅ’ ভাইৰেল হোৱাত বৃদ্ধগৰাকীয়ে লয় চৰম সিদ্ধান্ত৷ আৰু তাৰ পিছতে উত্তাল হৈ পৰে যোৰহাট৷ যুৱতীগৰাকীৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া যোৰহাটবাসী ৰাইজ৷
অৱশেষত যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক৷ লগতে এই ঘটনাৰে জড়িতৰ সন্দেহত অভিষেক কাশ্যপ নামৰ এজন যুৱককো আৰক্ষীয়ে আটক কৰে৷ যুৱতীগৰাকীক আটক কৰা হৈছে যদিও কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। তদন্তৰ পাছতহে যুৱতীগৰাকীৰ এই কু-কাণ্ড কিমান দূৰলৈ শিপাই আছে সেই কথা পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ