• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

3 years ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

55 minutes ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

1 hour ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

3 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

3 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

4 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

12 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

13 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

14 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

14 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

15 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

editor by editor
August 8, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাহুল গান্ধীয়ে নহয় অনাস্থা প্ৰস্তাৱ অনাৰ আৰম্ভণি ভাষণ আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱে তেওঁৰ বক্তব্যত কয়, ‘অনাস্থা প্ৰস্তাৱ আমি উপায়হীন হৈ আনিব বিচাৰিছো । মণিপুৰৰ জনতাৰ বাবেই আমি এই প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছো। মণিপুৰ জনতাই আজি ন্যায় বিচাৰিছে। মাৰ্টিন লুথাৰে কৈছিল, কৰোৱাত অন্যায় হ’লে সেই অন্যায় যদি আমি মনে মনে সহি থাকো তেন্তে এদিন সকলোতে অন্যায় হ’লে দেশৰ আন কোনো প্ৰান্ততো অন্যায় হলে মনে মনে থাকিবলৈ বাধ্য হ’ব লাগিব।

এই অন্যায় উত্তৰ পূবৰ এখন সৰু ৰাজ্যৰ সৈতে হোৱা নাই। এই অন্যায় হৈছে দেশৰ জনতাৰ লগত। মণিপুৰ যদি জ্বলি আছে, ভাৰতো জ্বলি আছে। মণিপুৰৰ বিভাজন মানেই ভাৰতৰ বিভাজন। আমি আজি এখন ৰাজ্যৰ কথা লৈ ইয়াত থিয় হোৱা নাই।  আমি ভাৰতৰ কথা কৈছো। আমি এটাই দাবী কৰিছিলো দেশৰ উচ্চ আসনত বহি থকা প্ৰধানমন্ত্ৰীয়ে মণিপুৰবাসীৰ বাবে কিবা এটা কওক, কিবা এটা কৰক। কিন্তু তেনেকুৱা নহ’ল। তেওঁ মৌনব্ৰত ল’লে। মণিপুৰৰ জনতাৰ আশাও তেওঁ ভংগ কৰিছে। মণিপুৰৰ জনতাই আশা কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিবা এটা কৰিব। আমি প্রধানমন্ত্ৰীৰ মৌনব্ৰত ভাঙিব বিচাৰিছো। প্রধানমন্ত্ৰীলৈ আমাৰ মাত্ৰ ৩টা প্ৰশ্ন আছে।

প্রথম প্ৰশ্নটো হৈছে, আজিলৈকে মণিপুৰ তেওঁ কিয় নগ’ল?  ইণ্ডিয়া এলায়েন্সৰ গোট গ’ল, ৰাহুল গান্ধী গল, অমিত শ্বাহ গ’ল কিন্তু প্রধানমন্ত্ৰী কিয় মণিপুৰ যাব নোৱাৰিলে? দ্বিতীয় প্ৰশ্ন, এখন প্ৰদেশ জ্বলি আছে কিন্তু এই দেশৰেই প্রধানমন্ত্ৰীয়ে কিয় মণিপুৰ শব্দটো উচ্চাৰণ কৰিবলৈকে ৮০ দিন সময় ল’লে? মাত্ৰ ৩০ ছেকেণ্ডহে মণিপুৰৰ বাবে তেওঁৰ সময় হ’ল। মণিপুৰৰ বাবে তেওঁ কিয় মহত্বপূৰ্ণ শব্দবোৰ উচ্চাৰণ কৰিব পৰা নাই? শান্তিৰ আহ্বান তেওঁ কিয় কৰিব পৰা নাই? আমাৰ তৃতীয় প্ৰশ্ন, প্রধানমন্ত্ৰীয়ে আজিলৈকে মণিপুৰৰ মুখ্যমন্ত্ৰীক কিয় বৰ্খাস্ত কৰিব নোৱাৰিলে? উত্তৰাখণ্ড, গুজৰাটত নিৰ্বাচন আহিলে তেওঁ মুখ্যমন্ত্ৰী সলাব পাৰে, কিন্তু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ মাজত কি এনে গুণ আছে যাৰ বাবে তেওঁক আজিলৈকে বৰ্খাস্ত কৰিব পৰা নাই? মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই তেওঁৰ ব্যৰ্থতা স্বীকাৰ কৰা স্বত্ত্বেও তেওঁক কিয় এতিয়ালৈ আঁতৰাব পৰা নাই?

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত সম্পূৰ্ণ বিফল হৈছে। ডাবল ইঞ্জিনৰ চৰকাৰ থকিও বিগত দুবছৰ ধৰি অশান্তিৰ পৰিবেশে বিৰাজ কৰি আছে। উত্তৰ পূবত এনে সমস্যা হৈয়েই থাকে। কিন্তু মণিপুৰত যি হৈছে সেয়া সঁচাকৈয়ে ভাৱিবলগীয়া। মণিপুৰত দুটা জাতিৰ মাজত যি ঘৃণা এনে ঘৃণা মই উত্তৰ পূবৰ বাসিন্দা হৈয়ো কাহানিও দেখা নাছিলো। মোদীজী, আপোনাৰ ৰাজনীতিৰ বাবেই আজি মণিপুৰ বিভাজন হৈছে। ৰজাৰ বাবেই আজি মণিপুৰ বিভাজিত হৈছে। আজিৰ এই পৰিস্থিতিৰ বাবে আটাইতকৈ বেছি হিংসাৰ বলী হৈছে নাৰীসকল। মই মণিপুৰ গৈছো, নিৰ্যাতনৰ বলি হোৱা দুগৰাকী মহিলাৰ ঘৰলৈকো গৈ তেওঁলোকৰ পীড়া মই শুনি আহিছো। যন্ত্ৰণা কাক কয়, তেওঁলোকৰ চকুলৈ চালেই বুজিব। আপোনালোকে কৈছে আমি ফটোশ্বুট কৰিব গৈছো কিন্তু সেই ঠাইলৈ গ’লেহে আপুনি বুজিব মণিপুৰত কি হৈছে। মণিপুৰত আজিও ইণ্টাৰনেট কৰ্তন হৈ আছে, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব পৰা নাই, মহিলাসকল নিৰ্যাতনৰ বলি হৈয়েই আছে। এই পৰিস্থিতিতো মুখ্যমন্ত্ৰীয়ে একো মাত মতা নাই। এই প্ৰসংগত মাত মতাৰ সলনি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ মাফিয়াক সংৰক্ষণ দিয়াত লাগিছে।

আমাৰ প্ৰধানমন্ত্ৰীয়ে মৌনব্ৰত লোৱাৰ তিনিটা কাৰণ আছে বুলি আমি ভাৱো। এই তিনিটা কাৰণৰ ভিতৰত প্রথম কাৰণটো হৈছে, মোদীজীয়ে তেওঁৰ ভাৱমূৰ্তী ৰক্ষা কৰাত বিশেষ গুৰুত্ব দি আহিছে। তেওঁ মৌন হৈ থাকিলে তেওঁৰ ডাবল ইঞ্জিনৰ ৰাজ্য চৰকাৰৰ ছবি দেশৰ জনতাৰ চকুৰ পৰা লুকাই থাকিব। দ্বিতীয় কাৰণটো হৈছে, তেওঁৰ গৃহবিভাগ আজি বিফল হৈছে। ৫০০০ তকৈয়ো অধিক অস্ত্ৰ মণিপুৰৰ জনতাৰ হাতে হাতে। মণিপুৰৰ আৰক্ষী চকীৰ পৰা অস্ত্ৰ লুটপাত কৰি লৈ গৈছে। অথচ মোদীৰ গৃহবিভাগে একো কৰিব পৰা নাই। জনতাৰ হাতে হাতে একে ৪৭, লাখ লাখ গুলি এইবোৰ জানিও কিয় তেওঁৰ গৃহবিভাগে একো কৰিব পৰা নাই? এই যুদ্ধৰ অস্ত্ৰসমূহ কেৱল মণিপুৰত ৰৈ যাব তেনে নহয়। এইবোৰ উত্তৰপূৱত বিয়পি পৰিব। অশান্তিৰ বাতাবৰণ উত্তৰপূবৰ পৰা সমগ্ৰ দেশলৈকে বিয়পি পৰিব তেতিয়া প্ৰধানমন্ত্ৰীকে কি কৰিব? কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা দলে কিয় এই বিষয়ত একো কৰিব পৰা নাই? শেষত আসাম ৰাইফলছৰ জোৱানকো মণিপুৰৰ পৰা আঁতৰাই অনা হ’ল। ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে? মুখ খুলিলেই মোদীয়ে উত্তৰ দিব লাগিব সেয়ে তেওঁ মৌনব্ৰতত আছে। উত্তৰ পূবত মোদীৰ সকলো প্ৰতিশ্ৰুতিয়েই বিফল হৈছে। মোদীজীয়ে উত্তৰ পূবৰ বাবে কি সফল কাম কৰিলে, ক’ব পাৰিবনে? প্ৰথমবাৰ মই দেখিছো মোদীজীৰ নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষা এনেকুৱা যে উত্তৰ পূবৰ দুখন ৰাজ্যৰ আৰক্ষীয়ে এটাই  আনটোক উদ্দেশ্যি গুলি চলায়।

প্রধানমন্ত্ৰী মোদীৰ মৌনব্ৰতৰ তৃতীয় কাৰণটো হৈছে, মোদীয়ে তেওঁৰ ভুল কেতিয়াও স্বীকাৰ কৰিব নোখোজে। জনতাৰ ওচৰত ভুল স্বীকাৰ কৰিব নোখোজা স্বভাৱটো তেঁওৰ আজিৰ নহয়। মণিপুৰেই নহয়, কৃষক আন্দোলনো মোদীজীৰ বিফলতাৰ বাবেই হৈছিল। তেতিয়া ৭৫০ কৃষক শ্বহীদ হৈছিল। তেতিয়াও মোদীজী মনে মনে আছিল। দেশৰ কুস্তি খেলুৱৈৰ ওপৰত নিৰ্যাতন চলোতে মোদীজী মৌন হৈ আছিল। ৰাহুল গান্ধীৰ প্রশ্নত মোদীজী মৌন আছিল। ইয়াৰ আঁৰত এটাই কথা, তেওঁ নিজৰ বিফলতা, ভুল কেতিয়াও মানি ল’ব নোৱাৰে। প্রধানমন্ত্ৰী মোদীয়ে চীনৰ সমস্যাক লৈয়ো মনে মনে থাকে। চীনৰ বিদেশ মন্ত্ৰণালয়ৰ সৈতে মোদীজীয়ে গোপনে আলোচনা কৰিছে কিন্তু কি আলোচনা কৰিছে আজিলৈকে মোদীয়ে কিয় দেশৰ জনতাক খুলি ক’ব নোৱাৰিলে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

অস্কাৰৰ স্মাৰক দিলে কিন্তু ধন ক’ত? বোমান আৰু বেলীয়ে ‘এলিফেণ্ট হুইস্পাৰাৰ্ছ’ৰ পৰিচালকৰ বিৰুদ্ধে আনিছে অভিযোগ

অস্কাৰৰ স্মাৰক দিলে কিন্তু ধন ক’ত? বোমান আৰু বেলীয়ে 'এলিফেণ্ট হুইস্পাৰাৰ্ছ’ৰ পৰিচালকৰ বিৰুদ্ধে আনিছে অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.