অসম লাইভ২৪ঃ বুধবাৰৰ পৰা প্ৰায় ৪ দিন পাৰ হ’ল। হিংসা ক্ষাম কটাৰ নামেই লোৱা নাই মণিপুৰত। শুকুৰবাৰে নিশাও মণিপুৰৰ চুড়াচান্দপুৰত গুলী কৰি হত্যা কৰা হৈছে এজন চিআৰপিএফ কামাণ্ডোকো। ৰাজধানী ইম্ফলত হিংসাৰ বলি হৈছে ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিছৰ এজন আয়কৰ বিষয়াকো। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মণিপুৰত ৩৫৫ ধাৰা জাৰি কৰা হৈছে। আইনশৃংখলা ৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব নিজৰ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকতো বহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
প্ৰকৃততে কিয় এই অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত? অলিম্পিকজয়ী বক্সাৰ মেৰি কমেও কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰি লিখিছে, ‘আমাৰ ৰাজ্য জ্বলিছে। সকলোৱে মিলি মণিপুৰক ৰক্ষা কৰক।’ মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে ৰাজ্যখনৰ জনসংখ্যা গাঁঠনি। জনসংখ্যাৰ নিৰিখত মেইতেই সম্প্ৰদায় ৰাজ্যখনত সংখ্যাগৰিষ্ঠ। সেই মেইতেই সম্প্ৰদায়কেই এছটি মৰ্যাদা দিব নালাগে বুলিয়েই আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ পৰাই হিংসাৰ সূত্ৰপাত। মেইতেইসকলক জনজাতি মৰ্যাদা দিয়াৰ বিৰোধীতা কৰিছে ৰাজ্যখনত থকা অন্যান্য সম্প্ৰদায়সমূহে।
মণিপুৰত প্ৰায় ৩৪টা সম্প্ৰদায় আছে। ইয়াৰ মাজতেই মেইতেইৰ পাছতেই জনসংখ্যাৰে আগবাঢ়ি আছে কুকিসকল। ৰাজ্যখনৰ অন্যান্য সম্প্ৰদায়সমূহে দাবী কৰামতে, মেইতেইসকল মণিপুৰত সংখ্যাগৰিষ্ঠ হোৱা হেতুকে পূৰ্বৰে পৰাই বেছি সা সুবিধা মেইতেই সকলেই লাভ কৰি আহিছে। তেওঁলোকক আৰু পৃথককৈ জনজাতিৰ মৰ্যাদা দিয়াৰ কোনো যুক্তি নাই। আনহাতে মেইতেইসকলৰ দাবী যে, ৰাজ্যৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হোৱা স্বত্ত্বেও তেওঁলোকৰ অস্তিত্বৰ সংকটে দেখা দিছে। তাৰ প্ৰমাণ হিচাপে তেওঁলোকে ২০১১ চনৰ লোকপিয়লৰ তথ্য দাঙি ধৰিছে।
২০১১ ৰ লোকপিয়ল মতে ১২৫১ চনত মণিপুৰত ৫৯ শতাংশ মেইতেই লোক আছিল। কিন্তু ২০১১ চনত এই সংখ্যা ৪৪ শতাংশলৈ হ্ৰাস হৈছে। ইয়াৰোপৰি মেইতেই সকলে অভিযোগ অনা অনুসৰি মণিপুৰত জনজাতি বিশেষত কুকিসকলে মাটি বেদখল কৰিবলৈ আৰম্ভ কৰিছে। ম্যানমাৰৰ পৰা বহু অবৈধ অনুপ্ৰৱেশকাৰী মণিপুৰত সোমাই পৰিছে। এই অভিযোগ আনিছে মেইতেইসকলেই। মণিপুৰৰ সংবিধান অনুসৰি ৩৭১ নম্বৰ অনুচ্ছেদ অনুসৰি পাহাৰীয়া এলেকাত কেৱল মণিপুৰৰ স্থায়ী সম্প্ৰদায় কেইটাইহে ঘৰ মাটি ল’ব পাৰে।
ৰাজ্যখনৰ নানান অঞ্চলত পাহাৰীয়া জনজাতীয় সম্প্ৰদায়সমূহে বাস কৰে। মূলত ৰাজধানী ইম্ফল আৰু ইম্ফলৰ চুবুৰীয়া এলেকাত বাস কৰে মেইতেই সকলে। ৰাজ্যৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী হ’লেও মেইতেইসকল ৰাজ্যৰ মাত্ৰ ১০ শতাংশ অঞ্চলতহে বসবাস কৰে। এই হিংসাৰ পেক্ষাপট কিন্তু এতিয়াৰ নহয়। মণিপুৰৰ সম্প্ৰদায়সমূহৰ অধিকাংশই খ্ৰীষ্টান ধৰ্মাৱলম্বী। অন্যহাতে মেইতেইসকলৰ অধিকাংশই হিন্দু ধৰ্মাৱলম্বী। কিন্তু এই ঘটনা হিন্দু বনাম খ্ৰীষ্টিয়ান নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ