ফ্ৰান্সত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, শিক্ষাখণ্ডৰ দুৰ্বল অৱস্থা আৰু চৰকাৰী সেৱাৰ মানক লৈ অসন্তুষ্টি প্ৰকাশ কৰি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। শনিবাৰেও দেশখনৰ বিভিন্ন চহৰত হোৱা এই প্ৰতিবাদৰ কিছুমান স্থানত পৰিস্থিতি হিংসাত্মক হৈ পৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ লগতে দোকান-পোহাৰ লণ্ডভণ্ড আৰু অগ্নিসংযোগৰ ঘটনাও সংঘটিত হয়।
ফ্ৰান্সৰ বহু লোকৰ অভিযোগ যে দৈনন্দিন জীৱনৰ খৰচ ক্ৰমাৎ বৃদ্ধি পাইছে। খাদ্যসামগ্ৰী, ইন্ধন আৰু অন্যান্য প্ৰয়োজনীয় বস্তুৰ মূল্য বৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ ওপৰত আৰ্থিক চাপ বাঢ়িছে। ইয়াৰ লগতে বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, শিক্ষাৰ পৰিৱেশৰ অৱনতি, কম মজুৰি আৰু পেঞ্চন সম্পৰ্কীয় বিষয়েও প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰী, শ্ৰমিক সংগঠন আৰু পূৰ্বৰ ‘হালধীয়া জেকেট’ আন্দোলনৰ সৈতে জড়িত লোকসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।
১৭ অক্টোবৰৰ প্ৰতিবাদত ফ্ৰান্সৰ পেৰিছ, মাৰ্ছেই, লিয়ঁ আৰু আন কেইবাখনো চহৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ফ্ৰান্সৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ হিচাপ অনুসৰি প্ৰায় ৫ লাখ ৫০ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে। শ্ৰমিক সংগঠন CGT-এ এই সংখ্যা ৮ লাখ বুলি দাবী কৰে। কিছুমান ঠাইত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ বিভিন্ন বস্তু নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰা বাহন ব্যৱহাৰ কৰে। লিমোজ চহৰৰ পৌৰসভাৰ ভৱনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। আন কেইবাখনো চহৰত দোকান-পোহাৰ আৰু ৰাজহুৱা ভৱন ক্ষতিগ্ৰস্ত হয়। প্ৰতিবাদৰ মাজতে ১,২০০ প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰা আৰু ১৫০জন আৰক্ষী আহত হোৱা বুলি জনায়।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোই হিংসা, লুটপাত আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। আনহাতে, প্ৰতিবাদকাৰীসকলৰ দাবীৰ মাজত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, উন্নত শিক্ষা ব্যৱস্থা আৰু সাধাৰণ মানুহৰ জীৱন-যাপনৰ খৰচ কমোৱাৰ বিষয়সমূহ আছে। ফ্ৰান্সৰ শেহতীয়া প্ৰতিবাদে দেশখনৰ সাধাৰণ মানুহৰ আৰ্থিক সমস্যা আৰু শিক্ষা ব্যৱস্থাক লৈ থকা অসন্তুষ্টি স্পষ্ট কৰি তুলিছে। অধিকাংশ প্ৰতিবাদ শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও কিছুমান ঠাইত সংঘৰ্ষ আৰু লুটপাতৰ ফলত পৰিস্থিতি জটিল হৈ পৰে। এতিয়া চৰকাৰে এই সমস্যা কেনেদৰে সমাধান কৰে, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















