অসম লাইভ২৪ঃ মুঠ ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন। এবছৰ পূৰ্বেই কৰা এই ঘোষণাৰ পাছতেই অপেক্ষাৰত ৰাজ্যখনৰ কোটি কোটি মহিলা। স্মাৰ্টফোন হাতলৈ কেতিয়া আহিব! অপেক্ষাৰ অন্ত পেলাই আগন্তুক ১০ আগষ্টৰ পৰা আৰম্ভ হ’ব স্মাৰ্টফোন বিতৰণ প্ৰক্ৰিয়া। ইন্দিৰা গান্ধী স্মাৰ্টফোন আঁচনিৰ অধীনত মহিলাসকললৈ আগবঢ়োৱা হ’ব এটাকৈ স্মাৰ্টফোন। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ৪০লাখ মহিলাক স্মাৰ্টফোন প্ৰদান কৰিব চৰকাৰে। তাৰবাবে ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত অস্থায়ী শিবিৰো পতা হ’ব বুলি জনাইছে ৰাজ্যচৰকাৰে।
কংগ্ৰেছ শাসিত ৰাজস্থানৰ মহিলাক দিয়া হ’ব এই স্মাৰ্টফোন। ৰাজস্থানৰ চৰকাৰী সচিবে কয় যে বিভাগীয় আয়ুক্ত আৰু সংগ্ৰাহকক ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। এই শিবিৰসমূহ জিলা কালেক্টৰেট, পঞ্চায়ত সমিতি, পৌৰসভা, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ত পতা হ’ব। ৰাজ্যখনৰ বিষয়াসকলে ৭ৰ পৰা ৯ আগষ্টলৈ এটা মক ড্ৰিলো অনুষ্ঠিত কৰিব। য’ত ১০-১০০ জনলৈকে হিতাধিকাৰীক স্মাৰ্টফোন বিতৰণ কৰা হ’ব।
প্ৰথম পৰ্যায়ত কোনে কোনে লাভ কৰিব স্মাৰ্টফোন?
নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া শিক্ষাৰ্থীয়ে পোনকে লাভ কৰিব এই সুবিধা। চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি থকা শিক্ষাৰ্থীয়েহে লাভ এই স্মাৰ্টফোন। বিধৱা আৰু অবিবাহিত পেঞ্চন প্ৰাপ্ত মহিলাইয়ো লাভ কৰিব এই সুবিধা। এম জি এনৰেগাত ১০০ দিন কাম কৰা পৰিয়ালৰ মহিলাইয়ো লাভ কৰিব এই সুবিধা। ইন্দিৰা গান্ধী নগৰ নিযুক্তি গেৰাণ্টি আঁচনিৰ অধীনত ৫০ দিন সম্পূৰ্ণ কৰা মহিলাসকলেও লাভ কৰিব একোটাকৈ স্মাৰ্টফোন। প্রথম পৰ্যায়ত এইসকল লোকেহে লাভ কৰিব এই সুবিধা।
আপুনি স্মাৰ্টফোন পাব নে, কেনেকৈ জানিব?
পোনতে বিশেষ ৱেবছাইটৰ হোমপেজত, আপুনি পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ইয়াৰপাছতেই আপুনি বিকল্প অপশ্ব্যনত ক্লিক কৰক। ইয়াৰ পাছতেই আপুনি নতুন পেজ এখন অপেন কৰিব। তাতেই আধাৰ কাৰ্ডৰ নম্বৰ এড কৰক। নতুন পেজ এখন খুল খালে সেই পেজতেই আপুনি স্ক্ৰীণত পিতৃৰ নাম, আপোনাৰ নাম, আৰু যোগ্যতা সম্পৰ্কে লিখক। সকলোবোৰ ফিলআপ কৰাৰ পাছত য়েছ ক্লিক কৰিলেই Rajasthan Free Mobile Yojanaত আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হোৱা বুলি দেখুৱাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ