• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

3 years ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

11 minutes ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

50 minutes ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

2 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

3 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

4 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

6 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

7 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

8 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

8 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?

editor by editor
May 6, 2023
in উত্তৰ-পূব, ভাৰত
0
মণিপুৰত কিয় জ্বলিছে হিংসাৰ দাৱানল? নেপথ্যত কোনো তৃতীয় শক্তি নে অস্তিত্বহীনতাৰ ভীতি?
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰৰ পৰা প্ৰায় ৪ দিন পাৰ হ’ল। হিংসা ক্ষাম কটাৰ নামেই লোৱা নাই মণিপুৰত। শুকুৰবাৰে নিশাও মণিপুৰৰ চুড়াচান্দপুৰত গুলী কৰি হত্যা কৰা হৈছে এজন চিআৰপিএফ কামাণ্ডোকো। ৰাজধানী ইম্ফলত হিংসাৰ বলি হৈছে ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিছৰ এজন আয়কৰ বিষয়াকো। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মণিপুৰত ৩৫৫ ধাৰা জাৰি কৰা হৈছে। আইনশৃংখলা ৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব নিজৰ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকতো বহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

প্ৰকৃততে কিয় এই অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত? অলিম্পিকজয়ী বক্সাৰ মেৰি কমেও কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰি লিখিছে, ‘আমাৰ ৰাজ্য জ্বলিছে। সকলোৱে মিলি মণিপুৰক ৰক্ষা কৰক।’ মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে ৰাজ্যখনৰ জনসংখ্যা গাঁঠনি। জনসংখ্যাৰ নিৰিখত মেইতেই সম্প্ৰদায় ৰাজ্যখনত সংখ্যাগৰিষ্ঠ। সেই মেইতেই সম্প্ৰদায়কেই এছটি মৰ্যাদা দিব নালাগে বুলিয়েই আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ পৰাই হিংসাৰ সূত্ৰপাত। মেইতেইসকলক জনজাতি মৰ্যাদা দিয়াৰ বিৰোধীতা কৰিছে ৰাজ্যখনত থকা অন্যান্য সম্প্ৰদায়সমূহে।

মণিপুৰত প্ৰায় ৩৪টা সম্প্ৰদায় আছে। ইয়াৰ মাজতেই মেইতেইৰ পাছতেই জনসংখ্যাৰে আগবাঢ়ি আছে কুকিসকল। ৰাজ্যখনৰ অন্যান্য সম্প্ৰদায়সমূহে দাবী কৰামতে, মেইতেইসকল মণিপুৰত সংখ্যাগৰিষ্ঠ হোৱা হেতুকে পূৰ্বৰে পৰাই বেছি সা সুবিধা মেইতেই সকলেই লাভ কৰি আহিছে। তেওঁলোকক আৰু পৃথককৈ জনজাতিৰ মৰ্যাদা দিয়াৰ কোনো যুক্তি নাই। আনহাতে মেইতেইসকলৰ দাবী যে, ৰাজ্যৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হোৱা স্বত্ত্বেও তেওঁলোকৰ অস্তিত্বৰ সংকটে দেখা দিছে। তাৰ প্ৰমাণ হিচাপে তেওঁলোকে ২০১১ চনৰ লোকপিয়লৰ তথ্য দাঙি ধৰিছে।

২০১১ ৰ লোকপিয়ল মতে ১২৫১ চনত মণিপুৰত ৫৯ শতাংশ মেইতেই লোক আছিল। কিন্তু ২০১১ চনত এই সংখ্যা ৪৪ শতাংশলৈ হ্ৰাস হৈছে। ইয়াৰোপৰি মেইতেই সকলে অভিযোগ অনা অনুসৰি মণিপুৰত জনজাতি বিশেষত কুকিসকলে মাটি বেদখল কৰিবলৈ আৰম্ভ কৰিছে। ম্যানমাৰৰ পৰা বহু অবৈধ অনুপ্ৰৱেশকাৰী মণিপুৰত সোমাই পৰিছে। এই অভিযোগ আনিছে মেইতেইসকলেই। মণিপুৰৰ সংবিধান অনুসৰি ৩৭১ নম্বৰ অনুচ্ছেদ অনুসৰি পাহাৰীয়া এলেকাত কেৱল মণিপুৰৰ স্থায়ী সম্প্ৰদায় কেইটাইহে ঘৰ মাটি ল’ব পাৰে।

ৰাজ্যখনৰ নানান অঞ্চলত পাহাৰীয়া জনজাতীয় সম্প্ৰদায়সমূহে বাস কৰে। মূলত ৰাজধানী ইম্ফল আৰু ইম্ফলৰ চুবুৰীয়া এলেকাত বাস কৰে মেইতেই সকলে। ৰাজ্যৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী হ’লেও মেইতেইসকল ৰাজ্যৰ মাত্ৰ ১০ শতাংশ অঞ্চলতহে বসবাস কৰে। এই হিংসাৰ পেক্ষাপট কিন্তু এতিয়াৰ নহয়। মণিপুৰৰ সম্প্ৰদায়সমূহৰ অধিকাংশই খ্ৰীষ্টান ধৰ্মাৱলম্বী। অন্যহাতে মেইতেইসকলৰ অধিকাংশই হিন্দু ধৰ্মাৱলম্বী। কিন্তু এই ঘটনা হিন্দু বনাম খ্ৰীষ্টিয়ান নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

July 28, 2026
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
Next Post
এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

এয়াই ধ্ৰুৱসত্য! টকাৰেই সুখ কিনিব পাৰি, কাগজে-কলমে এই কথা প্ৰমাণ দিলে নোবেল বিজয়ী অৰ্থনীতিবিদে

শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

শৰীৰত টাটু কৰাৰ আগতেই টাটু সম্পৰ্কে কেইটামান বিশেষ কথা জানি লওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.