অসম লাইভ২৪ঃ গদৰ-২ য়ে কেজিএফৰ সকলো ৰেকৰ্ড ভংগ কৰি বক্স অফিচত এতিয়াও খলকনি তুলি আছে। শনিবাৰে ছবিখনে ১৩.৭৫ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চিনেমাখনে বক্স অফিচত ৪৩৯.৯৫ কোটি সংগ্ৰহ কৰিছে। বলীউডত বক্স অফিচক সৰ্বাধিক কালেকছন কৰা তৃতীয়খন চিনেমাৰ খিতাপো অৰ্জন কৰিছে গদৰ-২য়ে।
চিনেমাখন ৰিলিজ দিয়াৰ ১৬ দিন পাৰ হ’লেও আজিও দেশৰ প্ৰায় প্ৰতিখন চিনেমাহলত লাগি আছে গদৰ-২। KGF-2ৰ হিন্দী ভাৰ্ছনে বক্স অফিচত ৪৩৪.৭০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেজিএফ-২ য়ে বক্স অফিচত সৰ্বাধিক কালেকছন কৰা ছবিৰ তালিকাত তৃতীয় স্থানত আছিল। কিন্তু KGF-2ৰ এই ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে গদৰ-২য়ে। গদৰ-২ য়ে ১৬ দিনত ৪৩৯.৯৫ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
তৃতীয় সৰ্বাধিক কালেকছন কৰা চিনেমা গদৰ-২
বলীউডৰ ইতিহাসত বক্স অফিচত তৃতীয় সৰ্বাধিক কালেকছন কৰা চিনেমা হৈছে গদৰ-২। ইয়াৰ পূৰ্বে বলীউডৰ আন দুখন চিনেমা বাহুবলী-২(হিন্দী ভাৰ্ছন) আৰু শ্বাহৰুখ খানৰ পাঠান বক্স অফিচত সৰ্বাধিক কালেকছন কৰা চিনেমা। পাঠানে বক্স অফিচত কালেকছন কৰিছিল মুঠ ৫৪৩ কোটি। বাহুবলী-২ হিন্দী ভাৰ্ছনে উপাৰ্জন কৰিছিল ৫১০ কোটি।যদি গদৰ-২ য়ে দেওবাৰে ১৫ কোটি সংগ্ৰহ কৰে, তেন্তে বাহুবলী-২ ৰো অভিলেখ ভংগ কৰিব পাৰে গদৰ-২য়ে।
এই বৰ্ষত কেৱল দুখন চিনেমাই ১০০০কোটিৰ পৰিসীমা পাৰ কৰিছে
বিগত তিনিবছৰত বলীউডৰ চিনেমা ভালকৈ চলা নাই। ভাল ভাল চিনেমাইয়ো বলীউডৰ ভাল কালেকছন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই বৰ্ষত পাঠানৰ পাছত বলীউডৰ ছবিলৈ ভাল দিন উভতি আহিছে। এই বৰ্ষত পাঠান আৰু গদৰ-২য়ে একেলগে প্ৰায় ১০০০ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আগন্তুক ছেপ্টেম্বৰত শ্বাহৰুখৰ আন এখন চিনেমা জাৱানে মুক্তি লাভ কৰিব।
সমগ্ৰ বিশ্বত গদৰ-২ য়ে উপাৰ্জন কৰিলে ৫৭২ কোটি
গদৰ-২ য়ে বিশ্বত ৫৭২ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়া, জাৰ্মান, আমেৰিকা আৰু ইউকেত এই ছবিয়ে সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইফালে ডাইৰেক্টৰ অনিল শৰ্মাই কয় যে গদৰে এনেদৰে ৰাইজৰ সঁহাৰি পালে অচিৰেই ১০০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব। পাঠানৰ সৈতে ছবিখন তুলনা কৰি অনিল শৰ্মাই কয়, চিনেমা কেতিয়া ৰিলিজ দিছে, অভিনেতা কোন সেয়া ডাঙৰ কথা নহয়, সবাতোকৈ ডাঙৰ কথা হৈছে চিনেমাখনৰ কাহিনীৰ সৈতে দৰ্শক কেনেদৰে একাত্ম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ