• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

editor by editor
August 7, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চাৰি বছৰ পূৰ্বৰ এক অপৰাধৰ বাবেই দুবছৰৰ শাস্তি দিয়া হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। শাস্তি ঘোষণাৰ পাছতেই খাৰিজ কৰা হৈছিল ৰাহুলৰ সাংসদ পদ। ৪মাহ পাছত আকৌ সংসদলৈ সোমোৱাৰ প্ৰৱেশাধিকাৰ লাভ কৰিলে কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে। ২০১৯ চনত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত ভাগ লৈ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলে সেই সভাতেই কৈছিল, ‘মোদী উপাধিধাৰী সকলো ব্যক্তিয়েই চোৰ হয় কিয়?’

ৰাহুলে কৰা এই বিশেষ মন্তব্যটোক লৈ মানহানিৰ গোচৰ তৰিছিল গুজৰাটৰ বিজেপি নেতা পূৰ্ণেশ মোদীয়ে। ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত অপৰাধমূলক মানহানিৰ গোচৰ তৰা হৈছিল ৰাহুলৰ বিৰুদ্ধে। বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে এই গোচৰৰ ভিত্তিত ৰাহুলক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে। জিলা আদালতে দিয়া এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দিয়ে ৰাহুলৰ অধিবক্তাই। ৰাহুলক এই আবেদন কৰাৰ বাবে সত্ৰন্যায়াধীশ আদালতে ৩০ দিনৰ সময় দিছিল। গুজৰাট হাইকৰ্টে ৰাহুলক এই আবেদন গ্ৰহণ কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি বাহাল থাকিব বুলিয়েই ৰায় দিয়ে। গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ পাছতেই ৰাহুলে টুইটাৰত কৰিছিল এটা বিশেষ পোষ্ট। ৰাহুলে টুইটযোগে লিখিছিল, ‘মোৰ ধৰ্ম, সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত। সত্যই মোৰ ঈশ্বৰ, অহিংসা সেয়া পোৱাৰ মাধ্যম-মহাত্মা গান্ধী।’

জনপ্ৰতিনিধিত্ব আইন অনুযায়ী, কোনো অপৰাধত দোষী সাব্যস্ত হ’লে সাংসদ বা বিধায়ক দোষী সাব্যস্ত হৈ দুবছৰ বা তাতোকৈ অধিক কাৰাদণ্ডৰ শাস্তি পালে তাৎক্ষণিকভাৱে সাংসদ বা বিধায়ক পদ হেৰুৱাই বিধায়ক বা সাংসদগৰাকীয়ে। সেই আইনৰ অধীনতেই বিগত ২৪ মাৰ্চত ৰাহুলৰ সাংসদ পদ খাৰিজ কৰিছিল অধ্যক্ষ ওম বিৰালাই। সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন(১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হৈছিল।

কংগ্ৰেছৰ তৰফৰ পৰা এই সন্দৰ্ভত কোৱা অনুসৰি, ‘সঁচা কথা কোৱাৰ বাবেই ৰাহুলে শাস্তি লাভ কৰিলে।’ এই বিষয়টোকলৈ আইনী আৰু ৰাজনৈতিক যুদ্ধও অব্যাহত ৰাখিছিল কংগ্ৰেছে। সাংসদ পদ হেৰুৱাই ৰাহুলে টুইটাৰত নিজৰ পৰিচয়ো সলনি কৰিছিল। টুইটাৰত ৰাহুলে লিখিছিল, ‘ডিছকোৱালিফায়েড এম পি’। ইয়াৰপাছতেই ২৭ মাৰ্চত ৰাহুলক দিল্লীৰ তুঘলক ৰোডৰ চৰকাৰী বাংলো খালী কৰিবলৈকো নটিছ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। বাংলো এৰিবলৈ ৰাহুলক চিঠি দিয়াৰ বাবে লোকসভাৰ সচিবালয়ক ৰাহুলে ধন্যবাদো জ্ঞাপন কৰিছিল। বিগত ২২ এপ্ৰিলত ৰাহুলে তুঘলক লেন ৰোডৰ চৰকাৰী বাংলো ত্যাগ কৰে। তাৰপিছতেই ৰাহুলৰ নতুন ঠিকনা হৈছিল মাতৃ ছোনীয়া গান্ধীৰ বৰাদ্দ ১০ জনপথত থকা চৰকাৰী বাংলো।

উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ হিচাপে সেই বাংলোটোত বাস কৰি আহিছে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী। ৰাহুলে নিজৰ বাংলো এৰি মাতৃৰ বাংলোলৈ যোৱাৰ সময়ত ৰাহুলে কৰিছিল এটা বিশেষ মন্তব্য। ৰাহুলে কৈছিল, ‘মই সত্যৰ পথত আগুৱাই যোৱাৰ বাবে যিকোনো মূল্য দিবলৈ প্ৰস্তুত আছো।’ ইয়াৰপাছতেই বিগত ৭ জুলাইত চুৰাট মেজিষ্ট্ৰেচ আদালতৰ ৰায় বাহাল ৰাখে গুজৰাট হাই কৰ্টৰ ন্যায়াধীশ হেমন্ত প্ৰচ্ছকৰ বেঞ্চেও। এই সন্দৰ্ভত ন্যায়াধীশ হেমন্ত প্ৰচ্ছকে কয়, ‘নিম্ন আদালতে ৰাহুল গান্ধীৰ ওপৰত যি ৰায় দিছে সেয়াই সঠিক।’ গুজৰাট উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই ৰাহুল গান্ধীৰ অধিবক্তা দ্বাৰস্ত হয় উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভা আৰু ন্যায়াধীশ পি কে মিশ্ৰৰ বেঞ্চে এই মোকৰ্দমাৰ শুনানি দিয়ে। বিগত ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুলক ৰাহুলৰ কাৰাদণ্ডক নিৰ্দেশক স্থগিতাদেশ প্ৰদান কৰে। মানহানিৰ গোচৰত অভিযুক্ত এজন ব্যক্তিক কেনেকৈ ২ বছৰ কাৰাদণ্ড দিলে সেই বিষয়ে চুৰাট আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ক কাৰণ বাখ্যা কৰিবলৈকো কয় সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, জনপ্ৰতিনিধি আইনৰ ৮(৩) ধাৰা অনুযায়ী শাস্তিৰ ম্যাদ দুবছৰতকৈ এদিন কম হ’লেও জনপ্ৰতিনিধি এজনৰ সাংসদ পদ খাৰিজ নহয়। কেৱল সেয়াই নহয় ছবছৰৰ বাবে ভোট যুদ্ধত নামিব নোৱাৰাৰ নিষেধাজ্ঞাও এই ক্ষেত্ৰত লাঘু নহয়। অৱশ্যে ৰাহুলে সাংসদ পদ হেৰুৱালেও ৰাজনৈতিকভাৱে ৰাহুল কিন্তু পিছুৱাই যোৱা নাছিল। সাংসদ পদ যোৱাৰ পাছত ৰাহুল আৰু বেছি সক্ৰিয়হে হৈ পৰিছিল। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনতো বিজেপি কংগ্ৰেছৰ হাতত ধৰাসায়ী হৈ পৰিছিল। ‘ভাৰত জোড়ো যাত্ৰা’ৰ পাছতেই ৰাহুলে এগৰাকী নেতা হিচাপে বিশেষ স্বীকৃতিও লাভ কৰিছিল। কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ত ৰাহুল গান্ধীৰো বৃহৎ অৱদান আছে বুলি উল্লেখ কৰিছিল কংগ্ৰেছ কৰ্মকৰ্তাসকলে।

বিৰোধী দলসমূহৰ মতে ৰাহুলে সাংসদ পদ হেৰুওৱাটোৱে ৰাহুলৰ জনপ্ৰিয়তা বৃদ্ধিহে কৰিলে। কংগ্ৰেছৰ প্ৰতি শাসক দলৰ এই উপেক্ষাই তৈয়াৰ কৰিলে দেশৰ বিৰোধী জোট , ‘ইণ্ডিয়া’। সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুলৰ কাৰাদণ্ডৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰাৰ পাছতেই কংগ্ৰেছ দলৰ পৰা লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছিল বিশেষ পত্ৰ। ৰাহুলৰ সাংসদ পদ উভতাই দিয়াৰ বাবে প্রধান বিৰোধী দল কংগ্ৰেছৰ তৰফৰ পৰা আৰ্জি দিয়া হৈছিল। বিগত শনিবাৰে কংগ্ৰেছৰ তৰফৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰালালৈ প্ৰেৰণ কৰা হৈছিল পত্ৰৰ লগতে আদালতৰ ৰায়ৰ এটা কপিও।

সোমবাৰে পুৱাই লোকসভাৰ অধ্যক্ষ ওম বিৰালাৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে সাংসদ পদ ৰাহুলক ওভতাই দিয়া হৈছে। ৪মাহৰো অধিক সময় সংসদত ভৰি দিব নোৱাৰা ৰাহুলে সোমবাৰে দুপৰীয়া ১২ বজাত উপস্থিত হৈছে সংসদত। ৰাহুল গান্ধীয়ে সংসদত ভৰি দিয়াৰ লগে লগেই কংগ্ৰেছ নেতা কৰ্মীৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। বিৰোধী গোট ‘ইণ্ডিয়া’ৰ শিবিৰতো দেখা গৈছে ব্যাপক উৎসাহ। মঙলবাৰে মণিপুৰৰ ঘটনাক লৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ আলোচনা কৰিব। এই আলোচনাত ৰাহুল গান্ধীয়েও ভাগ ল’ব বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ এক ঘনিষ্ঠ সূত্ৰই। এইসমূহৰ মাজতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে সেই বিষয়টোৱে এতিয়াও স্পষ্ট হোৱা নাই। দীৰ্ঘদিনীয়া সাংসদ পৰিক্ৰমা ৰাহুলৰ। ২০০৪ চনৰ পৰা বৰ্তমান পৰ্যন্ত এক দীঘলীয়া সময় ধৰি ৰাহুল কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ হৈ আছে। ২৪ ৰ নিৰ্বাচন ৰাহুলে খেলক বা নেখেলক এজন ৰাজনীতিবিদ হিচাপে কিন্তু ৰাহুল যথেষ্ট জনপ্ৰিয় হৈ পৰিছে দেশবাসীৰ মাজত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ 'মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.