অসম লাইভ২৪ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাত আকৌ এবাৰ মোদীৰ বিৰুদ্ধে কৰিছে কেইটামান বিশেষ মন্তব্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছক টাৰ্গেট কৰিয়েই এই মন্তব্য কৰিছে ৰাহুলে৷ ৰাহুলে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ মন্তব্য কৰি কয়, ‘বৰ্তমানৰ মোদী শাসনাধীন চৰকাৰে অতীতক লৈ কাম কৰি আছে৷ আমি ভৱিষ্যতৰ ৰাজনীতি কৰি আছো৷’
ৰাহুল গান্ধীয়ে লগতে কয়, ‘কংগ্ৰেছৰ শাসনকালত এনে বৃহৎ দুৰ্ঘটনা সংঘটিত হ’লে লগে লগেই মন্ত্ৰীসকলে পদত্যাগ কৰিছিল৷ কিন্তু বিজেপিৰ দিনত এয়া হোৱা নাই৷ বিজেপিৰ কোনো মন্ত্ৰীয়ে ইমান ডাঙৰ দুৰ্ঘটনাৰ পাছতো নিজৰ দায়িত্ব বুজি নল’লে৷’ ৰাহুল গান্ধীয়ে লগতে কয় যে, নৰেন্দ্ৰ মোদীয়ে পিছফালে আইনাত চাই বাহন চলাই আছে৷ তেওঁ সেয়ে গমেই নাপায় দেশত ক’ত কি কি দুৰ্ঘটনা হৈ আছে৷
উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ওড়িশাৰ দুৰ্ঘটনাক লৈ কয় যে মোদীয়ে গা এৰা দিলে নহ’ব৷ এই দুৰ্ঘটনাৰ দায়িত্ব তেওঁৰ চৰকাৰে স্বীকাৰ কৰিবই লাগিব৷ ৰাহুলে আমেৰিকাত দিয়া এই মন্তব্যৰ প্ৰত্তুত্ত্যৰত বিজেপি কৰ্মকৰ্তাই কৈছে, ‘ৰাহুলে বিদেশত গৈ দেশৰহে বদনাম কৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ