অসম লাইভ২৪ঃ ১ লাখ চাকৰিৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ দিশে৷ কথা মতে প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব৷কমলপুৰত আয়োজিত সভাত অংশগ্ৰহণ কৰি বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷
মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, ‘১ লাখ চাকৰি এতিয়াও হোৱা নাই, ২০ হাজাৰ বাকী আছে৷ এই মাহত ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিম৷ টকা নিদিয়াকৈ অসমৰ মানুহে চাকৰি পোৱা নাছিল৷ এতিয়া সকলোৰে বাবে চৰকাৰী চাকৰি সহজ হৈ গ’ল৷ কেৱল মাত্ৰ ল’ৰা-ছোৱালীয়ে পঢ়িলেই হ’ল৷ এতিয়া পঢ়িব লাগে আৰু পিতৃ-মাতৃৰ নাম উজলাব লাগে৷’
ৰাজ্যৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ৬টা ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে৷ ৰেচন কাৰ্ড, অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে আনিছে আশাৰ বতৰা৷
১৪০০ টকালৈ বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ ধন৷ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা৷ ৰাজ্যত নতুনকৈ ৮লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন৷ অক্টোবৰৰ ভিতৰত সকলো লোকে লাভ কৰিব ৰেচন কাৰ্ড৷ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ ‘জন আৰোগ্য যোজনা’ৰ কাৰ্ড৷ ১০ ছেপ্তেম্বৰৰ ভিতৰত অৰুণোদয়ত নতুনকৈ অন্তৰ্ভুক্ত হ’ব হিতাধিকাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ