• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ষমতা মানেই বিষ… মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?

ক্ষমতা মানেই বিষ… মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?

3 years ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

36 minutes ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

1 hour ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

13 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

13 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

14 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

15 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

16 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

17 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

18 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

19 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক্ষমতা মানেই বিষ… মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?

editor by editor
August 31, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
ক্ষমতা মানেই বিষ… মাতৃক তেতিয়া প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ নিদিয়াৰ জেদ কৰা ৰাহুলে এইবাৰ সুযোগ পালে প্রধানমন্ত্ৰীৰ আসনত বহিবনে? ৰাহুল নহ’লে কোন হ’ব ইণ্ডিয়া জোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী?
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাহুল গান্ধী এতিয়া দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লেখত ল’বলগীয়া নেতা। এদিন সকলোৱে পাপ্পু বুলি হঁহা ৰাহুলৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাব ধৰিছে। ভাৰত জোড়ো যাত্ৰাৰ পৰাই তেওঁৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে। ৰাহুল গান্ধীক ভাৰত জোড়ো যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন আগশাৰীৰ সংবাদমাধ্যমে প্ৰশ্ন কৰিছিল, লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্রধানমন্ত্ৰী প্ৰাৰ্থী কোন হ’ব? ৰাহুল গান্ধীয়ে কিন্তু এই প্ৰশ্নৰ মুখামুখি হ’লে এটাই উত্তৰ দিয়ে, ‘আপোনালোকে ভাৰত জোড়ো যাত্ৰাৰ প্রধান উদ্দেশ্যৰ কথা সুধিলে ভালপাম।’

ৰাহুলক বৰ্তমানলৈকে যিয়েই এই প্ৰশ্ন কৰিছে ৰাহুলে সদায়ে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা ফালৰি কাটে। কিন্তু ৰাহুলে যিমানেই ফালৰি নাকাটক কিয় কংগ্ৰেছ দলৰ বেছিভাগ লোকেই কিন্তু গান্ধী পৰিয়ালৰ সদস্য ৰাহুলকেই প্রধানমন্ত্ৰীৰ আসনত চাব বিচাৰে। গান্ধী পৰিয়ালৰ বাদে এই আসনত কোনোৱে উপযুক্ত হ’ব নোৱাৰে বুলি দাবী কৰে প্ৰায়সংখ্যক কংগ্ৰেছী নেতাই। গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্যৰ প্ৰমাণ দিবলৈকে কংগ্ৰেছ দলৰ সদস্যসকলে ৰাহুলক প্ৰধানমন্ত্ৰীৰ আসনত বিচাৰেনে আন কোনো কাৰণত বিচাৰে সেই কথা স্পষ্ট নহয় যদিও তেওঁলোকৰ দলৰ প্ৰায় সদস্যই সুযোগ পালেই ৰাহুলৰ নাম লয়।

সম্প্ৰতি ৰাহুলক প্রধানমন্ত্ৰী হিচাপে বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। তালিকাত সংযোজন হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। তেওঁ এই সন্দৰ্ভত কয়, বিৰোধী দলসমূহে মিলি তৈয়াৰ কৰা জোঁট ‘ইণ্ডিয়া’ই সংখ্যাগৰিষ্ঠ আসন লাভ কৰিলেও প্রধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধীয়েই। অমিত শ্বাহেও ৰাহুল প্রধানমন্ত্ৰী হ’ব নেকি সেই প্ৰসংগত পূৰ্বেই মন্তব্য কৰি থৈছে। অমিত শ্বাহে এই সন্দৰ্ভত কৈছিল, ‘ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’লে কংগ্ৰেছৰ ইণ্ডিয়া জোঁটো ফ্লপ হ’ব।’

পাটনা, বাংগালুৰুৰ পাছত এইবাৰ মুম্বাইচ বিৰোধী জোঁটৰ তৃতীয় শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। বিৰোধী মহাজোঁট ‘ইণ্ডিয়া’ই কিন্তু এতিয়াও তেওঁলোকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সেই কথা মুকলিকৈ প্ৰকাশ কৰা নাই। বিজেপিয়ে কোনো কাৰণতে তেওঁলোকৰ গোপন ৰণনীতিৰ যাতে ভূ নাপায় তাৰবাবে সষ্টম হৈ আছে এইবাৰ বিৰোধী দল। যদি প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ কথা আগতেই জনোৱা হয় তেন্তে ২০২৪ৰ লোকসভা নিৰ্বাচন ব্যক্তিকেন্দ্ৰীক হৈ পৰিব।

যদি ইণ্ডিয়া জোঁটে তেওঁলোকৰ প্ৰাৰ্থীৰ কথা প্ৰকাশ কৰে তেন্তে বিজেপিৰ পক্ষত নৰেন্দ্ৰ মোদীৰ সুউচ্চ ভাৱমূৰ্তি আৰু ব্যক্তিগত জনপ্ৰিয়তা আৰু বৃদ্ধি কৰাত সহজ হ’ব। বিৰোধী জোঁটৰ প্রধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে যদি ভাল মুখ তেওঁলোকে তুলি ধৰিব নোৱাৰে তেন্তে বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত ‘নৰেন্দ্ৰ মোদীৰ বিকল্প নাই’ এই প্ৰচাৰ চলাবলৈ সুযোগ পাব। কংগ্ৰেছে এইবাৰ ৰণনীতি সলনি কৰিছে। বিৰোধী জোঁটৰ মত, ‘লোকসভা নিৰ্বাচন তেওঁলোকে সকলো ৰাজ্যতেই নিৰ্বাচনী যুদ্ধ হিচাপেহে খেলিব। প্ৰতিখন ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অনুযায়ী বিজেপিৰ সৈতে তেওঁলোকে যুঁজ দিব।

ইফালে পূৰ্বৰ তুলনাত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। শেহতীয়াভাৱে মোদীয়ে তেওঁৰ বিকল্প কোনো নাই এই ধাৰণাত অটল হৈ কিছু কাম কৰিছে। যিসমূহ কামেই তেওঁৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ একমাত্ৰ কাৰণ বুলিও জনাইছে ৰাজনৈতিক বিশেষজ্ঞসকলে। নৰেন্দ্ৰ মোদীয়ে নিজেও তেওঁৰ তৃতীয় কাৰ্যকালত কি কি কাম হৈছে সেইসমূহ কথা প্ৰচাৰ কৰিবলৈ তেওঁৰ দলৰ নেতাসকলক আহ্বান জনাইছে। নতুন কোনো কাম যিহেতু মোদীয়ে কৰা নাই সেয়ে পুৰণি কামৰ খতিয়ান দাঙি ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়িছে মোদীৰ দল। ইফালে ইণ্ডিয়া জোঁট গঠন হোৱাৰ লগে লগে কি কি কাম কৰিব এই জোঁটে সেই সম্পৰ্কেও জানিব খুজিছে দেশৰ ৰাজনৈতিক সচেতন প্ৰতিজন ব্যক্তিয়ে।

বিশেষকৈ আৰ্থিক নীতি, দেশৰ নিৰাপত্তা আৰু বৈদেশিক নীতিৰ দৰে বিষয়সমূহক লৈ ইণ্ডিয়া জোঁটৰ ভাৱনা কি সেই বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন। বিশেষকৈ ই্ণ্ডিয়া জোঁটে বেকাৰত্ব আৰু মুল্যবৃ্দ্ধিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেই প্ৰশ্নই সৰ্বাধিক উত্থাপন হৈছে। এই বিষয়টো স্পষ্ট কৰা দৰকাৰ বুলি ইণ্ডিয়া জোঁটক জনাইছে প্ৰায়সংখ্যক লোকেই। ৰাহুল গান্ধীয়ে মেলে-মিটিঙে প্ৰায়েই কৈছে যে ভাৰতত এতিয়া একমাত্ৰ কংগ্ৰেছ দলেই বিকল্পৰ সন্ধান দিব পাৰে। ভাৰত জোড়ো যাত্ৰাত তেওঁ বিজেপি-আৰএছএছৰ বিভাজন নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৈচিত্ৰৰ মাজত ঐক্যৰ ভাৱনাক জগাই তুলিবলৈ যত্নও কৰিছে। ইয়াৰোপৰি মূল্যবৃদ্ধি আৰু বেকাৰত্বক লৈ মোদী চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ আনিছিল ৰাহুলে। ৰাহুলৰ এইসমূহৰ বক্তব্যৰ পাছতেই দেশৰ একাংশ জনতাই ভাৱি লৈছে যে ৰাহুলেই একমাত্ৰ বিকল্প যিয়ে নৰেন্দ্ৰ মোদীক চেলেঞ্জ জনাব পাৰে।

ক’লেই জানো সকলো হৈ উঠে। মুখেৰে কোৱা কথা আৰু মনৰ ভাৱনাৰ মাজত বিস্তৰ পাৰ্থক্য আছে। এই মুহূৰ্তত যদি চোৱা যায় তেন্তে ২০২৪ৰ নিৰ্বাচনত মোদী চৰকাৰৰ প্ৰত্যবৰ্তনৰ সম্ভাৱনাই প্ৰৱল। কিন্তু কোনো কাৰণত যদি ইণ্ডিয়া জোঁটে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে তেন্তে ৰাহুলে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ ৰাজী হ’বনে সেই বিষয়টোত সন্দেহ আছে কংগ্ৰেছৰ প্ৰায়কেইগৰাকী জ্যেষ্ঠ নেতাৰেই। ৰাহুলে এই আসনত নিজেই নবহি মল্লিকাৰ্জূন খড়্গেক এই আসন এৰি দিয়াৰ সম্ভাৱনা আছে বুলিও জনাইছে একাংশ কংগ্ৰেছী নেতাই। এই সম্ভাৱনাই দেখা দিয়াৰ বিশেষ কাৰণো আছে। কাৰণ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পূৰ্বেও ৰাহুলে জেদ কৰিছিল তেওঁক যাতে কোনোৱে সভাপতি পদত বহিবলৈ জোৰ নকৰে। তেওঁৰ নামো যাতে কোনোৱে প্ৰস্তাৱ নকৰে। তেওঁ নিজেতো সভাপতি আসনত নবহেই ভগ্নী প্ৰিয়ংকা আৰু মাতৃ ছোনীয়া গান্ধীকো এই আসনত বহিবলৈ নিদিয়াৰ জেদ কৰিছিল ৰাহুলে। গান্ধী পৰিয়ালৰ কোনোৱে যাতে এই আসনত নবহে বা বহিবলৈ মন নেমেলে সেই বিষয়ে আগতেই সঁকীয়াই দিছিল ৰাহুলে। ৰাহুল গান্ধীৰ এই জেদ মাতৃয়ে মানি ল’লে। ৰাহুলে কিন্তু অধিকাংশ সময়তেই মনত ভাৱ স্পষ্টৰূপত প্ৰকাশ নকৰে। ৰাজনৈতিক প্ৰশ্নৰ উত্তৰত তেওঁ দাৰ্শনিক হৈ উঠে। ৰাহুল গান্ধীয়ে সদায়ে ‘টু বি ঔৰ নট টু বি…’ এই ধৰণৰ দাৰ্শনিক উত্তৰ থাকে ৰাহুলৰ। ৰাহুলৰ এইসমূহ কাৰ্যকলাপ দেখিয়েই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল কিছু পৰিমানে চিন্তিতও হয়।

২০১৩ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল কংগ্ৰেছৰ সহ-সভাপতি হিচাপে দায়িত্ব লৈ কৈছিল, ‘ক্ষমতা হ’ল বিষ। এই বিষ পান কৰিবলৈ মই অনিশ্চুক।’ তেতিয়াই এই কথা স্পষ্ট হৈ পৰিছিল যে ৰাহুলে প্ৰধানমন্ত্ৰী আসনত বহিবলৈ ইচ্ছা নকৰে। ইয়াৰ পাছতেই ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী প্ৰসংগত কৈছিল, ‘দলে কোনো দায়িত্ব দিলে সেই দায়িত্ব পালন কৰাত তেওঁৰ আপত্তি নাই।’ ২০১৯ ৰ লোকসভা নিৰ্বাচনত তেওঁ বাংগালুৰুৰ এক আলোচনা সভাতো ক্ষমতাক লৈ তেওঁ উদাসীন সেই কথা প্ৰকাশ কৰিছিল। কিন্তু এইসমূহৰ মাজত ৰাহুল এইবাৰ বহু ক্ষেত্ৰতেই সলনি হৈছে। সন্মুখত ২৪ৰ লোকসভা নিৰ্বাচন। ৰাহুলে এইবাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে নিজকে যোগ্য বুলি ভাৱেনে সেই প্ৰশ্নৰ উত্তৰ বহুতেই ৰাহুলৰ পৰা বিচাৰিছে। ইয়াৰ মাজতেই আন এক সমস্যাও আছে ইণ্ডিয়া জোঁটৰ সন্মুখত। যদি ৰাহুলে ক্ষমতাক বিষ বুলি ভাৱি প্রধানমন্ত্ৰী দৌৰত মই নাই বুলি ঘোষণা কৰি দিয়ে তেন্তে যুদ্ধৰ পূৰ্বে হাৰি যোৱা বুলি ভুল বাৰ্তা ৰাইজৰ মাজলৈ যাব। তাতকৈ প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰি নিজেই নবহো বুলি কোৱাটোৱেই বুদ্ধিমানৰ কাম হ’ব বুলি জনাইছে একাংশ ৰাজনৈতিক বিশ্লেষকে।

২০০৪ চনত ইউপিএ চৰকাৰ গঠনৰ সময়ত ছোনীয়া গান্ধীয়েও প্রধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল। তেওঁ কিন্তু নিজে সেই আসনত নবহি মনমোহন সিঙক প্রধানমন্ত্ৰীৰ আসনত বহুৱাই। ছোনীয়া গান্ধীয়ে তেতিয়া নিজেই ইচ্ছা কৰি এই পদ এৰি দিয়া নাছিল। ইয়াৰ আঁৰত আছিল ৰাহুল গান্ধীৰ জেদ। তেতিয়াও ৰাহুলে জেদ কৰিছিল মাতৃয়ে এই আসনত বহাৰ প্ৰয়োজন নাই। ৰাহুলে বিচৰা নাছিল মাতৃ প্ৰধানমন্ত্ৰী হওক। ছোনীয়াৰ সেই সিদ্ধান্তৰ আঁৰত আছিল ৰাহুল গান্ধী। আৰু ৰাহুলৰ সেই সিদ্ধান্তই মাতৃ ছোনীয়াৰ পৃথক ভাৱমূৰ্তী উচ্চতালৈ লৈ গৈছিল। মনমোহন সিং প্রধানমন্ত্ৰী হোৱাৰ পাছত ৰাহুল গান্ধীক একাধিকবাৰ কেন্দ্ৰীয় মন্ত্ৰী হ’বলৈ অনুৰোধ জনাইছিল। কিন্তু ৰাহুতে তেতিয়াও সেই প্ৰস্তাৱ মানি নল’লে। ছোনীয়া গান্ধীয়েও ৰাহুলক বুজাই মান্তি কৰাব নোৱাৰিল। ৰাহুলে তেতিয়াৰে পৰাই ক্ষমতাত থাকিব নিবিচাৰে। এইবাৰ যদি ৰাহুলৰ হাতলৈ প্রধানমন্ত্ৰী হোৱাৰ সুযোগ আহে তেন্তে ৰাহুল প্রধানমন্ত্ৰীৰ আসনত বহিবলৈ ৰাজী হ’বনে? ইণ্ডিয়া জোঁটৰ সৈতে একাধিক ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী জড়িত হৈ আছে। তেওঁলোকৰ অভিজ্ঞতা বহু বেছি। চৰকাৰ চলোৱাৰ অভিজ্ঞতাও বেছি। তেনেক্ষেত্ৰত ৰাহুলে তেনে এগৰাকী মন্ত্ৰীকেই প্রধানমন্ত্ৰীৰ দায়িত্বভাৰ গতাই দিয়াৰ সম্ভাৱনা আছে বুলি বহুকেইজন ৰাজনৈতিক বিশ্লেসকেই মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?
বাণিজ্য

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
Next Post
ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

ঘৰুৱা চিলিণ্ডাৰৰ পাছত এইবাৰ দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰো! বাণিজ্যিক চিলিণ্ডাৰত কেইটকা হ্ৰাস কৰিলে মোদী চৰকাৰে?

চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ…

চন্দ্ৰত ভূমিকম্প! বিক্ৰমে ধৰা পেলালে কম্পন, কিয় ভূমিকম্প হয় চন্দ্ৰত? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.