• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

3 years ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

26 minutes ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

45 minutes ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

2 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

3 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

11 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

11 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

11 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

12 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

12 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

13 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

13 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

editor by editor
August 7, 2023
in জীৱনশৈলী, বিজ্ঞান, ভাৰত
0
আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ মিছন আৰম্ভ হোৱাৰ পৰাই সংবাদ শিৰোনামা দখল কৰি আছে ইছৰোৰ প্ৰধান এছ সোমনাথে। এই মিছন সফল হোৱাৰ পূৰ্বেই সকলোৱে তেওঁৰ নাম লৈছে। ইছৰোৰ চেয়াৰমেনৰ কেইটামান বিশেষ কথা।

ইছৰোৰ চেয়াৰমেনৰ সম্পূৰ্ণ নাম কি?

এছ সোমনাথৰ সম্পূৰ্ণ নাম হৈছে শ্ৰী ধৰা পানিকাৰ সোমনাথ। বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চেয়াৰমেন তথা এজন ৰকেট বিজ্ঞানী হিচাপে কাম কৰি আছে এছ সোমনাথে। ২০১৮ চনত বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল সোমনাথে। এই খ্যাতি এদিনতেই লাভ কৰা নাই সোমনাথে। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমো কৰিছে সোমনাথে। মহাকাশযানৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা, ষ্ট্ৰাকচাৰেল ডিজাইনিং, মহাকাশযানৰ গতি, বিস্ফোৰক প্ৰক্ৰিয়াকে ধৰি অন্যান্য একাধিক পৰীক্ষা-নিৰীক্ষাৰ নেপথ্যত আছে তেওঁৰ অনুদান। প্ৰাক্তন ইছৰো প্ৰধান কে, চিভানৰ পাছত এছ সোমনাথে ইছৰো প্ৰধান হিচাপে দায়িত্বভাৰ লাভ কৰে। ২০২২ চনৰ ১২ জানুৱাৰীত ইছৰোৰ চেয়াৰমেনৰ দায়িত্ব কান্ধত তুলি লয় এছ সোমনাথে।

এছ সোমনাথৰ নাগৰীকত্ব আৰু পৰিয়াল

১৯৬৮ চনৰ জুলাই মাহত কেৰালাৰ আলাপ্পুঝাৰ অৰুৰত জন্মগ্ৰহণ কৰিছিল শ্ৰী ধৰা পানিকাৰ সোমনাথে। বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। দক্ষিণ ভাৰতীয় পৰিয়ালৰ সন্তান সোমনাথৰ পিতৃ আছিল পেছাত এগৰাকী হিন্দী শিক্ষক। সৰুৰে পৰাই শিক্ষিত, ধনী, সংস্কৃতিবান পৰিয়ালত ডাঙৰ হৈছিল সোমনাথ। কেৰিয়াৰৰ আৰম্ভনিৰে পৰাই পিতৃয়েই আছিল তেওঁৰ পথ প্ৰদৰ্শক। সোমনাথৰ দৃষ্টিত পিতৃ আছিল ৰোল মডেল। কামৰ প্ৰতি দায়িত্বশীল হোৱা, প্ৰাথমিক শিক্ষাও পিতৃৰ বিদ্যালয়তেই লৈছিল সোমনাথে। পিতৃয়েই তেওঁক শিকাইছিল কামৰ প্ৰতি গুৰুত্ব। সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাইছিল সোমনাথে।

সোমনাথৰ পঢ়াশুনাক লৈ মাতৃ থাংকাম্মাৰো সতৰ্ক আছিল। পঢ়াশুনাৰ দিশটোত মাতৃয়েও সম্পূৰ্ণ নজৰ দিছিল। সৰুৰে পৰাই সোমনাথক পিতৃ-মাতৃয়ে বাহিৰা গ্ৰন্থ পঢ়াত উৎসাহ যোগাইছিল। মালায়ালম আৰু ইংৰাজী দুয়োটা ভাষাতে থকা বিজ্ঞানৰ তথ্যসমৃদ্ধ গ্ৰন্থ পঢ়িবলৈ সুবিধা কৰি দিছিল পুত্ৰক। পিতৃ-মাতৃৰ এই দায়িত্বশীলতাই জন্ম দিছিল বিজ্ঞানী সোমনাথৰ।

এছ সোমনাথৰ শৈক্ষিক জীৱন
সৰুৰে পৰাই মেধাৱী ছাত্ৰ আছিল সোমনাথ। তেওঁৰ বিশেষ আগ্ৰহ আছিল বিজ্ঞান বিষয়ত। ছেন্ট অগাষ্টিন হাই স্কুলত স্কুলীয়া শিক্ষা লাভ কৰি এৰ্নাকুলামৰ মহাৰাজা কলেজত নামভৰ্তী কৰে। তাৰ পৰাই তেওঁ স্নাতক হয়। গণিত আৰু পদাৰ্থবিজ্ঞানত প্ৰাক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জন কৰে সোমনাথে। ১৯৮৫ চনত কোল্লামৰ টি কে এম কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লয় এছ সোমনাথে। ১৯৯৫ চনত তেওঁ বাংগালুৰুৰ Indian Institute of Scienceৰ পৰা মহাকাশ প্ৰকৌশল আৰু গতিবিদ্যা নিয়ন্ত্ৰণত স্নাতকোত্তৰ ডিগ্ৰী লয়।

স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতেই দীৰ্ঘদিন বিভিন্ন কোম্পানীতো কাম কৰিছিল এছ সোমনাথে। কিন্তু সেই কামসমূহত তেওঁৰ মন বহা নাছিল। পাছলৈ তেওঁ চাকৰি ত্যাগ কিৰ আকৌ পিএইছডি ডিগ্ৰীৰ বাবে ইন্ডিয়ান ইনস্টিটিউট অফ টেকনোলজি মাদ্ৰাছলৈ যাত্ৰা কৰে। তাৰপৰাই তেওঁ পিএইছডি লয়। ১৯৯৫ চনত ইছৰোৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত পোনতে যোগদান কৰে। সেই বৰ্ষতেই তেওঁ পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেলৰ প্ৰজেক্ট মেনেজাৰৰ দায়িত্ব লাভ কৰে। ২০১০ চনত জিওছিঙ্ক্ৰোনাছ ছেটেলাইট লঞ্চ ভেহিকেল MK3 ৰ প্ৰজেক্ট ডাইৰেক্টৰৰ দায়িত্বও লাভ কৰে।

প্ৰকল্পটোৰ পৰিচালক হিচাপে কাম কৰাৰ ওপৰিও প্ৰায় ৪ বছৰ ধৰি তেওঁ স্পেছ অৰ্ডিনেন্স ষ্ট্ৰাকচাৰ এণ্টিটিৰ ডেপুটি হিচাপে কাম কৰে শ্ৰী ধৰা সোমনাথে। ২০১৫ চনত লিকুইড প্ৰপালছন চিষ্টেম চেণ্টাৰৰ ডাইৰেক্টৰ আৰু ইছৰোৰ VSSCৰ ডাইৰেক্টৰ হিচাপে তেওঁক নিযুক্তি দিয়া হয়। ১২ জানুৱাৰী ২০২২ত ইছৰোৰ চেয়াৰমেনৰ দায়িত্ব পোৱাৰ আগলৈকে তেওঁ ইছৰোৰ VSSC দায়িত্বত আছিল।

ইছৰো প্ৰধান হিচাপে দায়িত্ব লাভ কৰাৰ পাছত কিমান দৰমহা লাভ কৰিছে সোমনাথে?

ইছৰোৰ সৰ্বোচ্চ পদত অধিস্থিত এছ সোমনাথৰ দৰমহা কিমান বিষয়টোক লৈ বহুজনেই আগ্ৰহী হৈ থাকে। প্ৰতি মাহত প্ৰায় ২.৫ লাখ টকাকৈ দৰমহা লাভ কৰে এছ সোমনাথে। অৰ্থাৎ তেওঁৰ বাৰ্ষিক আয় প্ৰায় ২৭ লাখ টকা। তেওঁৰ মুঠ সম্পদৰ পৰিমান প্ৰায় ছয় কোটি টকা।

সোমনাথৰ পৰিয়াল
২০বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছে এছ সোমনাথ। তেওঁৰ পত্নীৰ নাম ভালাছালাকুমাৰী। ফিনেন্স গুডছ এণ্ড চাৰ্ভিছ টেক্স বিভাগত কাম কৰি আছে সোমনাথৰ পত্নীয়ে। তেওঁলোকৰ আছে দুটা যমজ সন্তানো। এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান। দুইগৰাকী সন্তানেই ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ। সন্তান দুয়োটাৰ নাম ক্ৰমে মাধৱ আৰু মালিকা।

ইছৰোত এছ সোমনাথৰ অৱদান
ভাৰতীয় মহাকাশ গৱেষণাত সোমনাথৰ অৱদান বহুখিনি আছে। ইঞ্জিনিয়াৰিং বিভাগত তেওঁৰ অৱদান অনস্বীকাৰ্য। মহাকাশযানৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা, পাইৰোটেকনিক, ষ্ট্ৰাকচাৰেল ডিজাইনিং, গতিবিদ্যাতো তেওঁৰ যথেষ্ট অৱদান আছে।

এৱাৰ্ড
বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তামিলনাডুৰ SRM বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট অৱ ছায়েন্স সন্মানেৰে বিভূষিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.