অসম লাইভ২৪ঃ মুছলমান শৰনাৰ্থীক লৈ ইউৰোপত অশান্তি বাঢ়িছে। প্ৰকাশ্যেই পবিত্ৰ কোৰাণ জ্বলাই দিয়াৰ অনুমতিও দিবলৈ আগবাঢ়িছে ছুইডেন। এই পৰিস্থিতিত এক হ’বলৈ আগবাঢ়িছে ইছলামিক ৰাষ্ট্ৰসমূহেও। ইয়াৰ মাজতেই মুছলমানৰ জনসংখ্যাক লৈ এক সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বিশ্বৰ কোন দেশত সকলোতকৈ বেছি মুছলমান ধৰ্মাৱলম্বী লোকে বাস কৰে সেই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে সংস্থাটোৱে।
মধ্য প্ৰাচ্যৰ আৰৱক বিশ্বৰ সকলোতকৈ বেছি মুছলমান লোকে বাস কৰে। আৰৱৰ তিনিখন দেশ মিলি তিনিখন দেশৰ মুঠ জনসংখ্যা প্ৰায় ৫৭ কোটি। স্বাভাৱিকভাৱেই বহুতে প্ৰশ্ন উত্থাপন কৰিছে ভাৰত আৰু পাকিস্তান দুই দেশৰ ভিতৰত কোনখন দেশত মুছলমানৰ জনসংখ্যা বেছি? সমীক্ষাৰ তথ্যমতে বিশ্বত দ্বিতীয় মুছলমান জনসংখ্যাৰ দেশ হৈছে পাকিস্তান। বৰ্তমান পাঞ্জাৱ, সিন্ধু, বেলুছিস্তান আৰু খাইবাৰ পাখতুনখোৱা এই চাৰিখন প্ৰদেশ মিলি তাত ২১.২৩ কোটি মুছলমানে বাস কৰে।
আনহাতে ভাৰতত মুছলমান জনসংখ্যা পাকিস্তানৰ তুলনাত কম। ২০ কোটিৰো বেছি ইছলাম ধৰ্মাৱলম্বী মানুহে বাস কৰে ভাৰতত। উত্তৰৰ জম্মু কাশ্মীৰ আৰু লাডাখৰ পৰা আৰম্ভ কৰি দক্ষিণৰ কেৰালা, তামিলনাডুত সৰ্বাধিক মুছলমান ধৰ্মাৱলম্বী লোক আছে। ১৯৭১চনত পাকিস্তান ভাঙি জন্ম হয় বাংলাদেশৰ। বৰ্তমান ভাৰতৰ পূব দিশত মুছলমান জনসংখ্যা ১৫.৩৭ কোটি। ইছলামিক জনসংখ্যাৰ নিৰিখত বিশ্বৰ চতুৰ্থ সৰ্বাধিক দেশ হৈছে বাংলাদেশ।
১৯৪৭ চনত প্ৰায় ১৫ শতাংশ হিন্দুৱে পাকিস্তানত বাস কৰিছিল। বাংলাদেশত এই সংখ্যা আছিল প্ৰায় ২৮ শতাংশ। বৰ্তমান এই জনসংখ্যা কমি গৈ হৈছেগৈ ২ৰ পৰা ৯ শতাংশ। বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হৈছে ইন্দোনেছিয়া। ২৩ কোটিৰো বেছি ইছলামিক ধৰ্মাৱলম্বী মানুহে বাস কৰে দক্ষিণ পূব এছিয়াৰ এই দেশত। ইয়াৰোপৰি তালিকাত প্রথম ১০ খনৰ তালিকাত আছে ছুডান, ইৰাণ আৰু তুৰ্কী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ