অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কৰিছে বিশেষ মন্তব্য। দিল্লীৰ প্ৰগতি মৈদানত ভাৰত মণ্ডপম সন্মিলনত উপস্থিত হৈ মোদীয়ে কৰিছে বিশেষ মন্তব্য। মোদীয়ে কয়, ‘মোৰ তৃতীয়টো কাৰ্যকালত ভাৰতে বিশ্বৰ ৩খন ধনী দেশৰ ভিতৰত স্থান লাভ কৰিব। মোৰ তৃতীয়টো কাৰ্যকালত ভাৰত প্ৰথম ৩ ধনী দেশৰ ভিতৰত এখন হ’ব। ২০২৮ত আমাৰ তৃতীয় কাৰ্যকাল আৰম্ভ হ’ব। এই তৃতীয় কাৰ্যকালত আমি দেশৰ উন্নয়ন আৰু এঢাপ আগুৱাই লৈ যাম। আপোনালোকে চকুৰ সন্মুখতে সপোনবোৰ সঁচা হোৱা দেখিব।’
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, তেঁওলোকৰ প্ৰথম কাৰ্যকালৰ আৰম্ভণিতে ভাৰত বিশ্ব অৰ্থনীতিত দশম স্থানত আছিল। এই সন্দৰ্ভত মোদীয়ে কয়, ‘শাসনভাৰ লওঁতে শীৰ্ষ ১০ত আছিলো। দ্বিতীয় কাৰ্যকালত, ভাৰত হৈছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ। আন্তৰ্জাতিক সংস্থাসমূহেও কৈছে যে ভাৰতত চৰম দৰিদ্ৰতা শেষ হোৱাৰ পথত। সেয়ে অচিৰেই ভাৰত তৃতীয় ধনী দেশৰ তালিকাত আহিবলৈ সক্ষম হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ